--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ধলপুৰ-শিমলুগুৰি পথৰ দাঁতিত এডৰা বাঁহনিত বিগত বছৰ বছৰ ধৰি জাক জাক বগলীয়ে আশ্ৰয় লৈ আহিছে।

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ গণক দলনীত এজাক বগলীৰ দৃষ্টিনন্দন পৰিৱেশে বাটৰুৱাৰ মন পুলকিত কৰিছে।


গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ধলপুৰ-শিমলুগুৰি পথৰ দাঁতিত এডৰা বাঁহনিত বিগত বছৰ বছৰ ধৰি জাক জাক বগলীয়ে আশ্ৰয় লৈ আহিছে।


পৰিয়ালৰ সদস্যৰ দৰে বগলীজাকৰ আশ্ৰয়ত সহযোগ কৰি আহিছে গাঁওবাসীয়ে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কোনো দুষ্কৃতিকাৰীক প্ৰৱেশ কৰিবলৈ নিদিয়ে গাঁওখনৰ লোকসকলে। এক কথাত ক'বলৈ গ'লে বগলীজাক সংৰক্ষণ কৰি আহিছে গাঁওবাসীয়ে।


খাদ্যৰ সন্ধানত পুৱাই খেতি পথাৰলৈ উৰা মাৰে বগলীজাক। ইবাহৰ পিছত সিবাহ পোৱালিৰ জন্ম দিয়াৰ পিছত পোৱালিক লালন-পালন কৰাৰ দৃষ্টিনন্দন দৃশ্যই সকলোৰে মন পুলকিত কৰি তুলিছে। উক্ত পথেৰে পাৰ হৈ যোৱা প্ৰতিজন বাটৰুৱাই ক্ষণিকৰ বাবে সেই স্থানত ৰৈ আনন্দ উপভোগ কৰাৰ লগতে বগলী সংৰক্ষণৰ বাবে গাঁওবাসীক শলাগ লৈছে।


অসমৰ উপৰি বগলীজাকৰ দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ কাষৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও পক্ষীপ্ৰেমীৰ দৈনিক আগমন ঘটিছে। উল্লেখ্য যে উক্ত অঞ্চলত বিভিন্ন প্ৰজাতিৰ বগলীৰ লগতে ঋতুভেদে নানা ধৰণৰ দেশী-বিদেশী পক্ষীৰো আগমন ঘটে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ