--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বছৰটোৰ প্ৰথম দিনটোতেই ১৫৫ টা ভূমিকম্পই জোকাৰি গৈছিল জানপানক। পুনৰ শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে জাপানক। শেহতীয়াকৈ ৭.১ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জাপানৰ মিয়াজাকি অঞ্চলক জোকাৰি গৈছে। তেতিয়াৰ পৰা, জাপানত ৫.৫ তকৈও অধিক প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প অনুভূত হৈছে বুলি জানিব পৰা গৈছে ।

শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতেই জাপানৰ বতৰ বিজ্ঞান সংস্থাই  আন এটা প্ৰবল ভূমিকম্পৰ সতৰ্কবাণী জাৰি কৰিছে, যাক "নানকাই ট্ৰাফ ভূমিকম্প"  বুলি অভিহিত কৰিছে। এই জৰুৰীকালীন বুলেটিনৰ পিছতে, জাপান চৰকাৰে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে আৰু নাগৰিকসকলক ভূমিকম্পৰ সন্মুখীন  হ'বৰ বাবে প্ৰস্তুত থাকিবলৈ আহ্বান জনায়। টি এম জি ৰ পৰামৰ্শদাতাই  কয় যে  যদি  ডাঙৰ ভূমিকম্প আহে তেন্তে ট'কিঅ'ত ৬ বা তাতকৈ কম প্ৰাবল্যৰ ভূমিকম্পই  ক্ষতি সাধন কৰিব পাৰে লগতে চুনামি অহাৰ সম্ভাৱনাও ব্যক্ত কৰে যি দ্বীপ অঞ্চলবোৰক প্ৰভাৱিত কৰিব পাৰে।

এনে জৰুৰীকালীন অৱস্থাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কাজাখস্তান, উজবেকিস্তান আৰু মঙ্গোলিয়ালৈ তেওঁৰ চাৰিদিনীয়া ভ্ৰমণ বাতিল কৰিছে। ইফালে, জাপানত থকা ভাৰতীয় দূতাবাসেও তাত বাস কৰা  ভাৰতীয় নাগৰিক সকলক জাপানী কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা সতৰ্কবাণী আৰু নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান  জনাইছে।

ইয়াৰ পূৰ্বেও জাপানে এনে প্ৰবল ভূমিকম্প আৰু চুনামিৰ সাক্ষী হৈ ৰৈছে। জাপান ভূমিকম্প প্ৰৱণ হোৱা বাবে  দেশখনত  ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ কমাবৰ বাবে কঠোৰ নিয়ম বলৱৎ কৰা আছে, যাতে অট্টালিকাসমূহ ভূমিকম্পৰ প্ৰবল জোকাৰণি সহ্য কৰিব পাৰকৈ নিৰ্মাণ  কৰাৰ লগতে জৰুৰীকালীন অৱস্থাত  বিনা প্ৰতিবন্ধকতাৰে অট্টালিকাৰ পৰা উলাই আহিব পৰাকৈ অট্টালিকাসমূহত বিশেষ ধৰণৰ লিফ্টৰ সংযোজন ঘটোৱাৰ লগতে নিয়মিতভাৱে জৰুৰীকালীন অৱস্থাত ল'ব লগা সাৱধানতৰ অনুশীলন কৰে। যাতে জৰুৰীকালীন অৱস্থাত কম পৰিমাণে ক্ষয়-ক্ষতি হয় আৰু সহজে নিজৰ জীৱন ৰক্ষা কৰিব পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক