--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নামটো ভোটাৰ তালিকাত নাছিল। গতিকে ছত্তীশগড়ৰ নবৈৰ উৰ্ধৰ বৃদ্ধজনে ইমান দিনে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিছিল। অৱশেষত ভোটাৰ তালিকা সংশোধন কৰিবলৈ যাওঁতে এই বিষয়টো ভোটগ্ৰহণ কৰ্মীসকলৰ দৃষ্টিগোচৰ হয়।

ভোটাৰ তালিকাত ৯৩ বছৰত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে শ্বেৰ সিং হেডকোৰ নাম। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বতৰ চলি আছে। জীৱনত প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ পূৰ্বে বৃদ্ধজন উৎফুল্লিত হৈ পৰিছে।

শ্বেৰ সিঙৰ ঘৰ ছত্তীশগড়ৰ ভাইশংকৰ গাঁৱত। এই গাঁওখন সেই ৰাজ্যৰ ভানুপ্ৰত্পপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত। দেশৰ প্ৰথম স্বাধীনতা দিৱস নিজ চকুৰে দেখা এই বৃদ্ধজনে এবাৰো ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে।

শেহতীয়াকৈ নিৰ্বাচনী আয়োগে নিৰ্বাচনমুখী ছত্তীশগড়ত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে দুৱাৰে দুৱাৰে গৈ নতুন ভোটাৰৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰিছে। সেই কামটো কৰি থাকোঁতে শ্বেৰ সিঙৰ নাতিৰ সূত্ৰই গম পালে যে বৃদ্ধজনৰ ভোটাধিকাৰ নাই।

সেই অঞ্চলৰ নিৰ্বাচন আয়োগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কোছমাই কয় যে চৰকাৰী নথি-পত্ৰত কিছু ভুলৰ বাবে ইমান দিনে ভোটাৰ তালিকাত বৃদ্ধজনৰ নাম নাহিল। সকলো প্ৰক্ৰিয়া শুধৰণি কৰি সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ কয়। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ শেষত জীৱনত প্ৰথমবাৰৰ বাবে ছত্তীশগড় বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ প্ৰয়োগ কৰিব শ্বেৰ সিঙে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement