--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চনু ছুডে ঘোষণা কৰিছে যে তেওঁৰ পৰৱৰ্তী ছবিত ৰাজপাল যাদৱক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰোৱা হ’ব।

ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱ বৰ্তমান এক অতি জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে। আৰ্থিক সংকট আৰু আইনী মেৰপেচত পৰি শেহতীয়াকৈ অভিনেতাগৰাকীয়ে দিল্লীৰ তিহাৰ জে'লত আত্মসমৰ্পণ কৰিবলগীয়া হৈছে। 


এই কঠিন সময়ত ৰাজপাল যাদৱৰ সাহস হৈ থিয় দিছে 'মানৱতাৰ দূত' হিচাপে পৰিচিত অভিনেতা চনু ছুড। চনু ছুডে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজপাল যাদৱৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজপাল যাদৱ এজন অসাধাৰণ প্ৰতিভাশালী অভিনেতা যিয়ে বহু বছৰ ধৰি দৰ্শকক আমোদ দি আহিছে। চনু ছুডে স্পষ্ট কৰি দিয়ে যে, 'এয়া কোনো দান নহয়, এয়া এগৰাকী শিল্পীৰ প্ৰতি জনোৱা সন্মানহে।'


চনু ছুডে ঘোষণা কৰিছে যে তেওঁৰ পৰৱৰ্তী ছবিত ৰাজপাল যাদৱক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰোৱা হ’ব। কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ বৰ্তমানৰ আৰ্থিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছনু ছুডে চিনেমাখনৰ 'চাইনিং এমাউণ্ট' (Signing Amount) আগতীয়াকৈ প্ৰদান কৰিছে।


চনু ছুডে কয় যে ‘‘কেতিয়াবা জীৱনত প্ৰতিভা থকাৰ পাছতো সময়ৰ গ্ৰাসত মানুহ অসহায় হৈ পৰে। এয়া আমাৰ কৰ্তব্য যে আমি ইজনে সিজনৰ বিপদত কাষত থিয় হওঁ।’’


চনু ছুডে বলীউডৰ আন প্ৰযোজক, পৰিচালক আৰু সহ-কৰ্মীসকলকো ৰাজপাল যাদৱৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে ‘‘ৰাজপাল যাদৱৰ দৰে এজন দক্ষ অভিনেতাক উদ্যোগটোৱে আঁকোৱালি লোৱা উচিত যাতে তেওঁ পুনৰ নতুন উৎসাহেৰে কামলৈ ঘূৰি আহিব পাৰে।’’


ছনু ছুডৰ এই উদাৰতাক নেটিজেনসকলে ভূয়সী প্ৰশংসা কৰিছে। বিপৰ্যয়ৰ সময়ত এগৰাকী সহ-শিল্পীৰ প্ৰতি আগবঢ়োৱা এই সমৰ্থনে পুনৰ প্ৰমাণ কৰিলে যে চনু ছুড কেৱল পৰ্দাতেই নহয়, বাস্তৱ জীৱনতো এজন নায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু