--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিগত ছমাহে কলিয়াবৰৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত গোহালি উদং কৰি আহিছে গৰুচোৰৰ দলে। বিলাসী বাহনত সৰবৰাহ কৰিছে চুৰি গৰু।

ডিজিটেল ডেস্কঃ গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কলিয়াবৰ-চামগুৰিত আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীয়ে অভিযান চলায় উৎখাত কৰিছে গৰু চিণ্ডিকেটৰ বৃহৎ গেং।


আৰক্ষীয়ে আটক কৰিছে একেলগে ২০ টাকৈ গৰুচোৰ। চামগুৰি আৰু ৰূপহীহাটৰ পৰা আৰক্ষীয়ে আটক কৰিছে গৰু চোৰৰ দল। শেহতীয়াকৈ জব্দ কৰিছে গৰুচুৰিত ব্যবহৃত চাৰিখনকৈ বিলাসী বাহন।


গৰুচোৰৰ তালিকা প্ৰস্তুত কৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত গৰু চোৰৰ বিৰুদ্ধে আৰম্ভ তীব্ৰ অভিযান।


বিগত ছমাহে কলিয়াবৰৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত গোহালি উদং কৰি আহিছে গৰুচোৰৰ দলে। বিলাসী বাহনত সৰবৰাহ কৰিছে চুৰি গৰু। স্প্ৰে মাৰি গৰুক অচেতন কৰি বিলাসী বাহনত উঠাই চোৰে সৰবৰাহ কৰে গো-ধন।


শেহতীয়াকৈ গৰুচোৰৰ বাহনলৈ লক্ষ্য কৰি গুলি চলাবলগীয়া হৈছে আৰক্ষীয়ে। তাৰ পাছতেই গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান। উল্লেখ্যযোগ্য যে, কলিয়াবৰত এই পৰ্যন্ত সংঘটিত হৈছে ১০৩ টা গৰু চুৰিৰ ঘটনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ