--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আনন্দ মনে পৰিয়ালৰ সৈতে সকলোৱে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। যি সাঁজ ভাতত আছে আনন্দ, তৃপ্তি, প্ৰশান্তি আৰু প্ৰাপ্তিৰ অনাবিল আনন্দ।

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। কিয়নো আজি ভোগালী বিহুৰ উৰুকা। ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। ভোগালীৰ উৰুকাৰ আনন্দ-উদ্দীপনাই আন্দোলিত কৰিছে প্ৰতিজন লোকক। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাক সাকাৰ ৰূপ দিবলৈ গাঁৱে-ভূঁইয়ে, চহৰে-নগৰে এতিয়া ব্যস্ততাৰ অন্ত নাই। পচন্দ অনুসাৰে গ্ৰাহকে ক্ৰয় কৰিছে প্ৰতিপদ সামগ্ৰী। 


আনন্দ মনে পৰিয়ালৰ সৈতে সকলোৱে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। যি সাঁজ ভাতত আছে আনন্দ, তৃপ্তি, প্ৰশান্তি আৰু প্ৰাপ্তিৰ অনাবিল আনন্দ। সকলোৰে মনত আজি ভোগৰ সামগ্ৰীৰে ঘৰখন ভৰাই তোলাৰ হেঁপাহ। ভোগৰ ভোগজৰা লৈ প্ৰতিটো পৰিয়ালৰ চোতালত, আখলত, ভঁৰালত হেঁপাহৰ ভোগালীৰ ছবিখন দেখিবলৈ পোৱা যায় । উৰুকাত সকলোৱে আজি হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে । কাহিলীপুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ৰাইজ উপস্থিত হয় নিজৰ পচন্দৰ মাছটো বিচাৰি। চিতল, ৰৌ, আৰি, ভকুৱা, বৰালী মাছৰ সমাহাৰে আজি নতুন ৰূপ পালে প্ৰতিখন বজাৰ।  


হেঁপাহৰ বিহুটিৰ আনন্দ উপভোগৰ মনোৰথেৰে ৰাজ্যৰ সৰ্বপ্ৰান্তত ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। পথাৰত নিৰ্মাণ কৰা ভেলাঘৰসমূহতো ভোজভাত খাব গাঁওবাসীয়ে। আজি উৰুকাৰ নিশা এই ভেলাঘৰৰ উম লৈ সকলোৱে ভোগৰ এসাঁজ খাই গীত-মাতেৰে আনন্দ কৰিব আৰু কাইলৈ পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজি প্ৰজ্বলন কৰিব। আনহাতে প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত এতিয়া তিল পিঠা, ঘিলা পিঠা, চিৰা-দৈ আৰু লাৰুৰ সুবাস। গাঁৱৰ বোৱাৰী-জীয়ৰী ব্যস্ত হৈ পৰিছে ভোগালীৰ জলপান প্ৰস্তুত কৰাত। এনেদৰে আজি আনন্দ মনে সকলোৱে উদযাপন কৰিব হেঁপাহৰ ভোগালী বিহুৰ উৰুকাটি।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ