--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এই দুৰ্ঘটনা, য’ত ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াৰ বাবে ৰীলৰ শ্বুটিং কৰি আছিল বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্কঃ ৰীল বনাই থাকোতে ১৩ নং মহলাৰ পৰা পৰি এগৰাকী যুৱতীৰ কৰুণ মৃত্যু। বেংগালুৰুৰ পৰাপ্পান আগৰাহৰা অঞ্চলত ওখ অট্টালিকাৰ পৰা পৰি মৃত্যু হয় ২০ বছৰীয়া যুৱতীগৰাকীৰ।


নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এই দুৰ্ঘটনা, য’ত ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াৰ বাবে ৰীলৰ শ্বুটিং কৰি আছিল বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ মতে, ছোৱালীজনীয়ে গভীৰ নিশা পাৰ্টিৰ কৰিবলৈ বন্ধুৰ দল এটাৰ সৈতে সেই অট্টালিকালৈ গৈছিল। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কক লৈ বিবাদৰ সৃষ্টি হয়। উত্তেজনাৰ মাজতে ছোৱালীজনীয়ে "ছেড ৰিল" বনাবলৈ চেষ্টা কৰিলে, কিন্তু হঠাতে পিছলি পৰি তলত পৰিল। জানিব পৰা মতে, যুৱতীগৰাকীয়ে শ্বপিং মাৰ্টত কাম কৰিছিল আৰু মূলতঃ বিহাৰৰ আছিল। ঘটনাৰ পিছতে তেওঁৰ বন্ধুসকলে সেই স্থানৰ পৰা পলায়ন কৰে।



দক্ষিণ-পূব বেংগালুৰুৰ ডিচিপি ফাতিমাই নিশ্চিত কৰে যে হয়, তেওঁলোকে নিৰ্মাণৰত এটা অট্টালিকাত পাৰ্টি কৰি আছিল আৰু তাৰ পিছত ছাদলৈ গৈ ৰিল বনালে, তেতিয়া ছোৱালীজনী পিছলি পৰিল। প্ৰেমৰ কোনো কাৰণ আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, তদন্ত অব্যাহত আছে। এই গোচৰটো অস্বাভাৱিক মৃত্যুৰ প্ৰতিবেদনৰ অধীনত ৰুজু কৰা হৈছে। "পৰপ্পানা আগৰহৰা আৰক্ষী এই ৰহস্যজনক মৃত্যুৰ বিশদ তদন্তত নিয়োজিত। ইয়াৰ পূৰ্বে বিহাৰৰ বেগুছৰাইত এগৰাকী বাইক আৰোহীয়ে ৰিল বনোৱাৰ সময়তে গছত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয়।"


গতিকে ৰীল বনোৱাৰ সময়ত সাৱধান হ'বলৈ আহ্বান সচেতন সমাজৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক