--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নামটো ভোটাৰ তালিকাত নাছিল। গতিকে ছত্তীশগড়ৰ নবৈৰ উৰ্ধৰ বৃদ্ধজনে ইমান দিনে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিছিল। অৱশেষত ভোটাৰ তালিকা সংশোধন কৰিবলৈ যাওঁতে এই বিষয়টো ভোটগ্ৰহণ কৰ্মীসকলৰ দৃষ্টিগোচৰ হয়।

ভোটাৰ তালিকাত ৯৩ বছৰত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে শ্বেৰ সিং হেডকোৰ নাম। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বতৰ চলি আছে। জীৱনত প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ পূৰ্বে বৃদ্ধজন উৎফুল্লিত হৈ পৰিছে।

শ্বেৰ সিঙৰ ঘৰ ছত্তীশগড়ৰ ভাইশংকৰ গাঁৱত। এই গাঁওখন সেই ৰাজ্যৰ ভানুপ্ৰত্পপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত। দেশৰ প্ৰথম স্বাধীনতা দিৱস নিজ চকুৰে দেখা এই বৃদ্ধজনে এবাৰো ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে।

শেহতীয়াকৈ নিৰ্বাচনী আয়োগে নিৰ্বাচনমুখী ছত্তীশগড়ত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে দুৱাৰে দুৱাৰে গৈ নতুন ভোটাৰৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰিছে। সেই কামটো কৰি থাকোঁতে শ্বেৰ সিঙৰ নাতিৰ সূত্ৰই গম পালে যে বৃদ্ধজনৰ ভোটাধিকাৰ নাই।

সেই অঞ্চলৰ নিৰ্বাচন আয়োগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কোছমাই কয় যে চৰকাৰী নথি-পত্ৰত কিছু ভুলৰ বাবে ইমান দিনে ভোটাৰ তালিকাত বৃদ্ধজনৰ নাম নাহিল। সকলো প্ৰক্ৰিয়া শুধৰণি কৰি সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ কয়। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ শেষত জীৱনত প্ৰথমবাৰৰ বাবে ছত্তীশগড় বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ প্ৰয়োগ কৰিব শ্বেৰ সিঙে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু