--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে সংখ্যালঘু হিন্দুলোকসকল আক্ৰমণৰ বলি হৈছে। মৌলবাদীসকলে হিন্দু মন্দিৰত আক্ৰমণ চলায়। তেওঁলোকৰ ঘৰবোৰতো লুটপাত কৰি জুই লগোৱা হৈছিল। হিংসাৰ ভয়ত বৃহৎ সংখ্যক হিন্দুলোকে সকলো এৰি সীমান্ত অঞ্চলৰ দিশে গতি কৰিছে।

বাংলাদেশৰ হিন্দু জাগৰণ মঞ্চই শুকুৰবাৰে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণ, অগ্নিসংযোগ আৰু লুণ্ঠনৰ বিৰুদ্ধে এক বৃহৎ বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাজধানী ঢাকাৰ শ্বাহবাগত হাজাৰ হাজাৰ হিন্দু লোক সমবেত হৈ দেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা হিংসাৰ বিৰুদ্ধে মাত মাতে। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ বন্ধ আছিল শ্বাহবাগ ছেক্সন। এই সমাৱেশৰ আয়োজকসকলে শেহতীয়াকৈ হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰে। 

ৰেলীত ভাষণ দি এজনে কয়, ‘আমি এই দেশতে জন্ম লৈছো। এই দেশ সকলোৰে। হিন্দুৱে দেশ এৰি নাযায়। এইখনে আমাৰ পূৰ্বপুৰুষৰ জন্মভূমিও। আমি ইয়ালৈ উৰি অহা নাছিলো। এইখন কাৰো পিতৃৰ দেশ নহয়। এইখন কাৰো স্বামীৰ দেশ নহয়। আমি এই দেশ এৰি নাযাওঁ। তেওঁ আকৌ ক’লে, ‘মই মৰিলেও মোৰ এই জন্মস্থান এৰি নাযাওঁ।’ 

বিয়লি প্ৰায় ৩ বজাত ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ সন্মুখত সমবেত হৈ শ্বাহবাগ ছেক্সনলৈ পদযাত্ৰা কৰে হিন্দু প্ৰতিবাদকাৰীয়ে। শ্বাহবাগ ছেক্সনত তেওঁলোকৰ সংখ্যা আছিল হাজাৰ হাজাৰ। এই সমাৱেশৰ সময়ত হিন্দু সমাজে চাৰিটা দফাৰ দাবী উত্থাপন কৰে- সংখ্যালঘু মন্ত্ৰালয় স্থাপন, সংখ্যালঘু সুৰক্ষা আয়োগ গঠন, সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰণয়ন আৰু সংখ্যালঘুৰ বাবে ১০ শতাংশ সংসদীয় আসন আবণ্টন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?