--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত আলোচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ মন্তব্য৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গৱৰ্ণৰ উৰ্জিত পেটেলক ‘টকাৰ ভঁৰালৰ ওপৰত বহি থকা সাপ’ বুলি তুলনা কৰিছিল বুলি প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে তেওঁৰ WE ALSO MAKE POLICY নামৰ গ্ৰন্থখনত দাবী কৰিছে।গ্ৰন্থখনত গাৰ্গে কয় যে তেতিয়াৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বীগৰাকীৰ প্ৰতি নৰেন্দ্ৰ মোদী চৰকাৰৰ হতাশা ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই বাঢ়িছিল আৰু এমাহৰ পাছত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰ কঠোৰ হৈ পৰিছিল৷ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰ্তৃত্ব বহাব নোৱাৰাৰ ফলত তেওঁৰ মতে ব্যক্তিগত খণ্ডৰ বেংকৰ তুলনাত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ওপৰত আৰ বি আইৰ নিয়ন্ত্ৰণ কৰ্তৃত্ব অপৰ্যাপ্ত হৈ পৰিছিল।


গাৰ্গে তেওঁৰ গ্ৰন্থখনত উৰ্জিত পেটেলে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিখন কেৱল আৰ বি আইয়েহে জাৰি কৰিব লাগে আৰু সেইটোও ডিজিটেল মোডত জাৰি কৰিব লাগে বুলি জোৰ দি কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিখন ভেঙুচালি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই বছৰৰ জুন মাহত তেতিয়াৰ আৰ বি আইৰ বছে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্তৰ বাবে মুদ্ৰাস্ফীতিৰ চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰেপ’ ৰেট ৬.২৫ শতাংশলৈ বৃদ্ধি কৰিছিল। তিনিমাহৰ পাছত তেওঁ ৰেপো ৰেট ২৫ শতাংশ বৃদ্ধি কৰে। ফলত লাখ লাখ কোটি টকাৰ বেংকত অতিৰিক্ত মূলধন ৰাখিবলৈ চৰকাৰৰ ওপৰত হেঁচা বাঢ়ি আহিল।


তেওঁৰ গ্ৰন্থখনত গাৰ্গে কয় যে কেন্দ্ৰ আৰু আৰ বি আইৰ মাজত হোৱা উত্তেজনাই পেটেলক গভৰ্ণৰ হিচাপে বাছি লৈ মোদীৰ মনটোক ভাৰাক্ৰান্ত কৰি তুলিছিল। প্ৰাক্তন বিত্ত সচিবগৰাকীয়ে দাবী কৰে যে জেটলী আৰু তেতিয়াৰ অফিচিয়েটিং বিত্তমন্ত্ৰীৰ সৈতে পেটেলৰ যোগাযোগ লাইন ভাঙি দিছিল, আৰু একমাত্ৰ যোগাযোগ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তেতিয়াৰ অতিৰিক্ত প্ৰধান সচিব পি কে মিশ্ৰৰ জৰিয়তেহে হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক