--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলীবাসী । শাৰিৰীক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমান কৰি দিলে নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈ গৰাকীয়ে ৷

ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস । কঠিয়াতলীৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় চিমু দাসক । 


চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলীবাসী । শাৰিৰীক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমান কৰি দিলে নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈ গৰাকীয়ে ৷ 


এটি ভঙা পজাঁৰ পৰা খেলিবৰ বাবে ওলাই আহিছিল দৃষ্টিহীন খেলুৱৈ চিমু দাস ৷ তাৰ পাছতে ভাৰতীয় দলৰ হৈ মহিলা দৃষ্টিহীন বিশ্বকাপত অংশ গ্ৰহন কৰি জয়ী হৈ ভাৰতৰ লগতে অসমলৈ গৌৱৰ কঢ়িয়াই আনিলে চিমু দাসে ৷ বিভিন্ন ৬ খন দেশে অংশ গ্ৰহন কৰা টি ২০ বিশ্বকাপত পোন প্ৰথম বাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন বিশ্বকাপ টি২০ ক্ৰিকেটত নেপালক পৰাস্ত কৰি বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস । 


চিমুৱে ৬৮ ৰাণ কৰি জয়ী কৰিছিল ভাৰতীয় দলটোক ৷ খেলুৱৈ গৰাকী অসমত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰে ১০ লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰিছে যদিও খেলুৱৈ গৰাকীয়ে বিচাৰিছে এটা চাকৰি ৷ এটা চাকৰি পালে সুখী বুলিও মন্তব্য কৰিছে খেলুৱৈ চিমু দাসে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু