--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই নন-এ চি ৰে'লকেইখনে অসম আৰু পশ্চিম বংগক উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৭খন ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। এই ৰাজ্যকেইখন হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, অন্ধ্র প্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটক।

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনৰ আগে আগে অসম আৰু পশ্চিম বংগক 'বন্দে ভাৰত শ্লীপাৰ' ৰে'ল দিয়াৰ কথা ঘোষণা কৰাৰ পাছত পুনৰ কেন্দ্ৰীয় চৰকাৰে দুয়োখন ৰাজ্যক ৯খন অমৃত ভাৰত এক্সপ্ৰেছ দিয়াৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰ্যালয়ে অতি সোনকালেই এইকেইখন ৰে'লৰ যাত্ৰা আৰম্ভ কৰিব।


এই নন-এ চি ৰে'লকেইখনে অসম আৰু পশ্চিম বংগক উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৭খন ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। এই ৰাজ্যকেইখন হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, অন্ধ্র প্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটক।


উক্ত ৯খনৰ ভিতৰত অসমে লাভ কৰিব দুখন অমৃত ভাৰত এক্সপ্ৰেছ আৰু পশ্চিম বংগই ৭খন। অসমৰ ৰে'ল দুখন হ'ব গুৱাহাটী (কামাখ্যা)-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ। ১৫৬৭১নং কামাখ্যা-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছখনে শুকুৰবাৰে ২২ বজাত কামাখ্যা এৰিব আৰু দেওবাৰে ১৪-৪৫ বজাত ৰোহতক পাবগৈ। ওভতনি যাত্রাত ৰে'ল নং ১৫৬৭২ ৰোহতক-কামাখ্যা অমৃত ভাৰত এক্সপ্রেছে দেওবাৰে ২২-১০ বজাত ৰোহতকৰ পৰা আহিব আৰু মঙলবাৰে ১২-১৫ বজাত কামাখ্যা পাবহি। ১৫৯৪৯নং ডিব্ৰুগড়-গোমতী নগৰ অমৃত ভাৰত এক্সপ্রেছে শুকুৰবাৰে ২১-০০ বজাত ডিব্ৰুগড় এৰিব আৰু দেওবাৰে ১৩-৩০ বজাত গোমতী নগৰ পাবগৈ। ওভতনি যাত্রাত ১৫৯৫০নং গোমতী নগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্রেছে দেওবাৰে ১৮-৪০ বজাত গোমতী নগৰ এৰিব আৰু মঙলবাৰে ১২-৪০ বজাত ডিব্ৰুগড় পাব। উল্লেখযোগ্য যে ২০২৩ চনৰ ডিচেম্বৰত মাহত আৰম্ভ কৰা অমৃত ভাৰত এক্সপ্ৰেছৰ বৰ্তমান ৩০খন ৰে'ল সমগ্ৰ ভাৰতত চলি আছে। এই ৰে'লৰ ভাৰা হৈছে প্রতি ১,০০০ কিল'মিটাৰত ৫০০ টকা।


ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসম আৰু পশ্চিম বংগৰ পৰা উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ মুখ্য স্থানলৈ এই ৯খন অমৃত ভাৰত এক্সপ্ৰেছৰ যাত্ৰা সোনকালেই আৰম্ভ হ'ব বুলি মঙলবাৰে সামাজিক মাধ্যম এক্সত ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ প'ষ্টত উক্ত ৰে'লকেইখনৰ যাত্রা শুভাৰম্ভৰ দিনৰ কথা ঘোষণা কৰা নাই যদিও সংবাদ মাধ্যমৰ বাতৰি মতে এই সপ্তাহৰ শেষৰ ফালে উক্ত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। আনহাতে 'প্ৰভাত খবৰ' নামৰ হিন্দী কাকতখনৰ মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰীত পশ্চিম বংগৰ মালদহ ষ্টেছনত অসম অভিমুখী ৰে'লখনকে ধৰি দুখন বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। পিছদিনা ১৮ জানুৱাৰীত বংগৰ হুগলী জিলাৰ সিংগুৰ ষ্টেছনত উক্ত অমৃত ভাৰত এক্সপ্ৰেছকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু