--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা প্ৰায় ৮০ বছৰ পুৰণি গোচৰ৷ সেই গোচৰতেই অৱশেষত জয়ী হ’ল এগৰাকী মহিলা৷ বৰ্মান তেওঁৰ বয়স ৯৩ বছৰ৷এটা  ব্ৰিটিছ যুগৰ দুটা ফ্লেট। ব্ৰিটিছৰ আইনৰ অধীনত  সেই ফ্লেট দুটা মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়া হৈছিল৷  তাৰ পিছত ইতিহাস বহু সলনি হ'ল। ভাৰত স্বাধীন হৈছিল। অৱশ্যে, মহিলাগৰাকীয়ে তেওঁৰ প্লেট  ফ্লেটটো ঘূৰাই পোৱা নাছিল।

 ইমানৰ পিছতো কিন্তু তেওঁ হাৰি যোৱা নাছিল৷ বছৰৰ পিছত বছৰ ধৰি তেওঁ অব্যাহত ৰাখিছিল আইনী যুঁজ। এনেদৰে ৮০ টা বছৰ পাৰ হৈ গ’ল৷ অৱশেষত ধৈৰ্য্যৰ যুঁজত বৃদ্ধাগৰাকী জয়ী হ’ল৷ বৃদ্ধাগৰাকীয়ে  বিজয়ৰ মিঠা সোৱাদ পালে, কিন্তু আঠ দশকৰ পিছত। শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক দক্ষিণ মুম্বাইৰ দুটা ফ্লেট এগৰাকী ৯৩  বছৰীয়া বৃদ্ধাক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে৷

যোৱা ৮০ বছৰ ধৰি গোচৰ চলা সেই ফ্লেট   মুম্বাইৰ  ৰুবি মেনছনৰ প্ৰথম মহলাত আছে। এটাৰ আয়তন  ৫০০ বৰ্গফুট আৰু আনটো ৬০০ বৰ্গফুট। ১৯৪২ চনৰ ২৮ মাৰ্চত ব্ৰিটিছ চৰকাৰে ডিফেন্স অৱ ইণ্ডিয়া আইনৰ অধীনত ফ্লেট দুটা অধিগ্ৰহণ কৰিছিল। অৱশ্যে ১৯৪৬ চনৰ জুলাই মাহত সেয়া পুনৰ মহিলাগৰাকীক ঘূৰাই দিবলৈ  নিৰ্দেশ দিয়া হৈছিল। 

কিন্তু  এলিচ ডিচুজা নামৰ  বৃদ্ধাগৰাকীয়ে ফ্লেট দুটা ঘূৰাই পোৱা নাছিল।বৃদ্ধাগৰাকীয়ে আদালতত অভিযোগ কৰিছিল যে ফ্লেট দুটা  বৰ্তমান এজন প্ৰাক্তন চৰকাৰী বিষয়াই   দখল কৰি আছে৷ কিন্তু ফ্লেট দুটা যিহেতু তেওঁৰ, সেয়ে তেওঁ সেয়া তেওঁ ঘূৰাই বিচাৰে। অৱশেষত মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ ডি ধনুকা আৰু এম এম সাথায়ে নিৰ্দেশ দিয়ে যে মহাৰাষ্ট্ৰ চৰকাৰে তৎক্ষণাৎ দুয়োটা ফ্লেট  ৯৩ বছৰীয়া এলিচ ডিচুজাক ঘূৰাই দিব লাগিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল