--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যাত্ৰা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, এয়া বিশ্বাস, প্ৰেম আৰু সমৰ্পণৰ এক জীয়া নিদৰ্শন।

ডিজিটেল ডেস্কঃ দেশী-বিদেশী তীৰ্থযাত্ৰীৰে আৰম্ভ হ'ল পবিত্ৰ ৰথযাত্ৰা।  বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰা আৰু ৰথৰ বিশেষত্ব জানেনে?


কেনেকৈ আৰম্ভ হৈছিল ৰথযাত্ৰা ? কোনে টানিব পাৰে ৰথৰ ৰছী? ৰথ নিৰ্মাণৰ বাবে কাঠ কেনেকৈ নিৰ্বাচিত কৰে ? তিনিখন ৰথৰ নাম আৰু ৰং কি কি? কি আছে বিশেষত্ব? এই প্ৰশ্নবোৰৰ উত্তৰ বহু মানুহেই জানিব বিচাৰে।


এতিয়া দেশজুৰি আৰম্ভ হৈছে জগন্নাথৰ ৰথ যাত্ৰা। লাখ লাখ ভক্তৰ ধ্বনি আৰু ভক্তিময় পৰিৱেশৰ মাজেৰে ভগৱান জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাই নিজ নিজ ৰথেৰে ৰাওনা হৈছে গুণ্ডিচা মন্দিৰ অভিমুখে।


পুৰীলৈ এই যাত্ৰা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, এয়া বিশ্বাস, প্ৰেম আৰু সমৰ্পণৰ এক জীয়া নিদৰ্শন।


কিংবদন্তি অনুসৰি এবাৰ দেৱী সুভদ্ৰাই পুৰী নগৰখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভগৱান জগন্নাথ আৰু ভাতৃ বলভদ্ৰই সুভদ্ৰাক ৰথত উঠাই নগৰ ভ্ৰমণৰ বাবে ওলাই গৈছিল। বাটত কেইদিনমান কাৰনে তেওঁলোকৰ মাহীৰ ঘৰ বুলি গণ্য কৰা শ্ৰীগুণ্ডিচা মন্দিৰত ৭ দিন জিৰণি লৈছিল। তেতিয়াৰ পৰাই এই ঘটনাৰ স্মৃতিত প্ৰতি বছৰে উলিওৱা হয় ৰথযাত্ৰা।


ৰথযাত্ৰাৰ তিনিখন ৰথ তিনিটা পৃথক ৰং


ভগৱান জগন্নাথৰ ৰথখনৰ নাম নন্দিঘোষ, ৰথখনৰ ৰং ৰঙা-হালধীয়া। ভাতৃ বালোৰামৰ ৰথখনৰ নাম তালাধ্বজ, ৰং ৰঙা-সেউজীয়া।  দেৱী সুভদ্ৰাৰ ৰথখনৰ নাম দৰ্পদলন, ৰথখনৰ ৰং ৰঙা-ক’লা


এই ৰংবোৰৰ পৌৰাণিক আৰু সাংস্কৃতিক তাৎপৰ্য আছে। প্ৰতিটো ৰং দেৱতাৰ স্বভাৱ আৰু শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে ধৰ্ম, জাতি, দেশ নিৰ্বিশেষে যিকোনো ব্যক্তিয়ে টানে ৰথৰ ৰছী।


ৰথ নিৰ্মাণৰ কাঠ ওড়িশাৰ ময়ুৰভঞ্জ, গঞ্জাম আৰু কেওনঝাৰ জিলাৰ অৰণ্যৰ পৰা অনা হয়। কাঠ কটাৰ আগতে পূজা কৰা হয় আৰু শুভ সময়ত কটা হয়।ৰথ নিৰ্মাণৰ বাবে বিশেষ প্ৰকাৰৰ গছ বাছনি কৰা হয়, য’ত ভগৱান জগন্নাথৰ লগত জড়িত চক্ৰ, শংখ, গদা, পদ্ম আদি ধৰ্মীয় প্ৰতীকৰ চিন দেখা যায়। ইয়াৰ বাহিৰেও যিবোৰ গছত চৰাইৰ বাহ বা কাষত পবিত্ৰ স্থান যেনে নদী, মন্দিৰ ইত্যাদি থাকে, সেইবোৰ গছ কাটিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ