--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বনাথৰ পূৱ ভিৰ গাঁৱৰ মালি হুছেইন ওৰফে ৰহমত আলিয়ে এমাহ পূৰ্বে বিবাহ কৰাইছিল বিশ্বনাথৰ ১ নং আদাভেটি গাঁৱৰ আফ্ৰোজা খাতুনক। আজি আফ্ৰোজা খাতুনৰ ডিঙি ৰেপি থোৱা অৱস্থাত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহৰ পাকঘৰত

ডিজিটেল ডেস্কঃ বিশ্বনাথৰ পূৱ ভিৰ গাঁৱত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাতে হাতে বাঁহ শিল লৈ মাৰপিটত লিপ্ত হয় দুই ফৈদ। ঘটনাত কেবাজনো লোক আহত হৈছে।


উল্লেখ্য যে বিশ্বনাথৰ পূৱ ভিৰ গাঁৱৰ মালি হুছেইন ওৰফে ৰহমত আলিয়ে এমাহ পূৰ্বে বিবাহ কৰাইছিল বিশ্বনাথৰ ১ নং আদাভেটি গাঁৱৰ আফ্ৰোজা খাতুনক। আজি আফ্ৰোজা খাতুনৰ ডিঙি ৰেপি থোৱা অৱস্থাত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহৰ পাকঘৰত।


এই ঘটনা আফ্ৰোজা খাতুনৰ পৰিয়ালে বেলেগৰ মুখেৰে জানিব পাৰি মালি হুছেইনৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে দুয়ো পক্ষৰ মাজত হাতে হাতে বাঁহ,শীল লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।


বিশ্বনাথ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সহ আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে যদিও চেপা উত্তেজনা অব্যাহত । ইফালে আফ্ৰোজা খাতুনৰ পৰিয়ালৰ স্পষ্ট অভিযোগ,আফ্ৰোজা খাতুনৰ স্বামী ৰহমত হুছেইন আৰু পৰিয়ালৰ লোকে মিলি হত্যা কৰিছে আফ্ৰোজা খাতুনক।


ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে স্বামী ৰহমত আলি,পিতৃ মফেল আলি আৰু মাতৃ ফজিতন নেচাক আটক কৰিছে লগতে দণ্ডাধীশ উপস্থিত হৈ আফ্ৰোজা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে। স্থানীয় লোক তথা আমছুৰ দাবী,এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ