--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • সেয়া আছিল ১৯৮৮ চনৰ কথা। জুবিনে দশম শ্রেণীত অধ্যয়ন কৰিছিল তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেতিয়াই জুবিনে এই বিদ্যালখনৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈছিল।

ডিজিটেল ডেস্ক : 'জোনমণি ৰুনজুন/তেতিয়া চকুত জোন/ নিভাঁজ আৱেগৰ/টোপা টোপে/ সৰা জোন...।' হার্টথ্র'ব তথা সংগীতৰ ভগৱান জুবিনৰ এই গীত কোনো কাল্পনিক নাছিল। এয়া আছিল বাস্তৱ। 


'পাখি পাখি এই মন/ পাখি মেলা মোৰ মন/ পাখি মেলি যা উৰি/ উৰি...।' সঁচাকৈ সেই ১৫/১৬ বছৰীয়া জুবিনৰো আছিল পাখি পাখি মন। পাখি মেলি উৰি যোৱাৰ মন। সেয়া আছিল ১৯৮৮ চনৰ কথা। জুবিনে দশম শ্রেণীত অধ্যয়ন কৰিছিল তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেতিয়াই জুবিনে এই বিদ্যালখনৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈছিল। উল্লেখযোগ্য যে এই গীতটিৰ জোনমণি কোনো কাল্পনিক চৰিত্ৰ নাছিল। এই বিদ্যালখনৰ জুবিনৰ অন্যতম সহপাঠী আছিল জোনমণি গগৈ (দাস)। বৰ্তমান এই জোনমণিৰে ফটো সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে । 


কথাৰ প্ৰসংগত এবাৰ নিঃস্বার্থভাবে জুবিনে নিজেই কৈছিল তেওঁৰ লগত দুগৰাকীহে মাত্ৰ ছোৱালী সহপাঠী আছিল। এগৰাকীৰ নাম জোনমণি আৰু আনগৰাকীৰ নাম ৰুনজুন। দুয়োগৰাকীৰে প্ৰেমত পৰিছিল জুবিন। জোনমণি আৰু ৰুনজুন প্রথম প্রেম বুলি জুবিনে নিজেই কৈছিল। 'দৈনিক জনমভূমি'ক জোনমণিয়ে জনোৱা মতে জোনমণি গগৈৰ ঘৰ আছিল শিৱসাগৰত। পিতৃৰ চাকৰি সূত্রে তামুলপুৰলৈ আহি দশম শ্ৰেণীত নামভর্তি কৰে জোনমণিয়ে। দশম শ্রেণীত জোনমণিৰ ঐচ্ছিক বিষয় আছিল সংস্কৃত আৰু বুৰঞ্জী। আনহাতে, জুবিনৰ ঐচ্ছিক বিষয় আছিল সংস্কৃত আৰু উচ্চগণিত। জোনমণি আৰু জুবিনে সংস্কৃতৰ পাঠ শ্ৰেণীত একেলগে গ্রহণ কৰিছিল। সেয়াই আছিল যেন তেওঁলোকৰ জীৱনত সোণোৱালী সুদিন। জুবিনৰ মিঠা মাতষাৰ আৰু সুহুৰিয়ে দি গৈছিল প্ৰেম আৰু ভালপোৱাৰ আনন্দ। উল্লেখযোগ্য যে একেই শ্রেণীত আন দুগৰাকী সহপাঠী ছাত্ৰী আছিল যদিও আর্থিক অনাটনৰ বাবে সেই দুগৰাকী ছাত্ৰীয়ে বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল। জুবিনে কোৱাৰ দৰে তেওঁ অর্থাৎ জোনমণি আৰু ৰুনজুনে আছিল জুবিনৰ সহপাঠী ছাত্রী। জোনমণিয়ে আৰু জনোৱা মতে জুবিনে সেই সময়ত এখন নীলা ৰঙৰ চাইকেল চলাই আহিছিল। চকুত আছিল ছান গ্লাছ আৰু এটা বগা পাইজামা পিন্ধি আহিছিল। দশম শ্রেণীত পঢ়ি থাকোঁতেই তামুলপুৰ ৰঙালী বিহু সম্মিলনীয়ে আয়োজন কৰা বিহু সন্মিলনত জোনমণিয়ে গাইছিল সমৱেত সংগীত আৰু জুবিনে তবলা বজাইছিল। এনেদৰে শৈশৱৰ ৰঙীন স্মৃতি ৰোমন্থন কৰি জোনমণিয়ে আৱেগ বিহ্বল হৈ কয় যে এবছৰ ধৰি জুবিনক বন্ধু আৰু সহপাঠী হিচাপে লগ পাই তেওঁৰ জীৱনো ধন্য হৈ পৰিছিল। পৰৱৰ্তী পৰ্যায়ত জোনমণিয়ে তামুলপুৰৰ ব্যৱসায়ী খগেন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বর্তমান এটা পুত্ৰ সন্তানৰ মাতৃ জোনমণি। বৰ্তমান নলবাৰীৰ ধমধমা পথত ভাৰাতীয়া হিচাপে বাস কৰি আছে। 


জুবিনৰ এই গীতটো তেওঁ প্রায়েই শুনে। কিন্তু জুবিন জীয়াই থকা অৱস্থাত চিনাকি দিব বিচাৰিও সুযোগ নাপালে জোনমণিয়ে। জুবিনৰ নশ্বৰ দেহ চাবলৈ অজস্র হেঁপাহ আছিল যদিও জোনমণিয়ে সোণাপুৰলৈ যাব নোৱাৰিলে। এতিয়া যিকোনো মুহূর্ততে সংগীতৰ ভগৱানক সেৱা কৰিবলৈ নীৰৱে সমাধি ক্ষেত্রলৈ যাব জোনমণি। প্রার্থনা জনাব- তেওঁ যেন সৰগত ভগৱানৰ দূত হৈ থাকে। ইপিনে, জুবিনৰ অকল্পনীয় মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি জোনমণিয়ে কয় যে জুবিনৰ মৃত্যুত ষড়যন্ত্র আছে আৰু ষড়যন্ত্রকাৰীক চিনাক্ত কৰি শাস্তি বিহিবলৈ তেওঁ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়। চৰকাৰে ন্যায় প্ৰদান কৰি জুবিনৰ স্বৰ্গগত আত্মাক শান্তি দিবলৈ কাতৰ আহ্বান জনায় জোনমণিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ