--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই নতুন বেচ্চৰ এ কে-২০৩ এছল্ট ৰাইফলৰ এটা আধুনিক সংস্কৰণৰ কালাছনিক'ভা ছিৰিজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে

ডিজিটেল ডেস্ক : ভাৰতীয় সশস্ত্র বাহিনীক শক্তিশালী কৰাৰ উদ্দেশ্যে এটা নতুন ছিৰিজৰ ৰাইফল নিৰ্মাণৰ কাৰখানা উত্তৰ প্ৰদেশৰ আমেথিত সংস্থাপন কৰা হৈছে।


এই নতুন বেচ্চৰ এ কে-২০৩ এছল্ট ৰাইফলৰ এটা আধুনিক সংস্কৰণৰ কালাছনিক'ভা ছিৰিজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। উত্তৰ প্ৰদেশৰ আমেথিত 'শ্বেৰ' শীর্ষক এ কে-২০৩-ৰ থলুৱাভাৱে নিৰ্মাণৰ বাবে ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্রাইভেট লিমিটেডৰ (আই আৰ আৰ পি এল) যুটীয়া উদ্যোগত এটা কাৰখানা স্থাপন কৰা হৈছে। এই বিশেষ ৰাইফলটোৰ দ্বাৰা এক মিনিটত ৭০০ জাঁই গুলী বৰ্ষণ কৰিব পৰা যাব আৰু ৮০০ মিটাৰ ব্যাসার্ধৰ লক্ষ্যক আঘাত হানিব পৰা যাব। ৫,২০০ কোটি টকীয়া এখন চুক্তিৰ অধীনত আই আৰ আৰ পি এল কোম্পানীয়ে ভাৰতীয় সশস্ত্র বাহিনীক ৬ লাখতকৈ অধিক ৰাইফল যোগান ধৰিব।


আই আৰ আৰ পি এলৰ মুৰব্বী মেজৰ জেনেৰেল এছ কে শৰ্মাই বৃহস্পতিবাৰে কয় যে কোম্পানীটোৱে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত এই ৰাই ফলসমূহৰ ডেলিভাৰী সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে এতিয়ালৈকে প্রায় ৪৮ হাজাৰ ৰাই ফল ডেলিভাৰী দিছে। আৰু ৭০০০ ৰাইফল অহা দুই তিনি সপ্তাহৰ ভিতৰত সশস্ত্র বাহিনীক অর্পণ কৰা হ'ব আৰু চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত অতিৰিক্তকৈ ১৫ হাজাৰ ৰাইফল সশস্ত্র বাহিনীক অর্পণ কৰা হ'ব বুলি শর্মাই মন্তব্য কৰে। উল্লেখযোগ্য যে এ কে-৪৭ আৰু এ কে-৫৬ ৰাইফলছৰ তুলনাত এই এ কে-২০৩ ৰাইফল অধিক আধুনিক। কালাছনিক'ভা ছিৰিজৰ এই ৰাইফলটো হৈছে অতি মাৰাত্মক। তিনি দশক পূৰ্বে ব্যৱহাৰযোগ্য হৈ উঠা ৰাইফলবোৰৰ ঠাইত এতিয়া এই এ কে ২০৩ ৰাইফলবোৰে ভাৰতীয় স্মল আর্মছ ছিষ্টেম ৰাইফলছৰ নতুন ছিৰিজ আৰম্ভ কৰিছে।


এই এ কে-২০৩ ৰাইফলছবোৰৰ মেগজিনত এটা সময়ত ৩০টা গুলী সুমুৱাব পৰা যাব। ইয়াৰ কার্টিজসমূহৰ আকৃতি ৭.৬২০৩৯ এম এম হ'ব। ৩.৮ কিল'গ্রাম ওজনৰ এই এ কে-২০৩ ৰাইফলবোৰ ভাৰতীয় সামৰিক বাহিনীয়ে উগ্রপন্থী-সন্ত্রাসবাদী বিৰোধী অভিযান চলোৱাৰ সময়ত অধিক ফলপ্রসূভাবে ব্যৱহাৰ কৰিব পাৰিব। এই 'শ্বেৰ' ৰাইফলবোৰ মাত্র ৭০৫ মিঃ মিটাৰ দৈর্ঘ্যৰ। বিশেষকৈ নিয়ন্ত্রণ ৰেখা (এল অ'চি) আৰু প্ৰকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ৰ লগতে পাক-ভাৰতৰ উত্তৰ আৰু দক্ষিণ সীমান্তত নিয়োজিত হৈ থকা সেনাৰ জোৱানসকলৰ বাবে এই এ কে-২০৩ ৰাইফলটো উপহাৰ স্বৰূপ হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ