--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিগত দুদিন ধৰি অসম-মেঘালয় সীমান্ত অঞ্চল লাংকেৰই আৰু তাপাতত খাছি দুর্বৃত্তই অসমৰ ভূমিত আহি তীব্রভাৱে উপদ্ৰৱ অব্যাহত ৰাখিছিল

ডিজিটেল ডেস্ক : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত খাছি দুর্বৃত্তৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সীমান্তবাসী কার্বি ৰাইজৰ।


প্ৰাপ্ত বাতৰি অনুসৰি, বিগত দুদিন ধৰি অসম-মেঘালয় সীমান্ত অঞ্চল লাংকেৰই আৰু তাপাতত খাছি দুর্বৃত্তই অসমৰ ভূমিত আহি তীব্রভাৱে উপদ্ৰৱ অব্যাহত ৰাখিছিল। কৃষি পথাৰকে ধৰি সীমান্ত অতিক্ৰমী অসমৰ ভূমিত নিজৰ আধিপত্য বিৰাজ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখে খাছি দুর্বৃত্তই।


বিশেষকৈ ভাৰত চৰকাৰে ১৯৫১ চনতে স্থাপন কৰা অসম-মেঘালয় সীমান্তস্তম্ভত শনিবাৰে নিশা বিস্ফোৰক সামগ্ৰী ব্যৱহাৰেৰে তাপাত অঞ্চলৰ এটি সীমান্তস্তম্ভ ধ্বংসস্তূপত পৰিণত কৰে খাছি দুর্বৃত্তই। সমান্তৰালকৈ, লাংকেৰই অঞ্চলত থকা অন্য এটা সীমান্তস্তম্ভও ধ্বংস কৰিবলৈ প্ৰচেষ্টা চলায় যদিও বিস্ফোৰক সামগ্ৰীখিনি বিস্ফোৰিত নোহোৱাত খাছিৰ সেই প্রচেষ্টা বিফল হৈ পৰে।


তদুপৰি, লাংকেৰই অঞ্চলৰ অসম ভূমিত থকা কাৰ্বি ৰাইজৰ কৃষি পথাৰৰ দুটাকৈ জিৰণি ঘৰ যোৱা নিশা খাছিয়াই অগ্নিসংযোগ কৰি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰে।

আনহাতে, তাপাত অঞ্চলত থকা কাৰ্বি ৰাইজৰ কৃষি পথাৰো খাছিয়াই তহিলং কৰি পেলায়। বিষয় সন্দৰ্ভত দেওবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ এটি সঁজাতী দল আৰু সীমান্ত উন্নয়ন সমিতিৰ প্ৰতিনিধিসকলে উক্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তেই খাছিৰ সৈতে স্থানীয় লোক আৰু প্ৰতিনিধি দলৰ সংঘাত হয়। উক্ত সংঘাতত দুয়োপক্ষই কেটেপা ব্যৱহাৰ কৰি আক্ৰমণ-প্ৰতি আক্রমণত লিপ্ত হয়। প্রায় এঘণ্টাযোৰা এই সংঘাতৰ পাছত অৱশেষত কাৰ্বি ৰাইজে খাছি দুর্বৃত্তক অসমৰ ভূমিৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়।


কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি প্রশান্ত ইংতিয়ে সাংবাদিকৰ আগত মন্তব্য প্রকাশ কৰে যে এইধৰণে যদি সীমান্ত অঞ্চলত দুর্ঘটনা সংঘটিত হৈ থাকে অনাগত সময়ত এক ভয়ানক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে, দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠকৰ জৰিয়তে তাৎক্ষণিকভাৱে সমস্যা সমাধানেৰে শান্তিৰ বাতাবৰণ কঢ়িয়াই আনক বুলি উল্লেখ কৰে। আমি কাৰ্বি ছাত্ৰ সন্থাৰ হৈ মেঘালয় ৰাজ্যৰ সামাজিক সংগঠনক অনুৰোধ কৰোঁ যে এই সীমান্ত অঞ্চলটি বিবদমান অঞ্চল বুলি বাৰে বাৰে সংঘাতেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাতকৈ ১৯৫১ চনৰ নিৰ্ধাৰিত সীমাৰ ভিত্তিত সীমা সমস্যা সমাধান কৰাৰ আহবান জনাই ছাত্র সংগঠনটোৱে।


উল্লেখযোগ্য যে যদিও বৰ্তমান পৰিস্থিতি শান্ত তথাপিও অসম-মেঘালয় সীমান্ত অঞ্চলত খাছিয়াই নিশা আক্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি কাৰ্বি ৰাইজে শংকা প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ