--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জানিব পৰা মতে, পুৱাৰ ভাগত আন এটা শিশুৰ সৈতে ঘৰৰ কাষতে থকা জল জীৱন মিছনৰ প্ৰকল্পস্থলীত খেলিবলৈ গৈছিল শিশু ৱাহিদ। সেই সময়তে অসাৱধানতাবশত টেংকৰ পানীত পৰি এই অঘটন সংঘটিত হয়।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ সোনাইত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। বৃহস্পতিবাৰে পুৱা সোনাইৰ সেলুৰপাৰ গাঁৱত জল জীৱন মিছনৰ অধীনত নৱনির্মিত পিএইচই প্ৰকল্পৰ পানীৰ টেংকত পৰি মৃত্যু হয় চাৰে চাৰি বছৰীয়া শিশুপুত্ৰ ৱাহিদ আহমেদ বৰভূঞাৰ।


জানিব পৰা মতে, পুৱাৰ ভাগত আন এটা শিশুৰ সৈতে ঘৰৰ কাষতে থকা জল জীৱন মিছনৰ প্ৰকল্পস্থলীত খেলিবলৈ গৈছিল শিশু ৱাহিদ। সেই সময়তে অসাৱধানতাবশত টেংকৰ পানীত পৰি এই অঘটন সংঘটিত হয়।


স্থানীয় লোকৰ অভিযোগ মতে, সংশ্লিষ্ট বিভাগীয় ঠিকাদাৰে মাজপথতে কাম বন্ধ কৰি থৈ যোৱাৰ ফলত প্ৰকল্পস্থলীত কোনো ধৰণৰ বেৰিকেড বা সুৰক্ষা ব্যৱস্থা নাছিল। বৰ্তমান প্ৰকল্পটো বন্ধ অৱস্থাত থাকিলেও বৰষুণৰ পানী জমা হৈ টেংকিটো পূৰ্ণ হৈ আছিল। সেই কাৰণেই শিশুটিৰ পানীত ডুবি মৃত্যু হয়।


ঘটনাৰ খবৰ পাই তৎক্ষণাত সোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।


এই মর্মান্তিক ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। লগতে ঘটনাটোৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু