--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে সংখ্যালঘু হিন্দুলোকসকল আক্ৰমণৰ বলি হৈছে। মৌলবাদীসকলে হিন্দু মন্দিৰত আক্ৰমণ চলায়। তেওঁলোকৰ ঘৰবোৰতো লুটপাত কৰি জুই লগোৱা হৈছিল। হিংসাৰ ভয়ত বৃহৎ সংখ্যক হিন্দুলোকে সকলো এৰি সীমান্ত অঞ্চলৰ দিশে গতি কৰিছে।

বাংলাদেশৰ হিন্দু জাগৰণ মঞ্চই শুকুৰবাৰে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণ, অগ্নিসংযোগ আৰু লুণ্ঠনৰ বিৰুদ্ধে এক বৃহৎ বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাজধানী ঢাকাৰ শ্বাহবাগত হাজাৰ হাজাৰ হিন্দু লোক সমবেত হৈ দেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা হিংসাৰ বিৰুদ্ধে মাত মাতে। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ বন্ধ আছিল শ্বাহবাগ ছেক্সন। এই সমাৱেশৰ আয়োজকসকলে শেহতীয়াকৈ হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰে। 

ৰেলীত ভাষণ দি এজনে কয়, ‘আমি এই দেশতে জন্ম লৈছো। এই দেশ সকলোৰে। হিন্দুৱে দেশ এৰি নাযায়। এইখনে আমাৰ পূৰ্বপুৰুষৰ জন্মভূমিও। আমি ইয়ালৈ উৰি অহা নাছিলো। এইখন কাৰো পিতৃৰ দেশ নহয়। এইখন কাৰো স্বামীৰ দেশ নহয়। আমি এই দেশ এৰি নাযাওঁ। তেওঁ আকৌ ক’লে, ‘মই মৰিলেও মোৰ এই জন্মস্থান এৰি নাযাওঁ।’ 

বিয়লি প্ৰায় ৩ বজাত ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ সন্মুখত সমবেত হৈ শ্বাহবাগ ছেক্সনলৈ পদযাত্ৰা কৰে হিন্দু প্ৰতিবাদকাৰীয়ে। শ্বাহবাগ ছেক্সনত তেওঁলোকৰ সংখ্যা আছিল হাজাৰ হাজাৰ। এই সমাৱেশৰ সময়ত হিন্দু সমাজে চাৰিটা দফাৰ দাবী উত্থাপন কৰে- সংখ্যালঘু মন্ত্ৰালয় স্থাপন, সংখ্যালঘু সুৰক্ষা আয়োগ গঠন, সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰণয়ন আৰু সংখ্যালঘুৰ বাবে ১০ শতাংশ সংসদীয় আসন আবণ্টন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক