--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • "আমি সকলো মাছমৰীয়াৰ নাওৰ লগতে নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছো।"

ডিজিটেল ডেস্কঃ বাংলাদেশে নিজৰ জলসীমাত মাছ ধৰাৰ অভিযোগত ৩৪ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে তেওঁলোকৰ নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰিবলৈ ঢাকাক হেঁচা প্ৰয়োগ কৰিছে।


শুকুৰবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে। সূত্ৰই জনোৱা মতে, ১৪ আৰু ১৫ জুলাইৰ মাজৰ নিশা মাছমৰীয়াকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ দুখন নাও জব্দ কৰা হৈছে।


তেওঁ কয় যে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তই কূটনৈতিক মাধ্যমেৰে বাংলাদেশ কৰ্তৃপক্ষৰ ওচৰত বিষয়টো উত্থাপন কৰি মাছমৰীয়াসকলক তাৎক্ষণিকভাৱে কনছুলাৰ সুবিধা প্ৰদান কৰে। এক সূত্ৰই কয় যে, "আমি সকলো মাছমৰীয়াৰ নাওৰ লগতে নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছো।"


সূত্ৰৰ পৰা জানিব পৰা মতে, বাংলাদেশ কৰ্তৃপক্ষই মংগলাৰ সমীপত মুঠ ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক কৰাৰ লগতে তেওঁলোকৰ নাও দুখন এফ বি ঝোৰ আৰু এফ বি মামগল চণ্ডীও জব্দ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখা পাৰ হৈ বাংলাদেশৰ জলসীমাত মাছ ধৰাৰ অভিযোগ বাংলাদেশ কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে উত্থাপন কৰিছে।


ভাৰত-বাংলাদেশৰ সম্পৰ্কত চলি থকা উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। বিগত বর্ষৰ আগষ্ট মাহত বাংলাদেশত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্রতিবাদৰ পাছতে ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাই ঢাকা এৰি ভাৰতত আশ্রয় লোৱাৰ পাছত দুয়োখন দেশৰ মাজত সম্পর্ক অৱনতি ঘটিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ