--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে মঙলবাৰে অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন এক অনুষ্ঠান

ডিজিটেল ডেস্ক : 'একোখন ফটোৱে একোটা ঐতিহাসিক মুহূৰ্তক ধৰি ৰাখে।' বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে মঙলবাৰে অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিক, কথাশিল্পী ড° অৰূপা পটংগীয়া কলিতাই।


সন্থাৰ সভাপতি ধনীৰাম কলিতাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানটোত ফটো সাংবাদিকতাৰ ইতিহাস আলোকপাত কৰি তেওঁ কয় যে ফটো সাংবাদিকতাৰ এক বিস্তৃত ইতিহাস আছে। এখন কিতাপেও কৰিব নোৱৰা কাম এটা বিশেষ শ্বটে কৰিব পাৰে।


প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰ'জাৰ ফিকনৰ 'ভেলী অব্ দ্য শ্বেড' অব্ ডেথ' শীর্ষক ফটোখনৰ কথা উনুকিয়াই তেওঁ কয় যে যুদ্ধৰ বিভীষিকাক সুন্দৰভাৱে এই ফটোখনে তুলি ধৰিছিল। ভাৰতবৰ্ষৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ৰঘু ৰায়ে ফটো সাংবাদিকতাক এক অনন্য মাত্রা দিছে। এয়া গৱেষণাৰ বিষয় হ'ব লাগে।


ফটোগ্রাফীৰ সৈতে নিজৰো এৰাব নোৱৰা সম্পর্ক আছে বুলি উনুকিয়াই বিশিষ্ট সাহিত্যিক ড° কলিতাই লগতে কয় যে ফটো এখন তোলাৰ সময়ত ফটোগ্ৰাফাৰজনৰ দৃষ্টিভংগী কি হ'ব তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনত অহা প্রত্যাহ্বানকো নেওচি সুন্দৰ পৃথিৱীখনৰ বাবে এখন নতুন সমাজ সৃষ্টিত অৰিহণা যোগাই ফটো সাংবাদিকসকলক আগুৱাই যাবলৈ তেওঁ আহ্বান জনায়।


অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি তেজপুৰৰ আলোকচিত্রশিল্পী সমীৰ কৰক সন্থাই সম্বর্ধনা জনায়। বিশিষ্ট ফটো সাংবাদিকগৰাকীক গামোচা, চেলেং, স্মাৰক, সম্বর্ধনা-পত্ৰ আৰু মাননি হিচাপত নগদ দহ হাজাৰ টকা সন্থাৰ তৰফৰ পৰা দিয়া হয়। সম্বর্ধনা গ্রহণ কৰি বিশিষ্ট ফটো সাংবাদিক কৰে প্ৰয়াত পিতৃক স্মৰণ কৰি আৱেগিক হৈ পৰে। এই সন্মানৰ বাবে সন্থাক কৃতজ্ঞতা প্রকাশ কৰি নিজ যাত্ৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ লৈ দৈনিক জনমভূমিৰ কার্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে প্ৰতিখন ফটোৰ আঁৰত ফটোগ্ৰাফাৰজনৰ এক যাত্রা থাকে বুলি কয়। আনহাতে নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই তথ্য প্ৰযুক্তিৰ বিকাশে ফটোগ্রাফীৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰি কয় যে প্ৰযুক্তিৰ সলনি হ'লেও ফটোৰ বাৰ্তা আৰু ভাষা একেই আছে।


অসমীয়া প্রতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে ফটো সাংবাদিকসকলক অবন্দিত নায়ক আখ্যা দি কয় যে ফটো সাংবাদিকসকলে কষ্ট কৰাৰ পাছতো নিজৰ স্থানত স্বীকৃতি নাপায়। এইক্ষেত্রত সকলোৰে আত্মবীক্ষণৰ প্রয়োজন আছে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস, দৈনিক পূৰ্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, প্ৰথম খবৰৰ এডিটৰ ইন চীফ প্রণয় বৰদলৈ, আছাম টকছৰ চীফ মেনেজিং এডিটৰ প্ৰাণজিত শইকীয়াই ফটো সাংবাদিকসকলক প্রত্যাহ্বানকো নেওচি আগুৱাই যাবলৈ আহ্বান জনায়।


অনুষ্ঠানটোত অসম ফটো সাংবাদিক সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰা, কোষাধ্যক্ষ দিব্যজ্যোতি দাস ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক উৎপল বৰুৱা, ৰিতুৰাজ কোঁৱৰ, ৰাজীৱ ভট্টাচার্য, আব্দুল চাজিদকে প্ৰমুখ্য কৰি সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ