--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনৰ নাম সন্নিবিষ্ট কৰা হৈছে ৯৫ সংখ্যক অস্কাৰৰ উপস্থাপকৰ তালিকাত। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে দীপিকা পাডুকনে। দীপিকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন তালিকা য’ত অস্কাৰ ২০২৩ উপস্থাপকৰ নাম লিখা হৈছে। স্বামী ৰণবীৰ সিঙৰ সৈতে দীপিকা পাডুকনৰ এই পোষ্টটোত মন্তব্য কৰি অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দীপিকা পাডুকনে আমেৰিকান অভিনেত্ৰী আৰিয়ানা ডেবোছৰ সৈতে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

অস্কাৰ ৯৫ জন উপস্থাপকৰ তালিকা
দীপিকা পাডুকনে শ্বেয়াৰ কৰা তালিকাখনত আছে ৰিজ আহমেদ, জেনিফাৰ কনেলি, আৰিয়ানা ডিব’ছ, এমিলি ব্লাণ্ট, গ্লেন ক্ল’জ, চেমুৱেল এল জেকচন, ড্ৱেইন জনছন, মাইকেল বি জৰ্ডান, ট্ৰয় কোটছুৰ, জনাথন মেজৰ, মেলিছা মেককাৰ্থী, জেনেল মনাই। ইয়াৰ ভিতৰত আছে জো ছালডানা আৰু ডনি য়েন।


jagran

৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত এছ এছ ৰজামৌলিৰ তেলেগু ছবি ‘আৰ আৰ আৰ’ৰ ‘নাতু নাতু’ গীতটোৱে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনীত কৰিছে। ২০২৩ চনৰ ১২ মাৰ্চ দেওবাৰে এবিচিত লাইভ প্ৰচাৰ কৰা হ’ব অস্কাৰ। দীপিকা পাডুকনৰ কেৰিয়াৰৰ কথা কবলৈ গলে সম্প্ৰতি তেওঁৰ ছবি ‘পাথান’ৰ সফলতা উপভোগ কৰি আছে।  দীপিকা পাডুকনৰ সৈতে শ্বাহৰুখ খান আৰু জন আব্ৰাহামক ছবিখনত দেখা গৈছিল। এই ছবিখনত দৰ্শকে প্ৰথমবাৰৰ বাবে দীপিকা পাডুকনৰ একচন একচন লুক দেখা পোৱা গৈছিল। তাৰ পিছত দীপিকা পাডুকনৰ আন আন ছবিসমূহো একচনত দেখা যাব। তেওঁক পৰবৰ্তী সময়ত হৃতিক ৰোশনৰ সৈতে ‘ফাইটাৰ’ ছবিত দেখা যাব। ইয়াৰ উপৰিও দীপিকা পাডুকনৰ ‘প্ৰজেক্ট কে’ ছবিও আছে। য’ত দীপিকাই পুনৰবাৰ বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু