--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলীবাসী । শাৰিৰীক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমান কৰি দিলে নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈ গৰাকীয়ে ৷

ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস । কঠিয়াতলীৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় চিমু দাসক । 


চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলীবাসী । শাৰিৰীক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমান কৰি দিলে নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈ গৰাকীয়ে ৷ 


এটি ভঙা পজাঁৰ পৰা খেলিবৰ বাবে ওলাই আহিছিল দৃষ্টিহীন খেলুৱৈ চিমু দাস ৷ তাৰ পাছতে ভাৰতীয় দলৰ হৈ মহিলা দৃষ্টিহীন বিশ্বকাপত অংশ গ্ৰহন কৰি জয়ী হৈ ভাৰতৰ লগতে অসমলৈ গৌৱৰ কঢ়িয়াই আনিলে চিমু দাসে ৷ বিভিন্ন ৬ খন দেশে অংশ গ্ৰহন কৰা টি ২০ বিশ্বকাপত পোন প্ৰথম বাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন বিশ্বকাপ টি২০ ক্ৰিকেটত নেপালক পৰাস্ত কৰি বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস । 


চিমুৱে ৬৮ ৰাণ কৰি জয়ী কৰিছিল ভাৰতীয় দলটোক ৷ খেলুৱৈ গৰাকী অসমত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰে ১০ লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰিছে যদিও খেলুৱৈ গৰাকীয়ে বিচাৰিছে এটা চাকৰি ৷ এটা চাকৰি পালে সুখী বুলিও মন্তব্য কৰিছে খেলুৱৈ চিমু দাসে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ