--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই নন-এ চি ৰে'লকেইখনে অসম আৰু পশ্চিম বংগক উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৭খন ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। এই ৰাজ্যকেইখন হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, অন্ধ্র প্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটক।

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনৰ আগে আগে অসম আৰু পশ্চিম বংগক 'বন্দে ভাৰত শ্লীপাৰ' ৰে'ল দিয়াৰ কথা ঘোষণা কৰাৰ পাছত পুনৰ কেন্দ্ৰীয় চৰকাৰে দুয়োখন ৰাজ্যক ৯খন অমৃত ভাৰত এক্সপ্ৰেছ দিয়াৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰ্যালয়ে অতি সোনকালেই এইকেইখন ৰে'লৰ যাত্ৰা আৰম্ভ কৰিব।


এই নন-এ চি ৰে'লকেইখনে অসম আৰু পশ্চিম বংগক উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৭খন ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। এই ৰাজ্যকেইখন হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, অন্ধ্র প্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটক।


উক্ত ৯খনৰ ভিতৰত অসমে লাভ কৰিব দুখন অমৃত ভাৰত এক্সপ্ৰেছ আৰু পশ্চিম বংগই ৭খন। অসমৰ ৰে'ল দুখন হ'ব গুৱাহাটী (কামাখ্যা)-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ। ১৫৬৭১নং কামাখ্যা-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছখনে শুকুৰবাৰে ২২ বজাত কামাখ্যা এৰিব আৰু দেওবাৰে ১৪-৪৫ বজাত ৰোহতক পাবগৈ। ওভতনি যাত্রাত ৰে'ল নং ১৫৬৭২ ৰোহতক-কামাখ্যা অমৃত ভাৰত এক্সপ্রেছে দেওবাৰে ২২-১০ বজাত ৰোহতকৰ পৰা আহিব আৰু মঙলবাৰে ১২-১৫ বজাত কামাখ্যা পাবহি। ১৫৯৪৯নং ডিব্ৰুগড়-গোমতী নগৰ অমৃত ভাৰত এক্সপ্রেছে শুকুৰবাৰে ২১-০০ বজাত ডিব্ৰুগড় এৰিব আৰু দেওবাৰে ১৩-৩০ বজাত গোমতী নগৰ পাবগৈ। ওভতনি যাত্রাত ১৫৯৫০নং গোমতী নগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্রেছে দেওবাৰে ১৮-৪০ বজাত গোমতী নগৰ এৰিব আৰু মঙলবাৰে ১২-৪০ বজাত ডিব্ৰুগড় পাব। উল্লেখযোগ্য যে ২০২৩ চনৰ ডিচেম্বৰত মাহত আৰম্ভ কৰা অমৃত ভাৰত এক্সপ্ৰেছৰ বৰ্তমান ৩০খন ৰে'ল সমগ্ৰ ভাৰতত চলি আছে। এই ৰে'লৰ ভাৰা হৈছে প্রতি ১,০০০ কিল'মিটাৰত ৫০০ টকা।


ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসম আৰু পশ্চিম বংগৰ পৰা উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ মুখ্য স্থানলৈ এই ৯খন অমৃত ভাৰত এক্সপ্ৰেছৰ যাত্ৰা সোনকালেই আৰম্ভ হ'ব বুলি মঙলবাৰে সামাজিক মাধ্যম এক্সত ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ প'ষ্টত উক্ত ৰে'লকেইখনৰ যাত্রা শুভাৰম্ভৰ দিনৰ কথা ঘোষণা কৰা নাই যদিও সংবাদ মাধ্যমৰ বাতৰি মতে এই সপ্তাহৰ শেষৰ ফালে উক্ত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। আনহাতে 'প্ৰভাত খবৰ' নামৰ হিন্দী কাকতখনৰ মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰীত পশ্চিম বংগৰ মালদহ ষ্টেছনত অসম অভিমুখী ৰে'লখনকে ধৰি দুখন বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। পিছদিনা ১৮ জানুৱাৰীত বংগৰ হুগলী জিলাৰ সিংগুৰ ষ্টেছনত উক্ত অমৃত ভাৰত এক্সপ্ৰেছকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ