--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যাত্ৰা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, এয়া বিশ্বাস, প্ৰেম আৰু সমৰ্পণৰ এক জীয়া নিদৰ্শন।

ডিজিটেল ডেস্কঃ দেশী-বিদেশী তীৰ্থযাত্ৰীৰে আৰম্ভ হ'ল পবিত্ৰ ৰথযাত্ৰা।  বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰা আৰু ৰথৰ বিশেষত্ব জানেনে?


কেনেকৈ আৰম্ভ হৈছিল ৰথযাত্ৰা ? কোনে টানিব পাৰে ৰথৰ ৰছী? ৰথ নিৰ্মাণৰ বাবে কাঠ কেনেকৈ নিৰ্বাচিত কৰে ? তিনিখন ৰথৰ নাম আৰু ৰং কি কি? কি আছে বিশেষত্ব? এই প্ৰশ্নবোৰৰ উত্তৰ বহু মানুহেই জানিব বিচাৰে।


এতিয়া দেশজুৰি আৰম্ভ হৈছে জগন্নাথৰ ৰথ যাত্ৰা। লাখ লাখ ভক্তৰ ধ্বনি আৰু ভক্তিময় পৰিৱেশৰ মাজেৰে ভগৱান জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাই নিজ নিজ ৰথেৰে ৰাওনা হৈছে গুণ্ডিচা মন্দিৰ অভিমুখে।


পুৰীলৈ এই যাত্ৰা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, এয়া বিশ্বাস, প্ৰেম আৰু সমৰ্পণৰ এক জীয়া নিদৰ্শন।


কিংবদন্তি অনুসৰি এবাৰ দেৱী সুভদ্ৰাই পুৰী নগৰখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভগৱান জগন্নাথ আৰু ভাতৃ বলভদ্ৰই সুভদ্ৰাক ৰথত উঠাই নগৰ ভ্ৰমণৰ বাবে ওলাই গৈছিল। বাটত কেইদিনমান কাৰনে তেওঁলোকৰ মাহীৰ ঘৰ বুলি গণ্য কৰা শ্ৰীগুণ্ডিচা মন্দিৰত ৭ দিন জিৰণি লৈছিল। তেতিয়াৰ পৰাই এই ঘটনাৰ স্মৃতিত প্ৰতি বছৰে উলিওৱা হয় ৰথযাত্ৰা।


ৰথযাত্ৰাৰ তিনিখন ৰথ তিনিটা পৃথক ৰং


ভগৱান জগন্নাথৰ ৰথখনৰ নাম নন্দিঘোষ, ৰথখনৰ ৰং ৰঙা-হালধীয়া। ভাতৃ বালোৰামৰ ৰথখনৰ নাম তালাধ্বজ, ৰং ৰঙা-সেউজীয়া।  দেৱী সুভদ্ৰাৰ ৰথখনৰ নাম দৰ্পদলন, ৰথখনৰ ৰং ৰঙা-ক’লা


এই ৰংবোৰৰ পৌৰাণিক আৰু সাংস্কৃতিক তাৎপৰ্য আছে। প্ৰতিটো ৰং দেৱতাৰ স্বভাৱ আৰু শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে ধৰ্ম, জাতি, দেশ নিৰ্বিশেষে যিকোনো ব্যক্তিয়ে টানে ৰথৰ ৰছী।


ৰথ নিৰ্মাণৰ কাঠ ওড়িশাৰ ময়ুৰভঞ্জ, গঞ্জাম আৰু কেওনঝাৰ জিলাৰ অৰণ্যৰ পৰা অনা হয়। কাঠ কটাৰ আগতে পূজা কৰা হয় আৰু শুভ সময়ত কটা হয়।ৰথ নিৰ্মাণৰ বাবে বিশেষ প্ৰকাৰৰ গছ বাছনি কৰা হয়, য’ত ভগৱান জগন্নাথৰ লগত জড়িত চক্ৰ, শংখ, গদা, পদ্ম আদি ধৰ্মীয় প্ৰতীকৰ চিন দেখা যায়। ইয়াৰ বাহিৰেও যিবোৰ গছত চৰাইৰ বাহ বা কাষত পবিত্ৰ স্থান যেনে নদী, মন্দিৰ ইত্যাদি থাকে, সেইবোৰ গছ কাটিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ