--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লখিমপুৰ বন বিভাগ আৰু লখিমপুৰ ভূমি সংৰক্ষণ বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে বনাঞ্চলখনলৈ ভয়াৱহ ভাবুকি আহি পৰিছে।

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ এলেকাৰ বগীনদী থানাৰ অন্তৰ্গত দীর্ঘা মাজগাঁৱত ১৯৯৫-৯৬ বৰ্ষত লখিমপুৰৰ ভূমি সংৰক্ষণ বিভাগে (Soil Conservation Department) দীর্ঘা নদীৰ প্ৰবল গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ সমান্তৰালকৈ দীর্ঘা নদীৰ প্ৰভাৱৰ পৰা কাষৰীয়া অঞ্চলসমূহক ৰক্ষা কৰাৰ প্ৰাথমিক উদ্দেশ্যে চাৰি হেক্টৰ ভূমি বনানীকৰণ ভূমিলৈ ৰূপান্তৰিত কৰি গছপুলি ৰোপণ কৰিছিল। অঞ্চলভিত্তিত সেই বনাঞ্চলক বর্তমান 'দীর্ঘা চয়েল' নামেৰে জনা যায়। 


দীর্ঘা নদীৰ কাষৰ অনুপযোগী ভূমি (Waste land)ক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ ফল স্থানীয় অঞ্চলৰ কৃষিভূমি সুৰক্ষিত কৰাত প্রকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু দুর্ভাগ্যৰ কথা যে লখিমপুৰ বন বিভাগ আৰু লখিমপুৰ ভূমি সংৰক্ষণ বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে বনাঞ্চলখনলৈ ভয়াৱহ ভাবুকি আহি পৰিছে। বনানীকৰণৰ ভূমিত বর্তমান অবৈধভাৱে পকী খুঁটাৰ নির্মাণকার্য চলি থকাৰ লগতে অঞ্চলটোত দ্রুতগতিত গছ নাইকিয়া হৈ আহিছে।


এনে কাৰ্যই বছৰ বছৰ ধৰি চলি অহা ভাৰত চৰকাৰৰ বনানীকৰণ ভূমি সংৰক্ষণৰ প্ৰচেষ্টাক অৱহেলা কৰাই নহয়, বৰঞ্চ বাৰিষা কালত গৰাখহনীয়া আৰু পৰিৱেশৰ প্ৰতি ভাবুকি আহিব বুলি স্থানীয় বাসিন্দাসকলে আশংকা প্রকাশ কৰিছে। অঞ্চলবাসীৰ মতে যদিহে এনে কার্যকলাপ নিয়ন্ত্রণহীনভাৱে চলি থাকে তেন্তে বনানীকৰণৰ ভূমি অৱক্ষয় হ'ব পাৰে। অঞ্চলবাসীয়ে এই ক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষক অবৈধভাৱে গছ কটা আৰু ব্যাৱসায়িকভাৱে চলি থকা নির্মাণকার্য বন্ধ কৰিবলৈ আহ্বান জনাইছে। 


তদুপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সেই বনানীকৰণৰ ভূমিত পুনৰ গছপুলি ৰোপণ কৰিবৰ বাবে ৰাইজে অনুৰোধ জনাইছে। স্থানীয় পৰিৱেশবিদ আৰু লোকসকলে মত প্রকাশ কৰিছে যে বনানীকৰণ ভূমিৰ গছ-গছনি সংৰক্ষণ কৰাটো পৰিৱেশ ভাৰসাম্যৰ উপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। তদুপৰি, M.C. Mehta বনাম Union of India (1987) গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে 'সুস্থ বাতাৱৰণ আৰু পৰিৱেশ'ক নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে বিবেচনা কৰি ২১নং অনুচ্ছেদত ইয়াক ব্যাখ্যা (Interpret) কৰি আহিছে। সেয়ে ৰাইজে সুস্থ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কর্তৃপক্ষক অনুৰোধ জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ