--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বছৰটোৰ প্ৰথম দিনটোতেই ১৫৫ টা ভূমিকম্পই জোকাৰি গৈছিল জানপানক। পুনৰ শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে জাপানক। শেহতীয়াকৈ ৭.১ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জাপানৰ মিয়াজাকি অঞ্চলক জোকাৰি গৈছে। তেতিয়াৰ পৰা, জাপানত ৫.৫ তকৈও অধিক প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প অনুভূত হৈছে বুলি জানিব পৰা গৈছে ।

শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতেই জাপানৰ বতৰ বিজ্ঞান সংস্থাই  আন এটা প্ৰবল ভূমিকম্পৰ সতৰ্কবাণী জাৰি কৰিছে, যাক "নানকাই ট্ৰাফ ভূমিকম্প"  বুলি অভিহিত কৰিছে। এই জৰুৰীকালীন বুলেটিনৰ পিছতে, জাপান চৰকাৰে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে আৰু নাগৰিকসকলক ভূমিকম্পৰ সন্মুখীন  হ'বৰ বাবে প্ৰস্তুত থাকিবলৈ আহ্বান জনায়। টি এম জি ৰ পৰামৰ্শদাতাই  কয় যে  যদি  ডাঙৰ ভূমিকম্প আহে তেন্তে ট'কিঅ'ত ৬ বা তাতকৈ কম প্ৰাবল্যৰ ভূমিকম্পই  ক্ষতি সাধন কৰিব পাৰে লগতে চুনামি অহাৰ সম্ভাৱনাও ব্যক্ত কৰে যি দ্বীপ অঞ্চলবোৰক প্ৰভাৱিত কৰিব পাৰে।

এনে জৰুৰীকালীন অৱস্থাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কাজাখস্তান, উজবেকিস্তান আৰু মঙ্গোলিয়ালৈ তেওঁৰ চাৰিদিনীয়া ভ্ৰমণ বাতিল কৰিছে। ইফালে, জাপানত থকা ভাৰতীয় দূতাবাসেও তাত বাস কৰা  ভাৰতীয় নাগৰিক সকলক জাপানী কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা সতৰ্কবাণী আৰু নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান  জনাইছে।

ইয়াৰ পূৰ্বেও জাপানে এনে প্ৰবল ভূমিকম্প আৰু চুনামিৰ সাক্ষী হৈ ৰৈছে। জাপান ভূমিকম্প প্ৰৱণ হোৱা বাবে  দেশখনত  ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ কমাবৰ বাবে কঠোৰ নিয়ম বলৱৎ কৰা আছে, যাতে অট্টালিকাসমূহ ভূমিকম্পৰ প্ৰবল জোকাৰণি সহ্য কৰিব পাৰকৈ নিৰ্মাণ  কৰাৰ লগতে জৰুৰীকালীন অৱস্থাত  বিনা প্ৰতিবন্ধকতাৰে অট্টালিকাৰ পৰা উলাই আহিব পৰাকৈ অট্টালিকাসমূহত বিশেষ ধৰণৰ লিফ্টৰ সংযোজন ঘটোৱাৰ লগতে নিয়মিতভাৱে জৰুৰীকালীন অৱস্থাত ল'ব লগা সাৱধানতৰ অনুশীলন কৰে। যাতে জৰুৰীকালীন অৱস্থাত কম পৰিমাণে ক্ষয়-ক্ষতি হয় আৰু সহজে নিজৰ জীৱন ৰক্ষা কৰিব পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?