ডিজিটেল ডেস্কঃ মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি ৷ এগৰাকী মহিলাক চুলিত ধৰি টানি চোচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ নিজ আত্মীয়ৰ ৷
পিন্ধনৰ কাপোৰ ফালি মহিলাৰ শ্লীলতা হানিৰো গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ ৷ অভিযোগ অনুসৰি জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত গুৰিপথাৰ গাঁৱৰ পিন্টু দাস আৰু আত্মীয় প্ৰসেনজিৎ দাসৰ মাজত চলি আছিল মাটিবাৰী সংক্ৰান্তীয় মনোমালিন্য ৷
সেইমৰ্মে মায়ং ৰাজহ চক্ৰৰ মণ্ডলে মাটিখিনি জোখমাখ কৰিবলৈ উপস্থিত হৈছিল ৩ আগষ্ট তাৰিখে ৷ কিন্তু মণ্ডলে মাটি জোখমাখ কৰি যোৱাৰ পিছতে সম্বন্ধীয় প্ৰসেনজিৎ দাস, পত্নী পম্পী দাস আৰু মাতৃ ৰীনা দাসে ঘৰত কোনো নথকাৰ সময়তে পিন্টু দাসৰ পত্নী চঞ্চলা দাসক দলবদ্ধ আক্ৰমণ কৰে ৷ চুলিত ধৰি ঘৰৰ পৰা চোচৰাই আনি অকলশৰীয়া মহিলা গৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে কাপোৰ ফালি শ্লীলতা হানিৰ চেষ্টা চলাই তিনি অভিযুক্তই ৷
এই সন্দৰ্ভত মহিলাগৰাকীয়ে জাগীৰোড আৰক্ষীক অবগত কৰাৰ লগতে এজাহাৰ দাখিল কৰে যদিও ঘটনাৰ ৫ দিন উকলি যোৱাৰ পিছতো আজিলৈকে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ ৷ যাৰ ফলত এতিয়াও মুকলি আকাশৰ তলত এগৰাকী অসহায় মহিলাক দলবদ্ধ আক্ৰমণ কৰা তিনি অভিযুক্ত ৷
আৰক্ষীৰ সঁহাৰি নাপাই অৱশেষত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে দৰিদ্ৰ পৰিয়ালটি ৷