--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে মঙলবাৰে অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন এক অনুষ্ঠান

ডিজিটেল ডেস্ক : 'একোখন ফটোৱে একোটা ঐতিহাসিক মুহূৰ্তক ধৰি ৰাখে।' বিশ্ব ফটোগ্রাফী দিৱস উপলক্ষে মঙলবাৰে অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিক, কথাশিল্পী ড° অৰূপা পটংগীয়া কলিতাই।


সন্থাৰ সভাপতি ধনীৰাম কলিতাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানটোত ফটো সাংবাদিকতাৰ ইতিহাস আলোকপাত কৰি তেওঁ কয় যে ফটো সাংবাদিকতাৰ এক বিস্তৃত ইতিহাস আছে। এখন কিতাপেও কৰিব নোৱৰা কাম এটা বিশেষ শ্বটে কৰিব পাৰে।


প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰ'জাৰ ফিকনৰ 'ভেলী অব্ দ্য শ্বেড' অব্ ডেথ' শীর্ষক ফটোখনৰ কথা উনুকিয়াই তেওঁ কয় যে যুদ্ধৰ বিভীষিকাক সুন্দৰভাৱে এই ফটোখনে তুলি ধৰিছিল। ভাৰতবৰ্ষৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ৰঘু ৰায়ে ফটো সাংবাদিকতাক এক অনন্য মাত্রা দিছে। এয়া গৱেষণাৰ বিষয় হ'ব লাগে।


ফটোগ্রাফীৰ সৈতে নিজৰো এৰাব নোৱৰা সম্পর্ক আছে বুলি উনুকিয়াই বিশিষ্ট সাহিত্যিক ড° কলিতাই লগতে কয় যে ফটো এখন তোলাৰ সময়ত ফটোগ্ৰাফাৰজনৰ দৃষ্টিভংগী কি হ'ব তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনত অহা প্রত্যাহ্বানকো নেওচি সুন্দৰ পৃথিৱীখনৰ বাবে এখন নতুন সমাজ সৃষ্টিত অৰিহণা যোগাই ফটো সাংবাদিকসকলক আগুৱাই যাবলৈ তেওঁ আহ্বান জনায়।


অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি তেজপুৰৰ আলোকচিত্রশিল্পী সমীৰ কৰক সন্থাই সম্বর্ধনা জনায়। বিশিষ্ট ফটো সাংবাদিকগৰাকীক গামোচা, চেলেং, স্মাৰক, সম্বর্ধনা-পত্ৰ আৰু মাননি হিচাপত নগদ দহ হাজাৰ টকা সন্থাৰ তৰফৰ পৰা দিয়া হয়। সম্বর্ধনা গ্রহণ কৰি বিশিষ্ট ফটো সাংবাদিক কৰে প্ৰয়াত পিতৃক স্মৰণ কৰি আৱেগিক হৈ পৰে। এই সন্মানৰ বাবে সন্থাক কৃতজ্ঞতা প্রকাশ কৰি নিজ যাত্ৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ লৈ দৈনিক জনমভূমিৰ কার্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে প্ৰতিখন ফটোৰ আঁৰত ফটোগ্ৰাফাৰজনৰ এক যাত্রা থাকে বুলি কয়। আনহাতে নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই তথ্য প্ৰযুক্তিৰ বিকাশে ফটোগ্রাফীৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰি কয় যে প্ৰযুক্তিৰ সলনি হ'লেও ফটোৰ বাৰ্তা আৰু ভাষা একেই আছে।


অসমীয়া প্রতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে ফটো সাংবাদিকসকলক অবন্দিত নায়ক আখ্যা দি কয় যে ফটো সাংবাদিকসকলে কষ্ট কৰাৰ পাছতো নিজৰ স্থানত স্বীকৃতি নাপায়। এইক্ষেত্রত সকলোৰে আত্মবীক্ষণৰ প্রয়োজন আছে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস, দৈনিক পূৰ্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, প্ৰথম খবৰৰ এডিটৰ ইন চীফ প্রণয় বৰদলৈ, আছাম টকছৰ চীফ মেনেজিং এডিটৰ প্ৰাণজিত শইকীয়াই ফটো সাংবাদিকসকলক প্রত্যাহ্বানকো নেওচি আগুৱাই যাবলৈ আহ্বান জনায়।


অনুষ্ঠানটোত অসম ফটো সাংবাদিক সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰা, কোষাধ্যক্ষ দিব্যজ্যোতি দাস ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক উৎপল বৰুৱা, ৰিতুৰাজ কোঁৱৰ, ৰাজীৱ ভট্টাচার্য, আব্দুল চাজিদকে প্ৰমুখ্য কৰি সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান