--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পৰিপ্ৰেক্ষিতত আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জনাই যে এইবাৰ দূৰ্গা পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ সকলো বোৰ অনুষ্ঠান বাতিল কৰা হ’ল।

ডিজিটেল ডেস্কঃ ৬৫সংখ্যক সাৰ্বজনীন ডিমিলাপাৰ দূৰ্গা পূজা বিগত বৰ্ষৰ দৰে এই বৰ্ষও ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰচলিত নিয়মেৰে পূজাৰ দিনবোৰত বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল।কিন্তু অসমবাসীৰ হিয়াৰ আমঠু তথা প্ৰাণৰ জুবিন গাৰ্গৰ অকাল প্ৰয়াণত সমগ্ৰ ৰাজ্য জুৰি শোকৰ ছাঁ নামি আহিছে।


এই পৰিপ্ৰেক্ষিতত আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জনাই যে এইবাৰ দূৰ্গা পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ সকলো বোৰ অনুষ্ঠান বাতিল কৰা হ’ল। যদিও পূজাৰ ধৰ্মীয় কাৰ্য্যসূচী পূৰ্ণৰূপে আগৰ পৰাই নিৰ্ধাৰিত অনুসৰি সম্পন্ন কৰা হ’ব।


আয়োজকসকলে জনাইছে, “অসমবাসীৰ গভীৰ শোকত ভাগ ল'বলৈ আৰু জুবিন গাৰ্গলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।”আনহাতে ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ আয়োজক সমিতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক ৰূপত কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ