--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা প্ৰায় ৮০ বছৰ পুৰণি গোচৰ৷ সেই গোচৰতেই অৱশেষত জয়ী হ’ল এগৰাকী মহিলা৷ বৰ্মান তেওঁৰ বয়স ৯৩ বছৰ৷এটা  ব্ৰিটিছ যুগৰ দুটা ফ্লেট। ব্ৰিটিছৰ আইনৰ অধীনত  সেই ফ্লেট দুটা মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়া হৈছিল৷  তাৰ পিছত ইতিহাস বহু সলনি হ'ল। ভাৰত স্বাধীন হৈছিল। অৱশ্যে, মহিলাগৰাকীয়ে তেওঁৰ প্লেট  ফ্লেটটো ঘূৰাই পোৱা নাছিল।

 ইমানৰ পিছতো কিন্তু তেওঁ হাৰি যোৱা নাছিল৷ বছৰৰ পিছত বছৰ ধৰি তেওঁ অব্যাহত ৰাখিছিল আইনী যুঁজ। এনেদৰে ৮০ টা বছৰ পাৰ হৈ গ’ল৷ অৱশেষত ধৈৰ্য্যৰ যুঁজত বৃদ্ধাগৰাকী জয়ী হ’ল৷ বৃদ্ধাগৰাকীয়ে  বিজয়ৰ মিঠা সোৱাদ পালে, কিন্তু আঠ দশকৰ পিছত। শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক দক্ষিণ মুম্বাইৰ দুটা ফ্লেট এগৰাকী ৯৩  বছৰীয়া বৃদ্ধাক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে৷

যোৱা ৮০ বছৰ ধৰি গোচৰ চলা সেই ফ্লেট   মুম্বাইৰ  ৰুবি মেনছনৰ প্ৰথম মহলাত আছে। এটাৰ আয়তন  ৫০০ বৰ্গফুট আৰু আনটো ৬০০ বৰ্গফুট। ১৯৪২ চনৰ ২৮ মাৰ্চত ব্ৰিটিছ চৰকাৰে ডিফেন্স অৱ ইণ্ডিয়া আইনৰ অধীনত ফ্লেট দুটা অধিগ্ৰহণ কৰিছিল। অৱশ্যে ১৯৪৬ চনৰ জুলাই মাহত সেয়া পুনৰ মহিলাগৰাকীক ঘূৰাই দিবলৈ  নিৰ্দেশ দিয়া হৈছিল। 

কিন্তু  এলিচ ডিচুজা নামৰ  বৃদ্ধাগৰাকীয়ে ফ্লেট দুটা ঘূৰাই পোৱা নাছিল।বৃদ্ধাগৰাকীয়ে আদালতত অভিযোগ কৰিছিল যে ফ্লেট দুটা  বৰ্তমান এজন প্ৰাক্তন চৰকাৰী বিষয়াই   দখল কৰি আছে৷ কিন্তু ফ্লেট দুটা যিহেতু তেওঁৰ, সেয়ে তেওঁ সেয়া তেওঁ ঘূৰাই বিচাৰে। অৱশেষত মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ ডি ধনুকা আৰু এম এম সাথায়ে নিৰ্দেশ দিয়ে যে মহাৰাষ্ট্ৰ চৰকাৰে তৎক্ষণাৎ দুয়োটা ফ্লেট  ৯৩ বছৰীয়া এলিচ ডিচুজাক ঘূৰাই দিব লাগিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে