--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰহাৰ কৰা শ্ৰমিক কেইজনক কাণত ধৰি আঁঠু কঢ়ালে দল সংগঠনৰ লোকে।

ডিজিটেল ডেস্ক : ডিব্ৰুগড় ৰে'ল ষ্টেছনত খিলঞ্জীয়া অসমীয়া যুৱকক প্ৰহাৰ মিঞা শ্ৰমিকৰ। কাকপথাৰ ডিৰাকৰ যতিন গোঁহাই নামৰ এজন ঠিকাদাৰক প্ৰহাৰ কৰে তিনিটা মিঞা শ্ৰমিকে।


প্ৰহাৰ কৰা শ্ৰমিক কেইজনক কাণত ধৰি আঁঠু কঢ়ালে দল সংগঠনৰ লোকে। প্ৰহাৰ কৰা শ্ৰমিক কেইজন হৈছে আইনুদ্দিন আলি, মহিম আলি, মুজামিল হক। ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰে শ্ৰমিক কেইজনক।


উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেছনত ইলেকট্ৰিকেলৰ ঠিকাদাৰ হিচাপে কাম কৰি আছিল কাকপথাৰ ডিৰাকৰ যতিন গোহাঁই নামৰ এজন ঠিকাদাৰে। প্ৰায় দুমাহৰ পূৰ্বৰে পৰা বঙাইগাঁৱৰ আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক নামৰ তিনিজন শ্ৰমিকে কাম কৰি আছিল যতিন গোহাঁইৰ অধীনত।


শ্ৰমিক তিনিজনে কামত কিছু গাফিলতি কৰাৰ বাবে ঠিকাদাৰ যতিন গোহাঁয়ে সামান্য গালি পাৰিছিল শ্ৰমিক তিনিজনক। সামান্য গালি পাৰোঁতেই আইনুদ্দিন আলি, মহিম আলি, মুজামিল হক নামৰ শ্ৰমিক তিনিজনে ঠিকাদাৰ যতিন গোঁহাইক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত আহত হয় ঠিকাদাৰ জন।


ইয়াৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকি দিয়ে শ্ৰমিক কেইজনে। তাৰ পিছতেই স্থানীয় দল সংগঠনৰ লোক উপস্থিত হৈ আঁঠু কঢ়াই থয় শ্ৰমিক কেইজনক। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰি থানালৈ লৈ যায় শ্ৰমিক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ