--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই নতুন বেচ্চৰ এ কে-২০৩ এছল্ট ৰাইফলৰ এটা আধুনিক সংস্কৰণৰ কালাছনিক'ভা ছিৰিজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে

ডিজিটেল ডেস্ক : ভাৰতীয় সশস্ত্র বাহিনীক শক্তিশালী কৰাৰ উদ্দেশ্যে এটা নতুন ছিৰিজৰ ৰাইফল নিৰ্মাণৰ কাৰখানা উত্তৰ প্ৰদেশৰ আমেথিত সংস্থাপন কৰা হৈছে।


এই নতুন বেচ্চৰ এ কে-২০৩ এছল্ট ৰাইফলৰ এটা আধুনিক সংস্কৰণৰ কালাছনিক'ভা ছিৰিজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। উত্তৰ প্ৰদেশৰ আমেথিত 'শ্বেৰ' শীর্ষক এ কে-২০৩-ৰ থলুৱাভাৱে নিৰ্মাণৰ বাবে ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্রাইভেট লিমিটেডৰ (আই আৰ আৰ পি এল) যুটীয়া উদ্যোগত এটা কাৰখানা স্থাপন কৰা হৈছে। এই বিশেষ ৰাইফলটোৰ দ্বাৰা এক মিনিটত ৭০০ জাঁই গুলী বৰ্ষণ কৰিব পৰা যাব আৰু ৮০০ মিটাৰ ব্যাসার্ধৰ লক্ষ্যক আঘাত হানিব পৰা যাব। ৫,২০০ কোটি টকীয়া এখন চুক্তিৰ অধীনত আই আৰ আৰ পি এল কোম্পানীয়ে ভাৰতীয় সশস্ত্র বাহিনীক ৬ লাখতকৈ অধিক ৰাইফল যোগান ধৰিব।


আই আৰ আৰ পি এলৰ মুৰব্বী মেজৰ জেনেৰেল এছ কে শৰ্মাই বৃহস্পতিবাৰে কয় যে কোম্পানীটোৱে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত এই ৰাই ফলসমূহৰ ডেলিভাৰী সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে এতিয়ালৈকে প্রায় ৪৮ হাজাৰ ৰাই ফল ডেলিভাৰী দিছে। আৰু ৭০০০ ৰাইফল অহা দুই তিনি সপ্তাহৰ ভিতৰত সশস্ত্র বাহিনীক অর্পণ কৰা হ'ব আৰু চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত অতিৰিক্তকৈ ১৫ হাজাৰ ৰাইফল সশস্ত্র বাহিনীক অর্পণ কৰা হ'ব বুলি শর্মাই মন্তব্য কৰে। উল্লেখযোগ্য যে এ কে-৪৭ আৰু এ কে-৫৬ ৰাইফলছৰ তুলনাত এই এ কে-২০৩ ৰাইফল অধিক আধুনিক। কালাছনিক'ভা ছিৰিজৰ এই ৰাইফলটো হৈছে অতি মাৰাত্মক। তিনি দশক পূৰ্বে ব্যৱহাৰযোগ্য হৈ উঠা ৰাইফলবোৰৰ ঠাইত এতিয়া এই এ কে ২০৩ ৰাইফলবোৰে ভাৰতীয় স্মল আর্মছ ছিষ্টেম ৰাইফলছৰ নতুন ছিৰিজ আৰম্ভ কৰিছে।


এই এ কে-২০৩ ৰাইফলছবোৰৰ মেগজিনত এটা সময়ত ৩০টা গুলী সুমুৱাব পৰা যাব। ইয়াৰ কার্টিজসমূহৰ আকৃতি ৭.৬২০৩৯ এম এম হ'ব। ৩.৮ কিল'গ্রাম ওজনৰ এই এ কে-২০৩ ৰাইফলবোৰ ভাৰতীয় সামৰিক বাহিনীয়ে উগ্রপন্থী-সন্ত্রাসবাদী বিৰোধী অভিযান চলোৱাৰ সময়ত অধিক ফলপ্রসূভাবে ব্যৱহাৰ কৰিব পাৰিব। এই 'শ্বেৰ' ৰাইফলবোৰ মাত্র ৭০৫ মিঃ মিটাৰ দৈর্ঘ্যৰ। বিশেষকৈ নিয়ন্ত্রণ ৰেখা (এল অ'চি) আৰু প্ৰকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ৰ লগতে পাক-ভাৰতৰ উত্তৰ আৰু দক্ষিণ সীমান্তত নিয়োজিত হৈ থকা সেনাৰ জোৱানসকলৰ বাবে এই এ কে-২০৩ ৰাইফলটো উপহাৰ স্বৰূপ হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক