--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে নাহৰকটীয়াৰ বাঁহধাৰী অঞ্চলত অৱস্থিত NHK 40 নম্বৰৰ তৈলখাদত দেওবাৰে নিশা হঠাৎ অঘটন সংঘটিত হয়।

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ OILৰ তৈলখাদত কৰ্মৰত অৱস্থাতে এগৰাকী শ্ৰমিকৰ থিতাতে মৃত্যু । নিহত শ্ৰমিক গৰাকী নাহৰকটীয়া গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ বুলি জানিব পৰা গৈছে।


জানিব পৰা মতে নাহৰকটীয়াৰ বাঁহধাৰী অঞ্চলত অৱস্থিত NHK 40 নম্বৰৰ তৈলখাদত দেওবাৰে নিশা হঠাৎ অঘটন সংঘটিত হয়। অইলৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠান এচিয়ান ড্ৰিলটেকৰ তৈলখাদত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ ওপৰত হঠাৎ লোহা পাইপ খহি অহাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।


এই দুৰ্ঘটনাত চাচনী গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ আৰু টেঙাখাতৰ মোহন সোণাৱাল গুৰুতৰভাৱে আহত হয়। উক্ত তৈলখাদৰ শ্ৰমিকসকলে তৎকালীনভাৱে দুই গৰাকী শ্ৰমিকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা যায়। পিচত কিৰণ গগৈক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত মোহন সোণোৱালক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।


ইফালে উক্ত ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানটোৱে পুৰণি ৰিগ অইলৰ খনন কাৰ্যত ব্যৱহাৰ কৰি অহা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অইল ড্ৰিলিং এণ্ড প্ৰডাকচন ৱকাৰ্চ ইউনিয়নে। অতি শীঘ্ৰে অইল কৰ্তৃপক্ষই নিহত শ্ৰমিক গৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে ঠিকা শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাৰ সুনিশ্চিত কৰিবলৈ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ