--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আনন্দ মনে পৰিয়ালৰ সৈতে সকলোৱে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। যি সাঁজ ভাতত আছে আনন্দ, তৃপ্তি, প্ৰশান্তি আৰু প্ৰাপ্তিৰ অনাবিল আনন্দ।

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। কিয়নো আজি ভোগালী বিহুৰ উৰুকা। ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। ভোগালীৰ উৰুকাৰ আনন্দ-উদ্দীপনাই আন্দোলিত কৰিছে প্ৰতিজন লোকক। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাক সাকাৰ ৰূপ দিবলৈ গাঁৱে-ভূঁইয়ে, চহৰে-নগৰে এতিয়া ব্যস্ততাৰ অন্ত নাই। পচন্দ অনুসাৰে গ্ৰাহকে ক্ৰয় কৰিছে প্ৰতিপদ সামগ্ৰী। 


আনন্দ মনে পৰিয়ালৰ সৈতে সকলোৱে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। যি সাঁজ ভাতত আছে আনন্দ, তৃপ্তি, প্ৰশান্তি আৰু প্ৰাপ্তিৰ অনাবিল আনন্দ। সকলোৰে মনত আজি ভোগৰ সামগ্ৰীৰে ঘৰখন ভৰাই তোলাৰ হেঁপাহ। ভোগৰ ভোগজৰা লৈ প্ৰতিটো পৰিয়ালৰ চোতালত, আখলত, ভঁৰালত হেঁপাহৰ ভোগালীৰ ছবিখন দেখিবলৈ পোৱা যায় । উৰুকাত সকলোৱে আজি হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে । কাহিলীপুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ৰাইজ উপস্থিত হয় নিজৰ পচন্দৰ মাছটো বিচাৰি। চিতল, ৰৌ, আৰি, ভকুৱা, বৰালী মাছৰ সমাহাৰে আজি নতুন ৰূপ পালে প্ৰতিখন বজাৰ।  


হেঁপাহৰ বিহুটিৰ আনন্দ উপভোগৰ মনোৰথেৰে ৰাজ্যৰ সৰ্বপ্ৰান্তত ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। পথাৰত নিৰ্মাণ কৰা ভেলাঘৰসমূহতো ভোজভাত খাব গাঁওবাসীয়ে। আজি উৰুকাৰ নিশা এই ভেলাঘৰৰ উম লৈ সকলোৱে ভোগৰ এসাঁজ খাই গীত-মাতেৰে আনন্দ কৰিব আৰু কাইলৈ পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজি প্ৰজ্বলন কৰিব। আনহাতে প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত এতিয়া তিল পিঠা, ঘিলা পিঠা, চিৰা-দৈ আৰু লাৰুৰ সুবাস। গাঁৱৰ বোৱাৰী-জীয়ৰী ব্যস্ত হৈ পৰিছে ভোগালীৰ জলপান প্ৰস্তুত কৰাত। এনেদৰে আজি আনন্দ মনে সকলোৱে উদযাপন কৰিব হেঁপাহৰ ভোগালী বিহুৰ উৰুকাটি।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু