--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ভাৰতত চিতাই  এখন  নতুন ঘৰ পাবলৈ গৈ আছে। কিছুদিন  পূৰ্বে  দুটা চিতাই একেলগে সাতটা পোৱালি জন্ম দিছিল। তাৰ পিছতে  খবৰ পোৱা গৈছিল যে চৰকাৰে ভাৰতলৈ অধিক চিতা অনাৰ পৰিকল্পনা কৰিছে। সেইবাবেই  কুনোৰ পিছত বৈকল্পিক বাসস্থানৰ ব্যৱস্থা কৰাৰ কথাও চৰকাৰে চিন্তা  কৰিছে। বিশেষ সূত্ৰ খবৰ অনুসৰি নতুন বাসস্থানৰ ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা  কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ পৰা এটা বিশেষ দল ভাৰতলৈ আহিব।

জানিব পৰা গৈছে যে মধ্য প্ৰদেশত চিতাৰ বাবে বিকল্প আৱাসৰ ব্যৱস্থা কৰা হ’ব।  চিতাবোৰ গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত ৰাখিব পাৰে বুলি জানিব পৰা গৈছে। এই অভয়াৰণ্য  ৩৬৮  বৰ্গ কিলোমিটাৰ এলেকাত বিয়পি আছে। অভয়াৰণ্যখনৰ চাৰিওফালে আৰু ২,৫০০  বৰ্গ কিলোমিটাৰ এলেকা আছে।সূত্ৰটোৱে প্ৰকাশ কৰা মতে  বন বিভাগৰ বিষয়াসকলে এই ঠাইখনক চিতাৰ প্ৰজননৰ বাবে আদৰ্শ বুলি বিবেচনা কৰিছে। দক্ষিণ আফ্ৰিকাৰ এটা প্ৰতিনিধি দলে অহা মাহত গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে। তাৰ পিছতে  ভাৰতলৈ অধিক চিতা অনাৰ বিষয়টো আলোচনা কৰা হ'ব।

সূত্ৰটোৰ  মতে  দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবোৰ গান্ধী সাগৰত থাকিব। লগতে কেইদিনমান আগতে কুনোত জন্ম হোৱা সাতটা পোৱালী অলপ ডাঙৰ হ'লে বনাঞ্চলত এৰি দিয়া হ'ব। তাৰ আগতে পোৱালীবোৰক  বতৰৰ সৈতে খাপ খুৱাই লোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। চিতাক আদৰিবলৈ গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য কমেও ৯০ শতাংশ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে। কুনোৰ পৰা  গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৬  ঘণ্টাৰ বাট।  

২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীৰ  পৰিকল্পনা অনুসৰি আফ্ৰিকাৰ কেইবাখনো দেশৰ পৰা ভাৰতলৈ চিতা অনা হৈছিল। ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা কুনো অৰণ্যলৈ আঠটা চিতা অনা হয়। ২০২৩  চনৰ ১২  ফেব্ৰুৱাৰীত  দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২ টা চিতা ভাৰতলৈ অনা হৈছিল। অৱশ্যে ইয়াৰ ভিতৰৰে  কেইবাটাও চিতাৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক