--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত  জয়ী হোৱাৰ মানসেৰে তেওঁ এতিয়ালৈকে ৯৮ টা  বিভিন্ন নিৰ্বাচনত  প্ৰাৰ্থী হৈছে। কিন্তু তেওঁ কোনোটোতে  জিকিব পৰা নাই ।  সৰু-বৰ  একো নিৰ্কিবাচনেই বাদ দিয়া নাই তেওঁ।  তেওঁ হতাশ হোৱা নাই । তেওঁ আশা এৰি দিয়া নাই । তেওঁ বহুবাৰ  পৰাজিত হৈছে, তেওঁ জানে যে তেওঁ পুনৰ পৰাজিত হ'ব পাৰে, কিন্তু তেওঁ এতিয়াও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী।তেওঁ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ হাস্নুৰাম আম্বেদকাৰ। তেওঁক অঞ্চলটোত 'ধাৰতি পাকাদ' বুলিও জনা যায়। ৮৭ বছৰ বয়স তেওঁৰ । কিন্তু উৎসাহ  শীৰ্ষত আছে। এইবাৰো, তেওঁ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ প্ৰস্তুতি চলাই আছে। 

হছনুৰাম এজন দৈনিক মজুৰী শ্ৰমিক। তেওঁ কয় "মোৰ লক্ষ্য হৈছে শতক অৰ্জন কৰা। যদি সেই লক্ষ্য প্ৰাপ্ত হয়, মই পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। অৱশ্যে, হছনুৰামে  দাবী কৰিছে  যে তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ আশা এৰি দিয়া নাই।

হছনুৰাম  আগ্ৰাৰ খেদাগড়ৰ বাসিন্দা। তেওঁ ১৯৮৫ চনত নিৰ্দলীয়  হিচাপে  প্ৰথমে  প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সময়ত খেদাগড়ত তেওঁৰ প্ৰতিদ্বন্দী আছিল বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী। তেওঁ কয়  "মই ১৯৮৫ চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছো। ইয়াৰ ভিতৰত আছে পঞ্চায়ত, বিধানসভা, বিধান পৰিষদ, স্থানীয় নিৰ্বাচন  আৰু লোকসভা নিৰ্বাচনৰ দৰে নিৰ্বাচন। মই আনকি দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবেও আবেদন কৰিছিলো। " 

তেওঁ  এইবাৰো মনোনয়ন পত্ৰ দাখিল কৰিছে।  তেওঁ এইবাৰ  আগ্ৰা আৰু ফতেহপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাই আছে। তেওঁ  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।  তেওঁৰ পত্নী শিৱ দেৱী আৰু পুত্ৰসকলেও হছনুৰৰ যুঁজত যোগদান কৰিছে। তেওঁলোকে তেওঁক আৰ্থিকভাৱে সহায় কৰিছে। 

হছনুৰামে কয় "মোৰ পাঁচজন পুত্ৰ আছে। সকলোৱে দিনমজুৰী  কৰে। তেওঁলোক  বিবাহিত। এই যুঁজত মোৰ বোৱাৰী আৰু নাতি-নাতিনী মোৰ সৈতে আছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ