--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বনাথৰ পূৱ ভিৰ গাঁৱৰ মালি হুছেইন ওৰফে ৰহমত আলিয়ে এমাহ পূৰ্বে বিবাহ কৰাইছিল বিশ্বনাথৰ ১ নং আদাভেটি গাঁৱৰ আফ্ৰোজা খাতুনক। আজি আফ্ৰোজা খাতুনৰ ডিঙি ৰেপি থোৱা অৱস্থাত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহৰ পাকঘৰত

ডিজিটেল ডেস্কঃ বিশ্বনাথৰ পূৱ ভিৰ গাঁৱত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাতে হাতে বাঁহ শিল লৈ মাৰপিটত লিপ্ত হয় দুই ফৈদ। ঘটনাত কেবাজনো লোক আহত হৈছে।


উল্লেখ্য যে বিশ্বনাথৰ পূৱ ভিৰ গাঁৱৰ মালি হুছেইন ওৰফে ৰহমত আলিয়ে এমাহ পূৰ্বে বিবাহ কৰাইছিল বিশ্বনাথৰ ১ নং আদাভেটি গাঁৱৰ আফ্ৰোজা খাতুনক। আজি আফ্ৰোজা খাতুনৰ ডিঙি ৰেপি থোৱা অৱস্থাত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহৰ পাকঘৰত।


এই ঘটনা আফ্ৰোজা খাতুনৰ পৰিয়ালে বেলেগৰ মুখেৰে জানিব পাৰি মালি হুছেইনৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে দুয়ো পক্ষৰ মাজত হাতে হাতে বাঁহ,শীল লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।


বিশ্বনাথ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সহ আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে যদিও চেপা উত্তেজনা অব্যাহত । ইফালে আফ্ৰোজা খাতুনৰ পৰিয়ালৰ স্পষ্ট অভিযোগ,আফ্ৰোজা খাতুনৰ স্বামী ৰহমত হুছেইন আৰু পৰিয়ালৰ লোকে মিলি হত্যা কৰিছে আফ্ৰোজা খাতুনক।


ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে স্বামী ৰহমত আলি,পিতৃ মফেল আলি আৰু মাতৃ ফজিতন নেচাক আটক কৰিছে লগতে দণ্ডাধীশ উপস্থিত হৈ আফ্ৰোজা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে। স্থানীয় লোক তথা আমছুৰ দাবী,এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ