--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশে পালন কৰিছে  ৭৫ সংখ্যক গণৰাজ্য দিৱস।  ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ সময়তে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি যেন  কৰ্তব্যপথলৈ  পুনৰ উভতি আহিল। ৪০ বছৰৰ ব্যৱধানৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ঘোঁৰাই টনা  গাড়ী এখনত  উঠি গণৰাজ্য  দিৱসৰ কুচকাৱাজত উপস্থিত হয়।

ৰাষ্ট্ৰপতি মুৰ্মুৱে  শুক্ৰবাৰে পুৱা এখন  পৰম্পৰাগত ঘোঁৰা গাড়ীত উঠি  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত উপস্থিত হয় । তেওঁৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন মুখ্য অতিথি হিচাপে আছিল। পৰম্পৰা ৰক্ষা  কৰি  ৰঙা পোছাক পিন্ধা ৰক্ষীয়ে তেওঁলোকক মঞ্চলৈ আদৰি নিয়ে। ইয়াৰ পিছত ২১ টা টোপধ্বনিৰে গণৰাজড্য দিৱসৰ  কুচকাৱাজ আৰু অভিবাদন কাৰ্যসূচী আৰম্ভ হয়। উল্লেখ্য ১৯৮৪  চনলৈকে ঘোঁৰাৰ গাড়ীত উঠিয়েই ৰাষ্ট্ৰপতিয়ে  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত উপস্থিত হৈছিল । 

কিন্তু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত  ঘোঁৰাৰ গাড়ীৰ ব্যৱহাৰ  বন্ধ কৰি দিয়া হয়। নিৰাপত্তাৰ কথা মনত ৰাখিয়েই  এই সিদ্ধান্ত লোৱা হৈছিল। তেতিয়াৰে  পৰা  ৰাষ্ট্ৰপতিয়ে  গাড়ীত  উঠিয়েই অনুষ্ঠানলৈ আহি আছে।  ব্ৰিটিছ যুগত ভাইচৰয়সকলে ব্যৱহাৰ কৰা ঘোঁৰাৰ  গাড়ীবোৰ ১৯৮৪ চনৰ পৰাই  এনেয়ে পৰি আছিল। কিন্তু দীঘলীয়া ৪০  বছৰৰ পিছত  পুৰণি পৰম্পৰা পুনৰ মোদীৰ দিনত উভতি আহিছে।  

ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী আৰ্হিৰ পোছাক পৰিধান কৰে। তেওঁক বগা চোলা আৰু মুগা জৌহাৰ কোটৰ সৈতে বান্ধনী পাগুৰি   পিন্ধা দেখা গৈছিল। । মোদীয়ে  স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত পাগুৰি পিন্ধি আহিছে। বিভিন্ন ৰাজ্যৰ পাগুৰি পিন্ধি তেওঁ বৈচিত্ৰ্যৰ মাজত একতাৰ বাৰ্তা বিয়পাই আহিছে। উদাহৰণ স্বৰূপে তেওঁ ৭৪ সংখ্যক  গণৰাজ্য দিৱসত ৰাজস্থানী পাগুৰী  পিন্ধিছিল। এইবাৰ তেওঁ গুজৰাটৰ পাগুৰি পিন্ধিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান