--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে সন্ধিয়া ৬-৪৫ বজাত টিকট বিক্ৰী আৰম্ভ কৰা হয় আৰু মাত্ৰ আধা ঘণ্টাৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচৰ সকলো টিকত বিক্রী হৈ যায়।

ডিজিটেল ডেস্ক : ভাৰত আৰু শ্রীলংকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্ব কাপলৈ দুমাহতকৈও কম সময় বাকী আছে। অহা ৭ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া প্রতিযোগিতাত এইবাৰ ২০টা দলে অংশগ্রহণ কৰিব। বৃহস্পতিবাৰে বিশ্ব গ্রুপ পৰ্যায়ৰ ৪০খন মেচৰ বাবে প্রথম পৰ্যায়ৰ টিকত বিক্ৰী কৰা হয়। 


উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৬-৪৫ বজাত টিকট বিক্ৰী আৰম্ভ কৰা হয় আৰু মাত্ৰ আধা ঘণ্টাৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচৰ সকলো টিকত বিক্রী হৈ যায়। এই মেচখন শ্রীলংকাৰ কলম্বোৰ প্রেমদাসা স্টেডিয়ামত অনুষ্ঠিত হ'ব, কিন্তু তাৰ পাছতো ক্রিকেটপ্রেমীৰ উৎসাহ ম্লান পৰা নাই। ১৫ ফেব্ৰুৱাৰীত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ এই মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য ১৫০০ শ্রীলংকান ৰুপী। ভাৰতীয় টকাৰ হিচাপত প্রায় ৪৩৮ টকা। 


অৱশ্যে দ্বিতীয় পর্যায়ক পুনৰ টিকট বিক্ৰী কৰা হ'ব। ভাৰতে ৭ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া উদ্বোধনী মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য হ'ল ৭৫০ টকা আৰু মুম্বাইত হ'বলগীয়া এই খেলখনৰো সকলো টিকট বৃহস্পতিবাৰে বিক্রী হয়। দিল্লীৰ অৰুণ জেইটলী ষ্টেডিয়ামত হ'বলগীয়া ভাৰত-নামিবিয়াৰ মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য ৭৫০ টকা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ