--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ধলপুৰ-শিমলুগুৰি পথৰ দাঁতিত এডৰা বাঁহনিত বিগত বছৰ বছৰ ধৰি জাক জাক বগলীয়ে আশ্ৰয় লৈ আহিছে।

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ গণক দলনীত এজাক বগলীৰ দৃষ্টিনন্দন পৰিৱেশে বাটৰুৱাৰ মন পুলকিত কৰিছে।


গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ধলপুৰ-শিমলুগুৰি পথৰ দাঁতিত এডৰা বাঁহনিত বিগত বছৰ বছৰ ধৰি জাক জাক বগলীয়ে আশ্ৰয় লৈ আহিছে।


পৰিয়ালৰ সদস্যৰ দৰে বগলীজাকৰ আশ্ৰয়ত সহযোগ কৰি আহিছে গাঁওবাসীয়ে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কোনো দুষ্কৃতিকাৰীক প্ৰৱেশ কৰিবলৈ নিদিয়ে গাঁওখনৰ লোকসকলে। এক কথাত ক'বলৈ গ'লে বগলীজাক সংৰক্ষণ কৰি আহিছে গাঁওবাসীয়ে।


খাদ্যৰ সন্ধানত পুৱাই খেতি পথাৰলৈ উৰা মাৰে বগলীজাক। ইবাহৰ পিছত সিবাহ পোৱালিৰ জন্ম দিয়াৰ পিছত পোৱালিক লালন-পালন কৰাৰ দৃষ্টিনন্দন দৃশ্যই সকলোৰে মন পুলকিত কৰি তুলিছে। উক্ত পথেৰে পাৰ হৈ যোৱা প্ৰতিজন বাটৰুৱাই ক্ষণিকৰ বাবে সেই স্থানত ৰৈ আনন্দ উপভোগ কৰাৰ লগতে বগলী সংৰক্ষণৰ বাবে গাঁওবাসীক শলাগ লৈছে।


অসমৰ উপৰি বগলীজাকৰ দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ কাষৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও পক্ষীপ্ৰেমীৰ দৈনিক আগমন ঘটিছে। উল্লেখ্য যে উক্ত অঞ্চলত বিভিন্ন প্ৰজাতিৰ বগলীৰ লগতে ঋতুভেদে নানা ধৰণৰ দেশী-বিদেশী পক্ষীৰো আগমন ঘটে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান