--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পিন্ধনৰ কাপোৰ ফালি মহিলাৰ শ্লীলতা হানিৰো গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ ৷ অভিযোগ অনুসৰি জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত গুৰিপথাৰ গাঁৱৰ পিন্টু দাস আৰু আত্মীয় প্ৰসেনজিৎ দাসৰ মাজত চলি আছিল মাটিবাৰী সংক্ৰান্তীয় মনোমালিন্য ৷

ডিজিটেল ডেস্কঃ মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি ৷ এগৰাকী মহিলাক চুলিত ধৰি টানি চোচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ নিজ আত্মীয়ৰ ৷


পিন্ধনৰ কাপোৰ ফালি মহিলাৰ শ্লীলতা হানিৰো গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ ৷ অভিযোগ অনুসৰি জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত গুৰিপথাৰ গাঁৱৰ পিন্টু দাস আৰু আত্মীয় প্ৰসেনজিৎ দাসৰ মাজত চলি আছিল মাটিবাৰী সংক্ৰান্তীয় মনোমালিন্য ৷


সেইমৰ্মে মায়ং ৰাজহ চক্ৰৰ মণ্ডলে মাটিখিনি জোখমাখ কৰিবলৈ উপস্থিত হৈছিল ৩ আগষ্ট তাৰিখে ৷ কিন্তু মণ্ডলে মাটি জোখমাখ কৰি যোৱাৰ পিছতে সম্বন্ধীয় প্ৰসেনজিৎ দাস, পত্নী পম্পী দাস আৰু মাতৃ ৰীনা দাসে ঘৰত কোনো নথকাৰ সময়তে পিন্টু দাসৰ পত্নী চঞ্চলা দাসক দলবদ্ধ আক্ৰমণ কৰে ৷ চুলিত ধৰি ঘৰৰ পৰা চোচৰাই আনি অকলশৰীয়া মহিলা গৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে কাপোৰ ফালি শ্লীলতা হানিৰ চেষ্টা চলাই তিনি অভিযুক্তই ৷


এই সন্দৰ্ভত মহিলাগৰাকীয়ে জাগীৰোড আৰক্ষীক অবগত কৰাৰ লগতে এজাহাৰ দাখিল কৰে যদিও ঘটনাৰ ৫ দিন উকলি যোৱাৰ পিছতো আজিলৈকে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ ৷ যাৰ ফলত এতিয়াও মুকলি আকাশৰ তলত এগৰাকী অসহায় মহিলাক দলবদ্ধ আক্ৰমণ কৰা তিনি অভিযুক্ত ৷


আৰক্ষীৰ সঁহাৰি নাপাই অৱশেষত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে দৰিদ্ৰ পৰিয়ালটি ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ