--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • "আমি সকলো মাছমৰীয়াৰ নাওৰ লগতে নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছো।"

ডিজিটেল ডেস্কঃ বাংলাদেশে নিজৰ জলসীমাত মাছ ধৰাৰ অভিযোগত ৩৪ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে তেওঁলোকৰ নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰিবলৈ ঢাকাক হেঁচা প্ৰয়োগ কৰিছে।


শুকুৰবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে। সূত্ৰই জনোৱা মতে, ১৪ আৰু ১৫ জুলাইৰ মাজৰ নিশা মাছমৰীয়াকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ দুখন নাও জব্দ কৰা হৈছে।


তেওঁ কয় যে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তই কূটনৈতিক মাধ্যমেৰে বাংলাদেশ কৰ্তৃপক্ষৰ ওচৰত বিষয়টো উত্থাপন কৰি মাছমৰীয়াসকলক তাৎক্ষণিকভাৱে কনছুলাৰ সুবিধা প্ৰদান কৰে। এক সূত্ৰই কয় যে, "আমি সকলো মাছমৰীয়াৰ নাওৰ লগতে নিৰাপদ আৰু আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছো।"


সূত্ৰৰ পৰা জানিব পৰা মতে, বাংলাদেশ কৰ্তৃপক্ষই মংগলাৰ সমীপত মুঠ ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক কৰাৰ লগতে তেওঁলোকৰ নাও দুখন এফ বি ঝোৰ আৰু এফ বি মামগল চণ্ডীও জব্দ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখা পাৰ হৈ বাংলাদেশৰ জলসীমাত মাছ ধৰাৰ অভিযোগ বাংলাদেশ কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে উত্থাপন কৰিছে।


ভাৰত-বাংলাদেশৰ সম্পৰ্কত চলি থকা উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। বিগত বর্ষৰ আগষ্ট মাহত বাংলাদেশত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্রতিবাদৰ পাছতে ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাই ঢাকা এৰি ভাৰতত আশ্রয় লোৱাৰ পাছত দুয়োখন দেশৰ মাজত সম্পর্ক অৱনতি ঘটিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক