--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলা গৰাকী সমাজ কল্যান বিভাগৰ এগৰাকী অংগনৱাড়ী কৰ্মী অভিযোগ হাৱাইপুৰ দুই নং তখাদী গাঁৱৰ বন্তি টিমুংপী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে

ডিজিটেল ডেস্কঃ পশ্চিম কৰ্বিআংলং জিলাৰ খেৰনীৰ হাৱাইপুৰত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে এগৰাকী স্থানীয় মহিলাৰ বিৰুদ্ধে । অভিযোগ হাৱাইপুৰ দুই নং তখাদী গাঁৱৰ বন্তি টিমুংপী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ।


লগতে নাম সাঙুৰ খাইছে তেওঁৰে ভাতৃ তপন টিমুঙৰ। মহিলা গৰাকী সমাজ কল্যান বিভাগৰ এগৰাকী অংগনৱাড়ী কৰ্মী। নিজে এগৰাকী অংগনৱাড়ী কৰ্মী হৈ চুপাৰভাইজাৰ , কৰ্মী তথা সহায়কৰ চাকৰি দিয়াৰ নামত অঞ্চলটোৰ ১০/১২ গৰাকী মহিলাৰ পৰা কেইবা লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলা সকলে।


অভিযোগ অনুসৰি ২০২৩ বৰ্ষৰে পৰা বন্তী টিমুংৰীয়ে‌ যাৰ পৰা যেনেকৈ পাৰিছে ৫০হাজাৰৰ পৰা ১লাখ পৰ্যন্ত ধন সংগ্ৰহ কৰিছিল।এতিয়ালৈ চাকৰি নোহোৱাত ভুক্তভোগীয়ে বন্তীক টকাবোৰ ওভতাই বিচৰাত বন্তীয়ে ওলোতাকৈ তেওঁলোকৰ ওপৰতেই গোচৰ জাপি দিয়ে খেৰনী থানাত।


পাছত ভুক্তভোগী মহিলা সকলে উপাইঅন্ত হৈ খেৰনী আৰক্ষীৰ কাষ চাপি বন্তী টিমুংপীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰে । উল্লেখযোগ্য যে , বন্তী টিমুংপীয়ে হামৰেন সমাজ কল্যান বিভাগৰ কেইবাগৰাকী CDPO ৰ উপৰিও বহু কেইজন বিজেপি দলৰ নেতা পালিনেতা ৰ লগতে কাৰ্বিপৰিষদৰ কাৰ্যবাহী সদস্যা ৰীনা টেৰাংপীৰো নাম লৈ ধন সংগ্ৰহ কৰিছিল বুলি ভুক্তভোগী সকলে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ