--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশে পালন কৰিছে  ৭৫ সংখ্যক গণৰাজ্য দিৱস।  ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ সময়তে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি যেন  কৰ্তব্যপথলৈ  পুনৰ উভতি আহিল। ৪০ বছৰৰ ব্যৱধানৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ঘোঁৰাই টনা  গাড়ী এখনত  উঠি গণৰাজ্য  দিৱসৰ কুচকাৱাজত উপস্থিত হয়।

ৰাষ্ট্ৰপতি মুৰ্মুৱে  শুক্ৰবাৰে পুৱা এখন  পৰম্পৰাগত ঘোঁৰা গাড়ীত উঠি  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত উপস্থিত হয় । তেওঁৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন মুখ্য অতিথি হিচাপে আছিল। পৰম্পৰা ৰক্ষা  কৰি  ৰঙা পোছাক পিন্ধা ৰক্ষীয়ে তেওঁলোকক মঞ্চলৈ আদৰি নিয়ে। ইয়াৰ পিছত ২১ টা টোপধ্বনিৰে গণৰাজড্য দিৱসৰ  কুচকাৱাজ আৰু অভিবাদন কাৰ্যসূচী আৰম্ভ হয়। উল্লেখ্য ১৯৮৪  চনলৈকে ঘোঁৰাৰ গাড়ীত উঠিয়েই ৰাষ্ট্ৰপতিয়ে  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত উপস্থিত হৈছিল । 

কিন্তু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত  ঘোঁৰাৰ গাড়ীৰ ব্যৱহাৰ  বন্ধ কৰি দিয়া হয়। নিৰাপত্তাৰ কথা মনত ৰাখিয়েই  এই সিদ্ধান্ত লোৱা হৈছিল। তেতিয়াৰে  পৰা  ৰাষ্ট্ৰপতিয়ে  গাড়ীত  উঠিয়েই অনুষ্ঠানলৈ আহি আছে।  ব্ৰিটিছ যুগত ভাইচৰয়সকলে ব্যৱহাৰ কৰা ঘোঁৰাৰ  গাড়ীবোৰ ১৯৮৪ চনৰ পৰাই  এনেয়ে পৰি আছিল। কিন্তু দীঘলীয়া ৪০  বছৰৰ পিছত  পুৰণি পৰম্পৰা পুনৰ মোদীৰ দিনত উভতি আহিছে।  

ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী আৰ্হিৰ পোছাক পৰিধান কৰে। তেওঁক বগা চোলা আৰু মুগা জৌহাৰ কোটৰ সৈতে বান্ধনী পাগুৰি   পিন্ধা দেখা গৈছিল। । মোদীয়ে  স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত পাগুৰি পিন্ধি আহিছে। বিভিন্ন ৰাজ্যৰ পাগুৰি পিন্ধি তেওঁ বৈচিত্ৰ্যৰ মাজত একতাৰ বাৰ্তা বিয়পাই আহিছে। উদাহৰণ স্বৰূপে তেওঁ ৭৪ সংখ্যক  গণৰাজ্য দিৱসত ৰাজস্থানী পাগুৰী  পিন্ধিছিল। এইবাৰ তেওঁ গুজৰাটৰ পাগুৰি পিন্ধিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু