--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰহাৰ কৰা শ্ৰমিক কেইজনক কাণত ধৰি আঁঠু কঢ়ালে দল সংগঠনৰ লোকে।

ডিজিটেল ডেস্ক : ডিব্ৰুগড় ৰে'ল ষ্টেছনত খিলঞ্জীয়া অসমীয়া যুৱকক প্ৰহাৰ মিঞা শ্ৰমিকৰ। কাকপথাৰ ডিৰাকৰ যতিন গোঁহাই নামৰ এজন ঠিকাদাৰক প্ৰহাৰ কৰে তিনিটা মিঞা শ্ৰমিকে।


প্ৰহাৰ কৰা শ্ৰমিক কেইজনক কাণত ধৰি আঁঠু কঢ়ালে দল সংগঠনৰ লোকে। প্ৰহাৰ কৰা শ্ৰমিক কেইজন হৈছে আইনুদ্দিন আলি, মহিম আলি, মুজামিল হক। ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰে শ্ৰমিক কেইজনক।


উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেছনত ইলেকট্ৰিকেলৰ ঠিকাদাৰ হিচাপে কাম কৰি আছিল কাকপথাৰ ডিৰাকৰ যতিন গোহাঁই নামৰ এজন ঠিকাদাৰে। প্ৰায় দুমাহৰ পূৰ্বৰে পৰা বঙাইগাঁৱৰ আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক নামৰ তিনিজন শ্ৰমিকে কাম কৰি আছিল যতিন গোহাঁইৰ অধীনত।


শ্ৰমিক তিনিজনে কামত কিছু গাফিলতি কৰাৰ বাবে ঠিকাদাৰ যতিন গোহাঁয়ে সামান্য গালি পাৰিছিল শ্ৰমিক তিনিজনক। সামান্য গালি পাৰোঁতেই আইনুদ্দিন আলি, মহিম আলি, মুজামিল হক নামৰ শ্ৰমিক তিনিজনে ঠিকাদাৰ যতিন গোঁহাইক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত আহত হয় ঠিকাদাৰ জন।


ইয়াৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকি দিয়ে শ্ৰমিক কেইজনে। তাৰ পিছতেই স্থানীয় দল সংগঠনৰ লোক উপস্থিত হৈ আঁঠু কঢ়াই থয় শ্ৰমিক কেইজনক। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰি থানালৈ লৈ যায় শ্ৰমিক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ