--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ভাৰতত চিতাই  এখন  নতুন ঘৰ পাবলৈ গৈ আছে। কিছুদিন  পূৰ্বে  দুটা চিতাই একেলগে সাতটা পোৱালি জন্ম দিছিল। তাৰ পিছতে  খবৰ পোৱা গৈছিল যে চৰকাৰে ভাৰতলৈ অধিক চিতা অনাৰ পৰিকল্পনা কৰিছে। সেইবাবেই  কুনোৰ পিছত বৈকল্পিক বাসস্থানৰ ব্যৱস্থা কৰাৰ কথাও চৰকাৰে চিন্তা  কৰিছে। বিশেষ সূত্ৰ খবৰ অনুসৰি নতুন বাসস্থানৰ ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা  কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ পৰা এটা বিশেষ দল ভাৰতলৈ আহিব।

জানিব পৰা গৈছে যে মধ্য প্ৰদেশত চিতাৰ বাবে বিকল্প আৱাসৰ ব্যৱস্থা কৰা হ’ব।  চিতাবোৰ গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত ৰাখিব পাৰে বুলি জানিব পৰা গৈছে। এই অভয়াৰণ্য  ৩৬৮  বৰ্গ কিলোমিটাৰ এলেকাত বিয়পি আছে। অভয়াৰণ্যখনৰ চাৰিওফালে আৰু ২,৫০০  বৰ্গ কিলোমিটাৰ এলেকা আছে।সূত্ৰটোৱে প্ৰকাশ কৰা মতে  বন বিভাগৰ বিষয়াসকলে এই ঠাইখনক চিতাৰ প্ৰজননৰ বাবে আদৰ্শ বুলি বিবেচনা কৰিছে। দক্ষিণ আফ্ৰিকাৰ এটা প্ৰতিনিধি দলে অহা মাহত গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে। তাৰ পিছতে  ভাৰতলৈ অধিক চিতা অনাৰ বিষয়টো আলোচনা কৰা হ'ব।

সূত্ৰটোৰ  মতে  দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবোৰ গান্ধী সাগৰত থাকিব। লগতে কেইদিনমান আগতে কুনোত জন্ম হোৱা সাতটা পোৱালী অলপ ডাঙৰ হ'লে বনাঞ্চলত এৰি দিয়া হ'ব। তাৰ আগতে পোৱালীবোৰক  বতৰৰ সৈতে খাপ খুৱাই লোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। চিতাক আদৰিবলৈ গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য কমেও ৯০ শতাংশ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে। কুনোৰ পৰা  গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৬  ঘণ্টাৰ বাট।  

২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীৰ  পৰিকল্পনা অনুসৰি আফ্ৰিকাৰ কেইবাখনো দেশৰ পৰা ভাৰতলৈ চিতা অনা হৈছিল। ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা কুনো অৰণ্যলৈ আঠটা চিতা অনা হয়। ২০২৩  চনৰ ১২  ফেব্ৰুৱাৰীত  দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২ টা চিতা ভাৰতলৈ অনা হৈছিল। অৱশ্যে ইয়াৰ ভিতৰৰে  কেইবাটাও চিতাৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু