--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন দস্যু ৰত্নাকৰৰ কাহিনীহে! দস্যু ৰত্নাকৰে আদিকবি বাল্মীকি হোৱাৰ দৰেই তীব্ৰ দেশপ্ৰেমী হৈ পৰিল এজন সন্ত্ৰাসবাদী। কাশ্মীৰৰ অন্যতম বিপদজনক উগ্ৰপন্থী হিচাপে পৰিচিত হৈ পৰিছিল শ্বেৰ খান৷ শ্বেৰ খানে ভাৰত চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হাতত লৈছিল৷

কিন্তু এতিয়া তেওঁ উগ্ৰপন্থাৰ পৰা আঁতৰি আহিছে তেওঁ। ভাৰতবিৰোধীতাৰ সলনি তীব্ৰভাৱে দেশপ্ৰেমী হৈ উঠিছে শ্বেৰ খান৷ সেয়ে এইবাৰ গণৰাজ্য দিৱসত প্ৰাক্তন উগ্ৰপন্থী শ্বেৰ খানক নিজা ঘৰত ত্ৰিৰংগা উত্তোলন কৰা দেখা গৈছে৷ ত্ৰিৰংগা উত্তোলন কৰি প্ৰাক্তন উগ্ৰপন্থীজনে কৈছে যে তেওঁ দেশৰ বাবে নিজৰ জীৱন পৰ্যন্ত দান কৰিব বিচাৰে৷

তেওঁ এসময়ত হুজি অৰ্থাৎ হৰকত-উল-জিহাদ-উল-ইছলামী উগ্ৰপন্থী গোটৰ সদস্য আছিল। ১৯৯৮ চনৰ পৰা ২০০৬ চনলৈ তেওঁ নিজৰ জিলাত মাৰাত্মক সন্ত্ৰাসবাদী হৈ পৰিছিল। তাৰ পিছত তেওঁ ধৰা পৰিছিল আৰু প্ৰায় ১৩ বছৰ কাৰাগাৰত কটাইছিল। অৱশেষত তেওঁক ২০১৯ চনত মুক্তি দিয়া হৈছিল।

তাৰ পিছৰে পৰাই জীৱন সলনি হয় শ্বেৰ খানৰ। তেওঁ  মূলসুঁতিলৈ ঘূৰি আহিছিল। বৰ্তমান শ্বেৰ খান তেওঁৰ দ্বিতীয় পত্নী শ্বাহিনা আৰু দুই কন্যা সুমাইয়া আৰু খলিফা বানোৰ সৈতে বাস কৰে।

বৃহস্পতিবাৰে তেওঁৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোতে তেওঁক কোৱা শুনা যায়- "মই তিনি বছৰ আগতে কাৰাগাৰৰ পৰা মুকলি হৈছিলোঁ। তেতিয়াৰ পৰা মই গণৰাজ্য দিৱস পালন কৰি আহিছোে৷’’

শ্বেৰ খানৰ প্ৰথম পত্নী পাৰবীনা আৰু ২০ বছৰীয়া পুত্ৰ মুছাফিৰে তেওঁক এৰি গৈছিল। জীৱনৰ সেই অধ্যায়টোৰ কথা ভাবি তেওঁ এতিয়াও হতাশাগ্ৰস্ত হয়। তেওঁ দাবী কৰে উগ্ৰপন্থা বাচি লৈ  তেওঁ কেৱল নিজৰ জীৱনেই নহয়, তেওঁৰ পৰিয়ালকো ধ্বংস কৰিছিল। এতিয়া সেয়ে মূলসুঁতিলৈ ঘূৰি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক