--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৫০ চনত দেশৰ প্ৰথমটো গণৰাজ্য দিৱস পালন কৰা হয়। যেতিয়া ড°ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰিছিল। দেশত চলিত বৰ্ষত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। ২৬ জানুৱাৰীৰ দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে অতি বিশেষ। এই দিনটোৱে ভাৰতীয় নাগৰিকে গণতান্ত্ৰিকভাৱে নিজৰ চৰকাৰ বাছি লোৱাৰ ক্ষমতাক সূচায়। ভাৰতৰ ইতিহাসত এই দিনটো বহু দিশত গুৰুত্বপূৰ্ণ। এই কাৰণেই সমগ্ৰ দেশতে এই দিৱস অতি উৎসাহেৰে পালন কৰা হয়।

২০২৩ চনৰ ২৬ জানুৱাৰীত এইবাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। কিন্তু ২৬ জানুৱাৰীতহে গণৰাজ্য দিৱস কিয় পালন কৰা হয় জানেনে? ইয়াৰ ইতিহাস কি? তলৰ দহটা পইণ্টৰ জৰিয়তে সবিশেষ জানো আহক: 

১) ১৯৫০ চনত দেশত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোতে ড° ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰে।

২) ১৯৪৭ চনত ব্ৰিটিছ ৰাজৰ পৰা দেশখনে স্বাধীনতা লাভ কৰিছিল যদিও ইয়াৰ নিজা সংবিধান নাছিল। ভাৰতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান লাভ কৰে।

৩) সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ নেতৃত্বত আছিল ড° বি আৰ আম্বেদকাৰ। এই দিনটোত দেশখনক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল, গতিকে এই দিৱস গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

৪) ২২টা ভাগত বিভক্ত ৪৪৪টা অনুচ্ছেদ, আৰু আজিলৈকে ১১৮টা সংশোধনীৰে ১২টা অনুসূচীৰে ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰতে দীঘলীয়া সংবিধান।

৫) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত কৰি ১৯৫০ চনৰ পৰা বলবৎ হয়।

৬) ১৯৫০ চনত ইৰউইন এম্ফিথিয়েটাৰ (বৰ্তমান মেজৰ ধ্যান চান্দ ষ্টেডিয়াম)ত প্ৰথম গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠিত হৈছিল। য’ত তিনি হাজাৰ ভাৰতীয় সামৰিক জোৱান আৰু ১০০ খনতকৈও অধিক বিমানে অংশগ্ৰহণ কৰিছিল।

৭) ৰাজপথত প্ৰথমখন পেৰেড অনুষ্ঠিত হৈছিল ১৯৫৫ চনত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মালিক গুলাম মহম্মদ মুখ্য অতিথি হিচাপে আহিছিল।

৮) ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ ডমিনিয়ন মৰ্যাদাৰ বিৰোধিতা কৰি পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰে। এইদৰে ভাৰতৰ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰা হ’ল।

৯) প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এটা বিশেষ জাতিৰ এজন নেতাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো ১৯৫০ চনত ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা প্ৰথমজন মুখ্য অতিথি আছিল। এই পদযাত্ৰাত অংশগ্ৰহণ কৰা সেনাবাহিনীৰ প্ৰতিজন সদস্যই চাৰিটা স্তৰৰ পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হয়, আনকি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ ব্যাপকভাৱে পৰিদৰ্শন কৰি সজীৱ গুলী কঢ়িয়াই নিয়া নহয় নেকি সেয়া নিশ্চিত কৰা হয়।

১০) প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ২১ বন্দুকৰ গুলীৰে চেলুট কৰা হয়। গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ বিপৰীতে স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই