--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিনৰ ১০ বজাৰ পৰা গেলাজান আৰু ৩নং ৰজাপুখুৰী নামৰ গাঁও দুখনত সোমাই থকা সন্দেহজনক লোকে বসতি স্থাপন কৰা পৰিয়ালক উচ্ছেদ কৰিবলৈ অভিযান আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চলৰ সফল উচ্ছেদ অভিযানৰ পাছত দেওবাৰৰ পৰা বেদখলমুক্ত কৰিবৰ বাবে বন বিভাগে দক্ষিণ নামবৰ বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে।


দিনৰ ১০ বজাৰ পৰা গেলাজান আৰু ৩নং ৰজাপুখুৰী নামৰ গাঁও দুখনত সোমাই থকা সন্দেহজনক লোকে বসতি স্থাপন কৰা পৰিয়ালক উচ্ছেদ কৰিবলৈ অভিযান আৰম্ভ কৰে।


প্রায় ১০০খন বুলড 'জাৰ ব্যৱহাৰ আৰু প্রায় দুই হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱান নিয়োগ কৰি দেওবাৰে উচ্ছেদ অভিযান চলায়। দেওবাৰে দুয়োখন গাঁৱত প্রায় ৩৫০টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰাৰ উপৰি মাদ্রাছা, গেলাজানত থকা আটাইতকৈ পুৰণি জামে মছজিদ, বেচৰকাৰী বিদ্যালয় আদিৰ ওপৰতো চৰকাৰী বুলড 'জাৰৰ হাতোৰা পৰে। দেওবাৰে অভিযান চলাই ১০০০ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়।


উল্লেখযোগ্য যে পাঁচদিন ধৰি ৰেংমা বনাঞ্চলৰ ১০ খন গাঁৱৰ প্রায় দহ হাজাৰ বিঘা বেদখলীকৃত ভূমি সন্দেহজনক লোকে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰে। তাৰ পাছতেই বিৰতিবিহীনভাৱে দেওবাৰে অন্য এখন সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি জন অৰণ্যত পৰিণত কৰা লোকৰ উচ্ছেদ হাতত লয় বন বিভাগে। এই দুখন গাঁৱত দেওবাৰে উচ্ছেদ অভিযান শেষ নহ'লে পৰৱৰ্তী দিনত উচ্ছেদ চলি থাকিব শেষ নোহোৱা পর্যন্ত।



উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ