--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি আমি কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ পিতৃ-মাতৃ ৰণধীৰ কাপুৰ আৰু বাবিতা কাপুৰৰ বিষয়ে ক’বলৈ ওলাইছো। কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ মাতৃ ববিতা এসময়ত বলীউডৰ ডাকচাইটৰ অভিনেত্ৰী আছিল। ববিতা কাপুৰে ছোৱালী দুজনীক অতি সৰুতে কাপুৰ পৰিয়ালৰ পৰা ওলিয়াই আনিছিল। আৰু ছোৱালীদুজনীক লগত এটা সুকীয়া পৰিয়াল গঢ়ি তুলিছিল। যদিও আইনগতভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হোৱা নাছিল, তথাপিও প্ৰায় ৩৫ বছৰ পৃথকে বাস কৰিছিল ৰণধীৰ কাপুৰ। এতিয়া ববিতা আৰু ৰণধীৰৰ বয়স বাঢ়িছে। এই সময়ত ববিতা আৰু ৰণধীৰে পুনৰ ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি লৈছে বুলি খবৰ ওলাইছে।

ৰণধীৰ কাপুৰ  আৰু বাবিতা কাপুৰে প্ৰথমবাৰৰ বাবে এখন ছবিৰ চেটত লগ পাইছিল, দুয়োয়ে প্ৰেমত পৰাৰ পাছত, ৰণধীৰে পিতৃ ৰাজ কাপুৰৰ বিৰুদ্ধে গৈছিল আৰু বাবিতাক বিয়া কৰাইছিল। কিন্তু ১৭ বছৰ বিবাহৰ পিছত বাবিতাই নিজৰ দুগৰাকী কন্যাৰ সৈতে এটা সুকীয়া ঘৰত থাকিবলৈ আৰম্ভ কৰে।  যাৰ বাবে তেওঁ স্বামীৰ পৰা পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। অৱশ্যে দম্পতীহালে কেতিয়াও বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা নাছিল।

সূত্ৰ অনুসৰি ববিতা আৰু ৰণধীৰ ৩৫ বছৰীয়া বিচ্ছেদৰ অন্তত পুনৰ একেলগে আছে। খবৰ অনুসৰি ববিতাই কৰীণা আৰু কৰিশ্মাৰ সৈতে কথা পাতি এই সিদ্ধান্ত গ্ৰহণ কৰে। মাক-দেউতাকক পুনৰ একেলগে পাই কৰিনা আৰু কৰিশ্মা বৰ সুখী।

জানিব পৰা মতে ববিতা আৰু ৰণধীৰক পুনৰ একত্ৰিত কৰিবলৈ কাপুৰ পৰিয়ালে বিশেষ পাৰ্টিৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ৰণধীৰ বা ববিতাই কোনোৱেই ৰাজহুৱাভাৱে কোনো কথা কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক