ডিজিটেল ডেস্ক : মৰাণ জনগোষ্ঠীৰ পাছত এইবাৰ ডিকম-লাহোৱালৰ ৰাজপথ কঁপালে মটক জনগোষ্ঠীয়ে। মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কালি সন্ধিয়া ৫০ সহস্রাধিক মটক জনগোষ্ঠীৰ লোকে হাতে হাতে জোঁৰ লৈ ডিকম খনিকৰ ইকৰাতলীৰ পৰা লাহোৱালৰ ৰাজপথ উত্তাল কৰি তোলে।
ডিকম ইকৰাতলী খেলপথাৰত জিলাখনৰ প্ৰতিখন গাঁৱৰ পৰা অহা আবাল বৃদ্ধ, বনিতা, পুৰুষ, মহিলা, যুৱক-যুৱতীয়ে একত্ৰিত হৈ মহান শিল্পী অসম আৰু অসমীয়া জাতীয় জীৱনৰ অন্যতম ক্ষণজন্মা মহান শিল্পী, হিয়াৰ আমঠু, হার্টথ্রব জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি 'মায়াবিনী ৰাতি' শীর্ষক জনপ্রিয় গীতটো সমস্বৰে পৰিৱেশন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সম্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্র সন্থা, সদৌ অসম মটক মহিলা পৰিষদকে ধৰি জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত ভকত-বৈষ্ণৱৰ আশিস গ্রহণ কৰি জনগোষ্ঠীটোৰ ৫০ সহস্রাধিক লোকে আকাশ-বতাহ কঁপাই তোলে।
'মটক জনগোষ্ঠীক শীঘ্রে জনজাতিকৰণ কৰক', ন' এছ টি, ন' ৰেষ্ট, বিজেপি হায় হায় আদি শ্ল'গানেৰে প্রতিবাদ সাব্যস্ত কৰে। সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁয়ে ২০২৬- ৰ বিধানসভা নিৰ্বাচনৰ পূর্বে মটক জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ নকৰিলে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয়, ইয়াতকৈ অধিক আন্দোলন অব্যাহত থাকিব বুলি কৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক সকীয়াই দিয়ে। উল্লেখযোগ্য যে ১৯৪০ চনতেই প্ৰতিষ্ঠাৰ দিনৰে পৰা সদৌ অসম মটক যুৱ-ছাত্ৰ সম্মিলনে জনজাতিকৰণৰ দাবী জনাই আহিছে। সুদীর্ঘ ৮৫ বছৰ ধৰি কোনো এখন চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্রহণ নকৰিলে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ শাসনলৈ অহাৰ পূৰ্বেই বিজেপি চৰকাৰ গঠনৰ ছমাহৰ ভিতৰত মটক জনগোষ্ঠীসহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্রুতি দিছিল যদিও এই মিত্ৰজোঁটৰ চৰকাৰে শাসনৰ গাদীত বহা প্রায় ১০ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো আজি পর্যন্ত জনজাতিকৰণ ঘোষণা নকৰিলে। বহু আলোচনা কৰাৰ পাছতো গুৰুত্ব নিদিলে চৰকাৰে।
এই সন্দৰ্ভত জনগোষ্ঠীটোৰ নেতৃত্বই কয় যে সহজ-সৰল মটক জনগোষ্ঠীৰ লোকসকলক ভুৱা প্রতিশ্রুতিৰে ঠগি আহিছে বিজেপি চৰকাৰে। জনগোষ্ঠীটোৰ নেতৃত্বক পত্ৰযোগে আলোচনাৰ বাবে নিমন্ত্রণ দিছে যদিও এই পত্র প্রত্যাখ্যান কৰিছে সদৌ অসম মটক যুৱ-ছাত্র সম্মিলনে। মিছা প্রতিশ্রুতিত তেওঁলোক পতিয়ন নাযায় আৰু মটক জনগোষ্ঠীৰ ৰাইজ জনজাতিকৰণ নোহোৱা পর্যন্ত ক্ষান্ত নাথাকে বুলিও সকীয়াই দিয়ে। চৰকাৰৰ মিথ্যাচাৰ আৰু ভুৱা প্রতিশ্রুতি কেতিয়াও অসমৰ অন্যতম ভূমিপুত্র মটক জনগোষ্ঠীয়ে মানি নলয়। সেয়ে এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে উচিত উত্তৰ দিয়ে জোঁৰ সমদলৰ জৰিয়তে।
কালি এই জোঁৰ সমদলত মটক সন্মিলনৰ উপদেষ্টা চন্দ্র সেনাপতি, মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিন্টু বৰপাত্র, সভাপতি ৰঞ্জিত গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, মটক মহিলা পৰিষদকে ধৰি জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈৰ বিশেষ তৎপৰতাত কালি এই জোঁৰ সমদল ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত উলিওৱা হয়।
উৎসঃ দৈনিক জনমভূমি