--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চনু ছুডে ঘোষণা কৰিছে যে তেওঁৰ পৰৱৰ্তী ছবিত ৰাজপাল যাদৱক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰোৱা হ’ব।

ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱ বৰ্তমান এক অতি জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে। আৰ্থিক সংকট আৰু আইনী মেৰপেচত পৰি শেহতীয়াকৈ অভিনেতাগৰাকীয়ে দিল্লীৰ তিহাৰ জে'লত আত্মসমৰ্পণ কৰিবলগীয়া হৈছে। 


এই কঠিন সময়ত ৰাজপাল যাদৱৰ সাহস হৈ থিয় দিছে 'মানৱতাৰ দূত' হিচাপে পৰিচিত অভিনেতা চনু ছুড। চনু ছুডে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজপাল যাদৱৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজপাল যাদৱ এজন অসাধাৰণ প্ৰতিভাশালী অভিনেতা যিয়ে বহু বছৰ ধৰি দৰ্শকক আমোদ দি আহিছে। চনু ছুডে স্পষ্ট কৰি দিয়ে যে, 'এয়া কোনো দান নহয়, এয়া এগৰাকী শিল্পীৰ প্ৰতি জনোৱা সন্মানহে।'


চনু ছুডে ঘোষণা কৰিছে যে তেওঁৰ পৰৱৰ্তী ছবিত ৰাজপাল যাদৱক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰোৱা হ’ব। কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ বৰ্তমানৰ আৰ্থিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছনু ছুডে চিনেমাখনৰ 'চাইনিং এমাউণ্ট' (Signing Amount) আগতীয়াকৈ প্ৰদান কৰিছে।


চনু ছুডে কয় যে ‘‘কেতিয়াবা জীৱনত প্ৰতিভা থকাৰ পাছতো সময়ৰ গ্ৰাসত মানুহ অসহায় হৈ পৰে। এয়া আমাৰ কৰ্তব্য যে আমি ইজনে সিজনৰ বিপদত কাষত থিয় হওঁ।’’


চনু ছুডে বলীউডৰ আন প্ৰযোজক, পৰিচালক আৰু সহ-কৰ্মীসকলকো ৰাজপাল যাদৱৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে ‘‘ৰাজপাল যাদৱৰ দৰে এজন দক্ষ অভিনেতাক উদ্যোগটোৱে আঁকোৱালি লোৱা উচিত যাতে তেওঁ পুনৰ নতুন উৎসাহেৰে কামলৈ ঘূৰি আহিব পাৰে।’’


ছনু ছুডৰ এই উদাৰতাক নেটিজেনসকলে ভূয়সী প্ৰশংসা কৰিছে। বিপৰ্যয়ৰ সময়ত এগৰাকী সহ-শিল্পীৰ প্ৰতি আগবঢ়োৱা এই সমৰ্থনে পুনৰ প্ৰমাণ কৰিলে যে চনু ছুড কেৱল পৰ্দাতেই নহয়, বাস্তৱ জীৱনতো এজন নায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ