--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত  জয়ী হোৱাৰ মানসেৰে তেওঁ এতিয়ালৈকে ৯৮ টা  বিভিন্ন নিৰ্বাচনত  প্ৰাৰ্থী হৈছে। কিন্তু তেওঁ কোনোটোতে  জিকিব পৰা নাই ।  সৰু-বৰ  একো নিৰ্কিবাচনেই বাদ দিয়া নাই তেওঁ।  তেওঁ হতাশ হোৱা নাই । তেওঁ আশা এৰি দিয়া নাই । তেওঁ বহুবাৰ  পৰাজিত হৈছে, তেওঁ জানে যে তেওঁ পুনৰ পৰাজিত হ'ব পাৰে, কিন্তু তেওঁ এতিয়াও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী।তেওঁ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ হাস্নুৰাম আম্বেদকাৰ। তেওঁক অঞ্চলটোত 'ধাৰতি পাকাদ' বুলিও জনা যায়। ৮৭ বছৰ বয়স তেওঁৰ । কিন্তু উৎসাহ  শীৰ্ষত আছে। এইবাৰো, তেওঁ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ প্ৰস্তুতি চলাই আছে। 

হছনুৰাম এজন দৈনিক মজুৰী শ্ৰমিক। তেওঁ কয় "মোৰ লক্ষ্য হৈছে শতক অৰ্জন কৰা। যদি সেই লক্ষ্য প্ৰাপ্ত হয়, মই পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। অৱশ্যে, হছনুৰামে  দাবী কৰিছে  যে তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ আশা এৰি দিয়া নাই।

হছনুৰাম  আগ্ৰাৰ খেদাগড়ৰ বাসিন্দা। তেওঁ ১৯৮৫ চনত নিৰ্দলীয়  হিচাপে  প্ৰথমে  প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সময়ত খেদাগড়ত তেওঁৰ প্ৰতিদ্বন্দী আছিল বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী। তেওঁ কয়  "মই ১৯৮৫ চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছো। ইয়াৰ ভিতৰত আছে পঞ্চায়ত, বিধানসভা, বিধান পৰিষদ, স্থানীয় নিৰ্বাচন  আৰু লোকসভা নিৰ্বাচনৰ দৰে নিৰ্বাচন। মই আনকি দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবেও আবেদন কৰিছিলো। " 

তেওঁ  এইবাৰো মনোনয়ন পত্ৰ দাখিল কৰিছে।  তেওঁ এইবাৰ  আগ্ৰা আৰু ফতেহপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাই আছে। তেওঁ  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।  তেওঁৰ পত্নী শিৱ দেৱী আৰু পুত্ৰসকলেও হছনুৰৰ যুঁজত যোগদান কৰিছে। তেওঁলোকে তেওঁক আৰ্থিকভাৱে সহায় কৰিছে। 

হছনুৰামে কয় "মোৰ পাঁচজন পুত্ৰ আছে। সকলোৱে দিনমজুৰী  কৰে। তেওঁলোক  বিবাহিত। এই যুঁজত মোৰ বোৱাৰী আৰু নাতি-নাতিনী মোৰ সৈতে আছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু