--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এই দুৰ্ঘটনা, য’ত ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াৰ বাবে ৰীলৰ শ্বুটিং কৰি আছিল বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্কঃ ৰীল বনাই থাকোতে ১৩ নং মহলাৰ পৰা পৰি এগৰাকী যুৱতীৰ কৰুণ মৃত্যু। বেংগালুৰুৰ পৰাপ্পান আগৰাহৰা অঞ্চলত ওখ অট্টালিকাৰ পৰা পৰি মৃত্যু হয় ২০ বছৰীয়া যুৱতীগৰাকীৰ।


নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এই দুৰ্ঘটনা, য’ত ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াৰ বাবে ৰীলৰ শ্বুটিং কৰি আছিল বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ মতে, ছোৱালীজনীয়ে গভীৰ নিশা পাৰ্টিৰ কৰিবলৈ বন্ধুৰ দল এটাৰ সৈতে সেই অট্টালিকালৈ গৈছিল। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কক লৈ বিবাদৰ সৃষ্টি হয়। উত্তেজনাৰ মাজতে ছোৱালীজনীয়ে "ছেড ৰিল" বনাবলৈ চেষ্টা কৰিলে, কিন্তু হঠাতে পিছলি পৰি তলত পৰিল। জানিব পৰা মতে, যুৱতীগৰাকীয়ে শ্বপিং মাৰ্টত কাম কৰিছিল আৰু মূলতঃ বিহাৰৰ আছিল। ঘটনাৰ পিছতে তেওঁৰ বন্ধুসকলে সেই স্থানৰ পৰা পলায়ন কৰে।



দক্ষিণ-পূব বেংগালুৰুৰ ডিচিপি ফাতিমাই নিশ্চিত কৰে যে হয়, তেওঁলোকে নিৰ্মাণৰত এটা অট্টালিকাত পাৰ্টি কৰি আছিল আৰু তাৰ পিছত ছাদলৈ গৈ ৰিল বনালে, তেতিয়া ছোৱালীজনী পিছলি পৰিল। প্ৰেমৰ কোনো কাৰণ আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, তদন্ত অব্যাহত আছে। এই গোচৰটো অস্বাভাৱিক মৃত্যুৰ প্ৰতিবেদনৰ অধীনত ৰুজু কৰা হৈছে। "পৰপ্পানা আগৰহৰা আৰক্ষী এই ৰহস্যজনক মৃত্যুৰ বিশদ তদন্তত নিয়োজিত। ইয়াৰ পূৰ্বে বিহাৰৰ বেগুছৰাইত এগৰাকী বাইক আৰোহীয়ে ৰিল বনোৱাৰ সময়তে গছত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয়।"


গতিকে ৰীল বনোৱাৰ সময়ত সাৱধান হ'বলৈ আহ্বান সচেতন সমাজৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ