--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে নাহৰকটীয়াৰ বাঁহধাৰী অঞ্চলত অৱস্থিত NHK 40 নম্বৰৰ তৈলখাদত দেওবাৰে নিশা হঠাৎ অঘটন সংঘটিত হয়।

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ OILৰ তৈলখাদত কৰ্মৰত অৱস্থাতে এগৰাকী শ্ৰমিকৰ থিতাতে মৃত্যু । নিহত শ্ৰমিক গৰাকী নাহৰকটীয়া গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ বুলি জানিব পৰা গৈছে।


জানিব পৰা মতে নাহৰকটীয়াৰ বাঁহধাৰী অঞ্চলত অৱস্থিত NHK 40 নম্বৰৰ তৈলখাদত দেওবাৰে নিশা হঠাৎ অঘটন সংঘটিত হয়। অইলৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠান এচিয়ান ড্ৰিলটেকৰ তৈলখাদত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ ওপৰত হঠাৎ লোহা পাইপ খহি অহাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।


এই দুৰ্ঘটনাত চাচনী গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ আৰু টেঙাখাতৰ মোহন সোণাৱাল গুৰুতৰভাৱে আহত হয়। উক্ত তৈলখাদৰ শ্ৰমিকসকলে তৎকালীনভাৱে দুই গৰাকী শ্ৰমিকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা যায়। পিচত কিৰণ গগৈক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত মোহন সোণোৱালক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।


ইফালে উক্ত ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানটোৱে পুৰণি ৰিগ অইলৰ খনন কাৰ্যত ব্যৱহাৰ কৰি অহা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অইল ড্ৰিলিং এণ্ড প্ৰডাকচন ৱকাৰ্চ ইউনিয়নে। অতি শীঘ্ৰে অইল কৰ্তৃপক্ষই নিহত শ্ৰমিক গৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে ঠিকা শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাৰ সুনিশ্চিত কৰিবলৈ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ