--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ আগমূহুৰ্তত শ্বেখ হাছিনাই বাংলাদেশৰ জনসাধাৰণক উদ্দেশ্যি কি ক’ব বিছাৰিছিল৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত বিশেষ বিমানেৰে দিল্লীলৈ পলায়ন কৰা শ্বেখ হাছিনাই দেশবাসীক   উদ্দেশ্যি ভাষণ দিব বিচাৰিছিল, পৰিস্থিতি গভীৰ সংকতজনক অৱস্থলৈ পৰ্যবসিত হোৱাত দেশ এৰি যোৱাটোৱেই উত্তম বুলি ভাবিছিল হাছিনাই। সাম্প্ৰতি পোহৰলৈ আহিছে দেশবাসীক দিব বিছৰা শ্বেখ হাচিনাৰ মনৰ বতৰা। 

প্ৰকাশিত তথ্য অনুসৰি শ্বেখ হাছিনাই এইদৰে কয় ‘মই পদত্যাগ কৰিলোঁ যাতে মই মৃতদেহৰ শোভাযাত্ৰা চাব নালাগে। ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ওপৰত ভৰিতুলি ক্ষমতালৈ আহিব বিচাৰিছে তেওঁলোকে, কিন্তু মই অনুমতি নিদিলোঁ। মই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলোঁ।মই ক্ষমতাত থাকিব পৰা হ’লে, চেণ্ট মাৰ্টিন দ্বীপৰ সাৰ্বভৌমত্ব আত্মসমৰ্পণ কৰি আমেৰিকাক বংগোপসাগৰৰ ওপৰত ক্ষমতা দখল কৰিবলৈ দিলোহেঁতেন।  মই মোৰ দেশৰ জনসাধাৰণক অনুৰোধ কৰিছো অনুগ্ৰহ কৰি উগ্ৰপন্থীৰ প্ৰৰোচনাত নাহিব।
'বাংলাদেশৰ আটাইতকৈ দক্ষিণ অংশ, মাত্ৰ ৩ বৰ্গ কিলোমিটাৰ আয়তনৰ চেণ্ট মাৰ্টিন দ্বীপটো বংগোপসাগৰৰ উত্তৰ-পূব অংশত অৱস্থিত।

তেওঁ অৰু কয় যে ‘মই যদি দেশ ত্যাগ নকৰা হ’লে আৰু অধিক প্ৰাণৰ সংশয় হ’লহেঁতেন । মই নিজকে আঁতৰাই ৰাখিছোঁ। তেওঁলোক মোৰ শক্তি আছিল, এতিয়া তেওঁলোকে মোক বিচৰা নাই, গতিকে মই আঁতৰি আহিছো৷’ শ্বেখ হাচিনাই তেওঁৰ দলক উদ্দেশ্য কৰি কয় যে ‘আৱামি লীগৰ সূৰ্য পুনৰ উদয় হ’ব।নিৰাশ হ’ব নালাগে। মই সোনকালে উভতি আহিম। মই হাৰিছো কিন্তু বাংলাদেশৰ জনসাধাৰণৰ জয় হৈছে, যিসকল লোকৰ বাবে মোৰ পিতৃ, মোৰ পৰিয়ালে ত্যাগ স্বীকাৰ কৰি গৈছে।’

ৰাজাকাৰৰ ওপৰত কৰা মন্তব্যৰ স্পষ্টিকৰণ কৰি হাছিনাই এই দৰে কয় ‘মই দেশ ত্যাগ নকৰা হ'লে অধিক সম্পদ ধ্বংস আৰু  প্ৰাণহানি হ'লহেঁতেন। মই দেশ ত্যাগ কৰাটো মোৰ বাবে অত্যন্ত কঠিন সিদ্ধান্ত আছিল। মই আপোনাৰ নেতা হৈ পৰিছিলো কাৰণ আপুনি মোক বাছি লৈছিল, আপানালোক মোৰ শক্তি আছিল৷’ আৰু লগতে কয় যে আৱামি লীগৰ নেতাসকলক লক্ষ্য কৰি লোৱাৰ বাবে যন্ত্ৰণাত ভুগিছে ​​আৰু তেওঁ ‘শীঘ্ৰে ঘূৰি আহিব’।বাংলাদেশৰ ভৱিষ্যতৰ বাবে মই চিৰদিনৰ বাবে প্ৰাৰ্থনা কৰিযাম।’

লগতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক তেওঁ কেতিয়াও ৰাজাকাৰ আখ্যা দিয়া নাছিল বুলি স্পষ্টিকৰণ কৰে। প্ৰতিবাদৰ সময়ত দিয়া এটা বক্তব্যত শ্বেখ হাছিনাই কৈছিল যে, ‘যদি স্বাধীনতা সংগ্ৰামীৰ নাতি-নাতিনীয়ে কোটাৰ সুবিধা নাপায়, তেন্তে কোটাৰ সুবিধা কোনে পাব? 'ৰাজাকাৰ'ৰ নাতি-নাতিনীয়ে পাব ?’ ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানী সেনাই নিযুক্তি দিয়া অৰ্ধসামৰিক বাহিনীক বুজাবলৈ ব্যৱহাৰ কৰা এই শব্দটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তুলিছিল। 
দেশবাসীৰ বাবে দিয়া ভাষণটোত আৱামি লীগৰ নেত্ৰীগৰাকীয়ে কয় যে, ‘মই আপোনালোকক কেতিয়াও ৰাজাকাৰ আখ্যা দিয়া নাই। বৰঞ্চ মোৰ বিৰুদ্ধে পোনালোকক উচটনি দিবলৈ মোৰ কথাবোৰ বিকৃত কৰা হৈছিল। মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিছো।’ 

বাংলাদেশৰ পৰিস্থিতি আজিও সুস্থিৰ অৱস্থালৈ অহা নাই। এনে পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনা প্ৰত্যাৱৰ্তন কিমান দূৰ সম্ভৱ সেয়া সময়ে নিৰ্ধাৰণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক