--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিনৰ ১০ বজাৰ পৰা গেলাজান আৰু ৩নং ৰজাপুখুৰী নামৰ গাঁও দুখনত সোমাই থকা সন্দেহজনক লোকে বসতি স্থাপন কৰা পৰিয়ালক উচ্ছেদ কৰিবলৈ অভিযান আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চলৰ সফল উচ্ছেদ অভিযানৰ পাছত দেওবাৰৰ পৰা বেদখলমুক্ত কৰিবৰ বাবে বন বিভাগে দক্ষিণ নামবৰ বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে।


দিনৰ ১০ বজাৰ পৰা গেলাজান আৰু ৩নং ৰজাপুখুৰী নামৰ গাঁও দুখনত সোমাই থকা সন্দেহজনক লোকে বসতি স্থাপন কৰা পৰিয়ালক উচ্ছেদ কৰিবলৈ অভিযান আৰম্ভ কৰে।


প্রায় ১০০খন বুলড 'জাৰ ব্যৱহাৰ আৰু প্রায় দুই হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱান নিয়োগ কৰি দেওবাৰে উচ্ছেদ অভিযান চলায়। দেওবাৰে দুয়োখন গাঁৱত প্রায় ৩৫০টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰাৰ উপৰি মাদ্রাছা, গেলাজানত থকা আটাইতকৈ পুৰণি জামে মছজিদ, বেচৰকাৰী বিদ্যালয় আদিৰ ওপৰতো চৰকাৰী বুলড 'জাৰৰ হাতোৰা পৰে। দেওবাৰে অভিযান চলাই ১০০০ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়।


উল্লেখযোগ্য যে পাঁচদিন ধৰি ৰেংমা বনাঞ্চলৰ ১০ খন গাঁৱৰ প্রায় দহ হাজাৰ বিঘা বেদখলীকৃত ভূমি সন্দেহজনক লোকে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰে। তাৰ পাছতেই বিৰতিবিহীনভাৱে দেওবাৰে অন্য এখন সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি জন অৰণ্যত পৰিণত কৰা লোকৰ উচ্ছেদ হাতত লয় বন বিভাগে। এই দুখন গাঁৱত দেওবাৰে উচ্ছেদ অভিযান শেষ নহ'লে পৰৱৰ্তী দিনত উচ্ছেদ চলি থাকিব শেষ নোহোৱা পর্যন্ত।



উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ