--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনৰ নাম সন্নিবিষ্ট কৰা হৈছে ৯৫ সংখ্যক অস্কাৰৰ উপস্থাপকৰ তালিকাত। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে দীপিকা পাডুকনে। দীপিকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন তালিকা য’ত অস্কাৰ ২০২৩ উপস্থাপকৰ নাম লিখা হৈছে। স্বামী ৰণবীৰ সিঙৰ সৈতে দীপিকা পাডুকনৰ এই পোষ্টটোত মন্তব্য কৰি অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দীপিকা পাডুকনে আমেৰিকান অভিনেত্ৰী আৰিয়ানা ডেবোছৰ সৈতে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

অস্কাৰ ৯৫ জন উপস্থাপকৰ তালিকা
দীপিকা পাডুকনে শ্বেয়াৰ কৰা তালিকাখনত আছে ৰিজ আহমেদ, জেনিফাৰ কনেলি, আৰিয়ানা ডিব’ছ, এমিলি ব্লাণ্ট, গ্লেন ক্ল’জ, চেমুৱেল এল জেকচন, ড্ৱেইন জনছন, মাইকেল বি জৰ্ডান, ট্ৰয় কোটছুৰ, জনাথন মেজৰ, মেলিছা মেককাৰ্থী, জেনেল মনাই। ইয়াৰ ভিতৰত আছে জো ছালডানা আৰু ডনি য়েন।


jagran

৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত এছ এছ ৰজামৌলিৰ তেলেগু ছবি ‘আৰ আৰ আৰ’ৰ ‘নাতু নাতু’ গীতটোৱে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনীত কৰিছে। ২০২৩ চনৰ ১২ মাৰ্চ দেওবাৰে এবিচিত লাইভ প্ৰচাৰ কৰা হ’ব অস্কাৰ। দীপিকা পাডুকনৰ কেৰিয়াৰৰ কথা কবলৈ গলে সম্প্ৰতি তেওঁৰ ছবি ‘পাথান’ৰ সফলতা উপভোগ কৰি আছে।  দীপিকা পাডুকনৰ সৈতে শ্বাহৰুখ খান আৰু জন আব্ৰাহামক ছবিখনত দেখা গৈছিল। এই ছবিখনত দৰ্শকে প্ৰথমবাৰৰ বাবে দীপিকা পাডুকনৰ একচন একচন লুক দেখা পোৱা গৈছিল। তাৰ পিছত দীপিকা পাডুকনৰ আন আন ছবিসমূহো একচনত দেখা যাব। তেওঁক পৰবৰ্তী সময়ত হৃতিক ৰোশনৰ সৈতে ‘ফাইটাৰ’ ছবিত দেখা যাব। ইয়াৰ উপৰিও দীপিকা পাডুকনৰ ‘প্ৰজেক্ট কে’ ছবিও আছে। য’ত দীপিকাই পুনৰবাৰ বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক