--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • সেয়া আছিল ১৯৮৮ চনৰ কথা। জুবিনে দশম শ্রেণীত অধ্যয়ন কৰিছিল তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেতিয়াই জুবিনে এই বিদ্যালখনৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈছিল।

ডিজিটেল ডেস্ক : 'জোনমণি ৰুনজুন/তেতিয়া চকুত জোন/ নিভাঁজ আৱেগৰ/টোপা টোপে/ সৰা জোন...।' হার্টথ্র'ব তথা সংগীতৰ ভগৱান জুবিনৰ এই গীত কোনো কাল্পনিক নাছিল। এয়া আছিল বাস্তৱ। 


'পাখি পাখি এই মন/ পাখি মেলা মোৰ মন/ পাখি মেলি যা উৰি/ উৰি...।' সঁচাকৈ সেই ১৫/১৬ বছৰীয়া জুবিনৰো আছিল পাখি পাখি মন। পাখি মেলি উৰি যোৱাৰ মন। সেয়া আছিল ১৯৮৮ চনৰ কথা। জুবিনে দশম শ্রেণীত অধ্যয়ন কৰিছিল তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেতিয়াই জুবিনে এই বিদ্যালখনৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈছিল। উল্লেখযোগ্য যে এই গীতটিৰ জোনমণি কোনো কাল্পনিক চৰিত্ৰ নাছিল। এই বিদ্যালখনৰ জুবিনৰ অন্যতম সহপাঠী আছিল জোনমণি গগৈ (দাস)। বৰ্তমান এই জোনমণিৰে ফটো সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে । 


কথাৰ প্ৰসংগত এবাৰ নিঃস্বার্থভাবে জুবিনে নিজেই কৈছিল তেওঁৰ লগত দুগৰাকীহে মাত্ৰ ছোৱালী সহপাঠী আছিল। এগৰাকীৰ নাম জোনমণি আৰু আনগৰাকীৰ নাম ৰুনজুন। দুয়োগৰাকীৰে প্ৰেমত পৰিছিল জুবিন। জোনমণি আৰু ৰুনজুন প্রথম প্রেম বুলি জুবিনে নিজেই কৈছিল। 'দৈনিক জনমভূমি'ক জোনমণিয়ে জনোৱা মতে জোনমণি গগৈৰ ঘৰ আছিল শিৱসাগৰত। পিতৃৰ চাকৰি সূত্রে তামুলপুৰলৈ আহি দশম শ্ৰেণীত নামভর্তি কৰে জোনমণিয়ে। দশম শ্রেণীত জোনমণিৰ ঐচ্ছিক বিষয় আছিল সংস্কৃত আৰু বুৰঞ্জী। আনহাতে, জুবিনৰ ঐচ্ছিক বিষয় আছিল সংস্কৃত আৰু উচ্চগণিত। জোনমণি আৰু জুবিনে সংস্কৃতৰ পাঠ শ্ৰেণীত একেলগে গ্রহণ কৰিছিল। সেয়াই আছিল যেন তেওঁলোকৰ জীৱনত সোণোৱালী সুদিন। জুবিনৰ মিঠা মাতষাৰ আৰু সুহুৰিয়ে দি গৈছিল প্ৰেম আৰু ভালপোৱাৰ আনন্দ। উল্লেখযোগ্য যে একেই শ্রেণীত আন দুগৰাকী সহপাঠী ছাত্ৰী আছিল যদিও আর্থিক অনাটনৰ বাবে সেই দুগৰাকী ছাত্ৰীয়ে বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল। জুবিনে কোৱাৰ দৰে তেওঁ অর্থাৎ জোনমণি আৰু ৰুনজুনে আছিল জুবিনৰ সহপাঠী ছাত্রী। জোনমণিয়ে আৰু জনোৱা মতে জুবিনে সেই সময়ত এখন নীলা ৰঙৰ চাইকেল চলাই আহিছিল। চকুত আছিল ছান গ্লাছ আৰু এটা বগা পাইজামা পিন্ধি আহিছিল। দশম শ্রেণীত পঢ়ি থাকোঁতেই তামুলপুৰ ৰঙালী বিহু সম্মিলনীয়ে আয়োজন কৰা বিহু সন্মিলনত জোনমণিয়ে গাইছিল সমৱেত সংগীত আৰু জুবিনে তবলা বজাইছিল। এনেদৰে শৈশৱৰ ৰঙীন স্মৃতি ৰোমন্থন কৰি জোনমণিয়ে আৱেগ বিহ্বল হৈ কয় যে এবছৰ ধৰি জুবিনক বন্ধু আৰু সহপাঠী হিচাপে লগ পাই তেওঁৰ জীৱনো ধন্য হৈ পৰিছিল। পৰৱৰ্তী পৰ্যায়ত জোনমণিয়ে তামুলপুৰৰ ব্যৱসায়ী খগেন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বর্তমান এটা পুত্ৰ সন্তানৰ মাতৃ জোনমণি। বৰ্তমান নলবাৰীৰ ধমধমা পথত ভাৰাতীয়া হিচাপে বাস কৰি আছে। 


জুবিনৰ এই গীতটো তেওঁ প্রায়েই শুনে। কিন্তু জুবিন জীয়াই থকা অৱস্থাত চিনাকি দিব বিচাৰিও সুযোগ নাপালে জোনমণিয়ে। জুবিনৰ নশ্বৰ দেহ চাবলৈ অজস্র হেঁপাহ আছিল যদিও জোনমণিয়ে সোণাপুৰলৈ যাব নোৱাৰিলে। এতিয়া যিকোনো মুহূর্ততে সংগীতৰ ভগৱানক সেৱা কৰিবলৈ নীৰৱে সমাধি ক্ষেত্রলৈ যাব জোনমণি। প্রার্থনা জনাব- তেওঁ যেন সৰগত ভগৱানৰ দূত হৈ থাকে। ইপিনে, জুবিনৰ অকল্পনীয় মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি জোনমণিয়ে কয় যে জুবিনৰ মৃত্যুত ষড়যন্ত্র আছে আৰু ষড়যন্ত্রকাৰীক চিনাক্ত কৰি শাস্তি বিহিবলৈ তেওঁ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়। চৰকাৰে ন্যায় প্ৰদান কৰি জুবিনৰ স্বৰ্গগত আত্মাক শান্তি দিবলৈ কাতৰ আহ্বান জনায় জোনমণিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন