--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ দায়িত্বও বহন কৰিছিল দেউতাকে। মাক-দেউতাক যোৰহাটত থকাৰ সময়তে জন্ম হৈছিল হীৰেন ভট্টাচাৰ্যৰ।

ডিজিটেল ডেস্ক : এটা অজুহাত পালে/মই গুচি যাব পাৰোঁ/যেনি মন যায়/তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি/মই গুচি যাম/যিকোনো অজুহাত পালে/মুক্ত কৰি প্ৰতিভাৰ পথ/নির্জনতা নিৰ্ভৰ/ছায়াৰ সুখ্যাতিত/এই যে তোমাৰ উপস্থিতি...।


সঁচাকৈয়ে কেনেকৈ যে এটা অজুহাত পালেই ঘৰখনৰ পৰা ওলাই যোৱা শইচৰ পথাৰৰ সুগন্ধি বিচাৰি ফুৰা শব্দৰ খনিকৰজন আমাৰ মাজৰ পৰাও আঁতৰি যোৱা এটা দশকৰো অধিক কাল হ'ল যদিও এতিয়াও অলেখ গুণমুগ্ধৰ মনৰ মাজত তেওঁ সজীৱ হৈয়ে আছে। সেইজনেই হৈছে 'সুগন্ধি পখিলা'ৰ কবিৰূপে খ্যাত আপোনভোলা হীৰেন ভট্টাচার্য। দেউতাক তীর্থনাথ ভট্টচার্য আৰক্ষী বিভাগত চাকৰি কৰি থকাৰ সময়ত অসমৰ বিভিন্ন স্থানলৈ যাব লগীয়া হৈছিল।


সেই সূত্রে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ দায়িত্বও বহন কৰিছিল দেউতাকে। মাক-দেউতাক যোৰহাটত থকাৰ সময়তে জন্ম হৈছিল হীৰেন ভট্টাচাৰ্যৰ। সেই সময়ত কবিগৰাকী কাৰাগাৰৰ-বিষয়া, কৰ্মচাৰীৰ যি আৱাস গৃহ আছিল, তাতেই ডাঙৰ-দীঘল হৈছিল। কালক্ৰমত সেই আৱাস গৃহ একপ্ৰকাৰ জহি-খহি এৰাপৰীয়া হৈ পৰিল। কিন্তু ২০১২ চনৰ ৪ জুলাইত কবিগৰাকীৰ মৃত্যুৰ পাছত যোৰহাটত গঠন হ'ল হীৰেন ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ সমিতি। এই সমিতিয়ে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ উক্ত চৰকাৰী আৱাসটো পুনৰ নির্মাণেৰে সংৰক্ষণ কৰি কাব্য-শিল্প সংলগ্নৰে এটা শিল্প কলাক্ষেত্র প্রকল্প নির্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়ালে। স্থানীয় বিধায়ক গোস্বামীয়েও এই প্ৰকল্পৰ প্রয়োজনীয়তাক অগ্রাধিকাৰ দি চৰকাৰৰ ওচৰত বিষয়টো গুৰুত্ব সহকাৰে দাঙি ধৰিলে। অৱশেষত অসম চৰকাৰেও কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত চৰকাৰী আৱাস গৃহক কেন্দ্ৰ কৰি এটা কাব্য-শিল্প তথা সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ সন্মতি প্রদান কৰিলে। ইতিমধ্যে যোৱা মে' মাহত স্থানীয় বিধায়কে স্মৃতি সংৰক্ষণ সমিতিৰ সদস্যৰ উপস্থিতিত সংশ্লিষ্ট স্থান পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়ে মত বিনিময় কৰে। ইফালে, এই সন্দর্ভত বিধায়ক গোস্বামীৰ সৈতে দেওবাৰে যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে অসম চৰকাৰে শতবর্ষ প্রাচীন যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক ঐতিহ্যবাহী ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ অৰ্থে গ্ৰহণ কৰা পৰিকল্পনাৰ সৈতে সংগতি ৰাখি কবিগৰাকীৰ শৈশৱ অতিবাহিত উক্ত অসম আৰ্হিৰ চৰকাৰী আৱাসটোও একে আর্হিতে ৰাখি উন্নত কাৰিকৰী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰ পুনৰ নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত স্থপতিবিদে কবিগৰাকীৰ উক্ত চৰকাৰী আৱাসটোৰ নক্সা প্রস্তুত কৰিছে। বিধায়ক গোস্বামীয়ে লগতে জানিবলৈ দিয়ে যে একে আর্হিতে ৰাখি ঘৰটো নিৰ্মাণ কৰিলেও ঘৰৰ সন্মুখৰ চোতালত যাতে কোনো অনুষ্ঠানৰ আয়োজন কৰিলে দর্শক-শ্রোতা সমৱেত হ'ব পাৰে, সেই ক্ষেত্ৰতো ব্যৱস্থা গ্রহণ কৰা হ'ব আৰু সকলো সুচাৰুৰূপে আগবাঢ়িলে কবিগৰাকীৰ পৰৱৰ্তী জন্মদিনটো আমি নতুন প্রকল্পত আয়োজন কৰিব পাৰিম বুলি তেওঁ মন্তব্য কৰে।


অন্যহাতে, বিগত বছৰসমূহৰ দৰে এইবাৰো কবিগৰাকীৰ ২৮ জুলাইৰ ওপজা দিনটো হীৰুদাৰ দিনৰূপে উদযাপনৰ বাবে হীৰেন ভট্টাচার্য স্মৃতি সংৰক্ষণ সমিতি (যোৰহাট) আৰু জ্যোতি চিনে ক্লাবে যোৰহাট নগৰৰ চোলাধৰাস্থিত ছেমফ'ৰ্ড বিদ্যালয়ৰ বাকৰিত বিয়লি ৬-১৫ বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰি উক্ত অনুষ্ঠানত কবিগৰাকীৰ গুণমুগ্ধৰ উপস্থিতি কামনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ