--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৫০ চনত দেশৰ প্ৰথমটো গণৰাজ্য দিৱস পালন কৰা হয়। যেতিয়া ড°ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰিছিল। দেশত চলিত বৰ্ষত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। ২৬ জানুৱাৰীৰ দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে অতি বিশেষ। এই দিনটোৱে ভাৰতীয় নাগৰিকে গণতান্ত্ৰিকভাৱে নিজৰ চৰকাৰ বাছি লোৱাৰ ক্ষমতাক সূচায়। ভাৰতৰ ইতিহাসত এই দিনটো বহু দিশত গুৰুত্বপূৰ্ণ। এই কাৰণেই সমগ্ৰ দেশতে এই দিৱস অতি উৎসাহেৰে পালন কৰা হয়।

২০২৩ চনৰ ২৬ জানুৱাৰীত এইবাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। কিন্তু ২৬ জানুৱাৰীতহে গণৰাজ্য দিৱস কিয় পালন কৰা হয় জানেনে? ইয়াৰ ইতিহাস কি? তলৰ দহটা পইণ্টৰ জৰিয়তে সবিশেষ জানো আহক: 

১) ১৯৫০ চনত দেশত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোতে ড° ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰে।

২) ১৯৪৭ চনত ব্ৰিটিছ ৰাজৰ পৰা দেশখনে স্বাধীনতা লাভ কৰিছিল যদিও ইয়াৰ নিজা সংবিধান নাছিল। ভাৰতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান লাভ কৰে।

৩) সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ নেতৃত্বত আছিল ড° বি আৰ আম্বেদকাৰ। এই দিনটোত দেশখনক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল, গতিকে এই দিৱস গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

৪) ২২টা ভাগত বিভক্ত ৪৪৪টা অনুচ্ছেদ, আৰু আজিলৈকে ১১৮টা সংশোধনীৰে ১২টা অনুসূচীৰে ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰতে দীঘলীয়া সংবিধান।

৫) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত কৰি ১৯৫০ চনৰ পৰা বলবৎ হয়।

৬) ১৯৫০ চনত ইৰউইন এম্ফিথিয়েটাৰ (বৰ্তমান মেজৰ ধ্যান চান্দ ষ্টেডিয়াম)ত প্ৰথম গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠিত হৈছিল। য’ত তিনি হাজাৰ ভাৰতীয় সামৰিক জোৱান আৰু ১০০ খনতকৈও অধিক বিমানে অংশগ্ৰহণ কৰিছিল।

৭) ৰাজপথত প্ৰথমখন পেৰেড অনুষ্ঠিত হৈছিল ১৯৫৫ চনত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মালিক গুলাম মহম্মদ মুখ্য অতিথি হিচাপে আহিছিল।

৮) ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ ডমিনিয়ন মৰ্যাদাৰ বিৰোধিতা কৰি পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰে। এইদৰে ভাৰতৰ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰা হ’ল।

৯) প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এটা বিশেষ জাতিৰ এজন নেতাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো ১৯৫০ চনত ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা প্ৰথমজন মুখ্য অতিথি আছিল। এই পদযাত্ৰাত অংশগ্ৰহণ কৰা সেনাবাহিনীৰ প্ৰতিজন সদস্যই চাৰিটা স্তৰৰ পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হয়, আনকি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ ব্যাপকভাৱে পৰিদৰ্শন কৰি সজীৱ গুলী কঢ়িয়াই নিয়া নহয় নেকি সেয়া নিশ্চিত কৰা হয়।

১০) প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ২১ বন্দুকৰ গুলীৰে চেলুট কৰা হয়। গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ বিপৰীতে স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে