--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লখিমপুৰ বন বিভাগ আৰু লখিমপুৰ ভূমি সংৰক্ষণ বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে বনাঞ্চলখনলৈ ভয়াৱহ ভাবুকি আহি পৰিছে।

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ এলেকাৰ বগীনদী থানাৰ অন্তৰ্গত দীর্ঘা মাজগাঁৱত ১৯৯৫-৯৬ বৰ্ষত লখিমপুৰৰ ভূমি সংৰক্ষণ বিভাগে (Soil Conservation Department) দীর্ঘা নদীৰ প্ৰবল গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ সমান্তৰালকৈ দীর্ঘা নদীৰ প্ৰভাৱৰ পৰা কাষৰীয়া অঞ্চলসমূহক ৰক্ষা কৰাৰ প্ৰাথমিক উদ্দেশ্যে চাৰি হেক্টৰ ভূমি বনানীকৰণ ভূমিলৈ ৰূপান্তৰিত কৰি গছপুলি ৰোপণ কৰিছিল। অঞ্চলভিত্তিত সেই বনাঞ্চলক বর্তমান 'দীর্ঘা চয়েল' নামেৰে জনা যায়। 


দীর্ঘা নদীৰ কাষৰ অনুপযোগী ভূমি (Waste land)ক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ ফল স্থানীয় অঞ্চলৰ কৃষিভূমি সুৰক্ষিত কৰাত প্রকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু দুর্ভাগ্যৰ কথা যে লখিমপুৰ বন বিভাগ আৰু লখিমপুৰ ভূমি সংৰক্ষণ বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে বনাঞ্চলখনলৈ ভয়াৱহ ভাবুকি আহি পৰিছে। বনানীকৰণৰ ভূমিত বর্তমান অবৈধভাৱে পকী খুঁটাৰ নির্মাণকার্য চলি থকাৰ লগতে অঞ্চলটোত দ্রুতগতিত গছ নাইকিয়া হৈ আহিছে।


এনে কাৰ্যই বছৰ বছৰ ধৰি চলি অহা ভাৰত চৰকাৰৰ বনানীকৰণ ভূমি সংৰক্ষণৰ প্ৰচেষ্টাক অৱহেলা কৰাই নহয়, বৰঞ্চ বাৰিষা কালত গৰাখহনীয়া আৰু পৰিৱেশৰ প্ৰতি ভাবুকি আহিব বুলি স্থানীয় বাসিন্দাসকলে আশংকা প্রকাশ কৰিছে। অঞ্চলবাসীৰ মতে যদিহে এনে কার্যকলাপ নিয়ন্ত্রণহীনভাৱে চলি থাকে তেন্তে বনানীকৰণৰ ভূমি অৱক্ষয় হ'ব পাৰে। অঞ্চলবাসীয়ে এই ক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষক অবৈধভাৱে গছ কটা আৰু ব্যাৱসায়িকভাৱে চলি থকা নির্মাণকার্য বন্ধ কৰিবলৈ আহ্বান জনাইছে। 


তদুপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সেই বনানীকৰণৰ ভূমিত পুনৰ গছপুলি ৰোপণ কৰিবৰ বাবে ৰাইজে অনুৰোধ জনাইছে। স্থানীয় পৰিৱেশবিদ আৰু লোকসকলে মত প্রকাশ কৰিছে যে বনানীকৰণ ভূমিৰ গছ-গছনি সংৰক্ষণ কৰাটো পৰিৱেশ ভাৰসাম্যৰ উপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। তদুপৰি, M.C. Mehta বনাম Union of India (1987) গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে 'সুস্থ বাতাৱৰণ আৰু পৰিৱেশ'ক নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে বিবেচনা কৰি ২১নং অনুচ্ছেদত ইয়াক ব্যাখ্যা (Interpret) কৰি আহিছে। সেয়ে ৰাইজে সুস্থ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কর্তৃপক্ষক অনুৰোধ জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু