--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জানিব পৰা মতে, পুৱাৰ ভাগত আন এটা শিশুৰ সৈতে ঘৰৰ কাষতে থকা জল জীৱন মিছনৰ প্ৰকল্পস্থলীত খেলিবলৈ গৈছিল শিশু ৱাহিদ। সেই সময়তে অসাৱধানতাবশত টেংকৰ পানীত পৰি এই অঘটন সংঘটিত হয়।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ সোনাইত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। বৃহস্পতিবাৰে পুৱা সোনাইৰ সেলুৰপাৰ গাঁৱত জল জীৱন মিছনৰ অধীনত নৱনির্মিত পিএইচই প্ৰকল্পৰ পানীৰ টেংকত পৰি মৃত্যু হয় চাৰে চাৰি বছৰীয়া শিশুপুত্ৰ ৱাহিদ আহমেদ বৰভূঞাৰ।


জানিব পৰা মতে, পুৱাৰ ভাগত আন এটা শিশুৰ সৈতে ঘৰৰ কাষতে থকা জল জীৱন মিছনৰ প্ৰকল্পস্থলীত খেলিবলৈ গৈছিল শিশু ৱাহিদ। সেই সময়তে অসাৱধানতাবশত টেংকৰ পানীত পৰি এই অঘটন সংঘটিত হয়।


স্থানীয় লোকৰ অভিযোগ মতে, সংশ্লিষ্ট বিভাগীয় ঠিকাদাৰে মাজপথতে কাম বন্ধ কৰি থৈ যোৱাৰ ফলত প্ৰকল্পস্থলীত কোনো ধৰণৰ বেৰিকেড বা সুৰক্ষা ব্যৱস্থা নাছিল। বৰ্তমান প্ৰকল্পটো বন্ধ অৱস্থাত থাকিলেও বৰষুণৰ পানী জমা হৈ টেংকিটো পূৰ্ণ হৈ আছিল। সেই কাৰণেই শিশুটিৰ পানীত ডুবি মৃত্যু হয়।


ঘটনাৰ খবৰ পাই তৎক্ষণাত সোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।


এই মর্মান্তিক ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। লগতে ঘটনাটোৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ