--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন দস্যু ৰত্নাকৰৰ কাহিনীহে! দস্যু ৰত্নাকৰে আদিকবি বাল্মীকি হোৱাৰ দৰেই তীব্ৰ দেশপ্ৰেমী হৈ পৰিল এজন সন্ত্ৰাসবাদী। কাশ্মীৰৰ অন্যতম বিপদজনক উগ্ৰপন্থী হিচাপে পৰিচিত হৈ পৰিছিল শ্বেৰ খান৷ শ্বেৰ খানে ভাৰত চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হাতত লৈছিল৷

কিন্তু এতিয়া তেওঁ উগ্ৰপন্থাৰ পৰা আঁতৰি আহিছে তেওঁ। ভাৰতবিৰোধীতাৰ সলনি তীব্ৰভাৱে দেশপ্ৰেমী হৈ উঠিছে শ্বেৰ খান৷ সেয়ে এইবাৰ গণৰাজ্য দিৱসত প্ৰাক্তন উগ্ৰপন্থী শ্বেৰ খানক নিজা ঘৰত ত্ৰিৰংগা উত্তোলন কৰা দেখা গৈছে৷ ত্ৰিৰংগা উত্তোলন কৰি প্ৰাক্তন উগ্ৰপন্থীজনে কৈছে যে তেওঁ দেশৰ বাবে নিজৰ জীৱন পৰ্যন্ত দান কৰিব বিচাৰে৷

তেওঁ এসময়ত হুজি অৰ্থাৎ হৰকত-উল-জিহাদ-উল-ইছলামী উগ্ৰপন্থী গোটৰ সদস্য আছিল। ১৯৯৮ চনৰ পৰা ২০০৬ চনলৈ তেওঁ নিজৰ জিলাত মাৰাত্মক সন্ত্ৰাসবাদী হৈ পৰিছিল। তাৰ পিছত তেওঁ ধৰা পৰিছিল আৰু প্ৰায় ১৩ বছৰ কাৰাগাৰত কটাইছিল। অৱশেষত তেওঁক ২০১৯ চনত মুক্তি দিয়া হৈছিল।

তাৰ পিছৰে পৰাই জীৱন সলনি হয় শ্বেৰ খানৰ। তেওঁ  মূলসুঁতিলৈ ঘূৰি আহিছিল। বৰ্তমান শ্বেৰ খান তেওঁৰ দ্বিতীয় পত্নী শ্বাহিনা আৰু দুই কন্যা সুমাইয়া আৰু খলিফা বানোৰ সৈতে বাস কৰে।

বৃহস্পতিবাৰে তেওঁৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোতে তেওঁক কোৱা শুনা যায়- "মই তিনি বছৰ আগতে কাৰাগাৰৰ পৰা মুকলি হৈছিলোঁ। তেতিয়াৰ পৰা মই গণৰাজ্য দিৱস পালন কৰি আহিছোে৷’’

শ্বেৰ খানৰ প্ৰথম পত্নী পাৰবীনা আৰু ২০ বছৰীয়া পুত্ৰ মুছাফিৰে তেওঁক এৰি গৈছিল। জীৱনৰ সেই অধ্যায়টোৰ কথা ভাবি তেওঁ এতিয়াও হতাশাগ্ৰস্ত হয়। তেওঁ দাবী কৰে উগ্ৰপন্থা বাচি লৈ  তেওঁ কেৱল নিজৰ জীৱনেই নহয়, তেওঁৰ পৰিয়ালকো ধ্বংস কৰিছিল। এতিয়া সেয়ে মূলসুঁতিলৈ ঘূৰি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু