--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি আমি কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ পিতৃ-মাতৃ ৰণধীৰ কাপুৰ আৰু বাবিতা কাপুৰৰ বিষয়ে ক’বলৈ ওলাইছো। কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ মাতৃ ববিতা এসময়ত বলীউডৰ ডাকচাইটৰ অভিনেত্ৰী আছিল। ববিতা কাপুৰে ছোৱালী দুজনীক অতি সৰুতে কাপুৰ পৰিয়ালৰ পৰা ওলিয়াই আনিছিল। আৰু ছোৱালীদুজনীক লগত এটা সুকীয়া পৰিয়াল গঢ়ি তুলিছিল। যদিও আইনগতভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হোৱা নাছিল, তথাপিও প্ৰায় ৩৫ বছৰ পৃথকে বাস কৰিছিল ৰণধীৰ কাপুৰ। এতিয়া ববিতা আৰু ৰণধীৰৰ বয়স বাঢ়িছে। এই সময়ত ববিতা আৰু ৰণধীৰে পুনৰ ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি লৈছে বুলি খবৰ ওলাইছে।

ৰণধীৰ কাপুৰ  আৰু বাবিতা কাপুৰে প্ৰথমবাৰৰ বাবে এখন ছবিৰ চেটত লগ পাইছিল, দুয়োয়ে প্ৰেমত পৰাৰ পাছত, ৰণধীৰে পিতৃ ৰাজ কাপুৰৰ বিৰুদ্ধে গৈছিল আৰু বাবিতাক বিয়া কৰাইছিল। কিন্তু ১৭ বছৰ বিবাহৰ পিছত বাবিতাই নিজৰ দুগৰাকী কন্যাৰ সৈতে এটা সুকীয়া ঘৰত থাকিবলৈ আৰম্ভ কৰে।  যাৰ বাবে তেওঁ স্বামীৰ পৰা পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। অৱশ্যে দম্পতীহালে কেতিয়াও বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা নাছিল।

সূত্ৰ অনুসৰি ববিতা আৰু ৰণধীৰ ৩৫ বছৰীয়া বিচ্ছেদৰ অন্তত পুনৰ একেলগে আছে। খবৰ অনুসৰি ববিতাই কৰীণা আৰু কৰিশ্মাৰ সৈতে কথা পাতি এই সিদ্ধান্ত গ্ৰহণ কৰে। মাক-দেউতাকক পুনৰ একেলগে পাই কৰিনা আৰু কৰিশ্মা বৰ সুখী।

জানিব পৰা মতে ববিতা আৰু ৰণধীৰক পুনৰ একত্ৰিত কৰিবলৈ কাপুৰ পৰিয়ালে বিশেষ পাৰ্টিৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ৰণধীৰ বা ববিতাই কোনোৱেই ৰাজহুৱাভাৱে কোনো কথা কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু