--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ ফলত দেশখনৰ কেইবাখনো চহৰত হিট ষ্ট'কত আক্রান্ত হৈ বহু লোক চিকিৎসাধীন হ'ব লগা হৈছে।

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াত গ্রীষ্ম প্ৰৱাহে জনজীৱন কার্যতঃ স্তব্ধ কৰি তুলিছে। দেশখনৰ কোনো কোনো অঞ্চলত তাপমাত্রা ৫০ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পাইছে।


দেশখনত যোৱা এটা দশকৰ ভিতৰত চলিত বৰ্ষত তাপমাত্রা সর্বাধিক হৈছেগৈ। পশ্চিম অষ্ট্ৰেলিয়াত‌ প্রথমে তাপমাত্রা বৃদ্ধি পোৱাৰ পাছত যোৱা প্ৰায় এটা সপ্তাহত দেশখনৰ পূব অংশত লাহে লাহে তাপমাত্রা বৃদ্ধি হ'বলৈ ধৰে। 


প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ ফলত দেশখনৰ কেইবাখনো চহৰত হিট ষ্ট'কত আক্রান্ত হৈ বহু লোক চিকিৎসাধীন হ'ব লগা হৈছে। দক্ষিণ-পূব অষ্ট্ৰেলিয়াত একেৰাহে পঞ্চম দিনৰ বাবে গ্রীষ্ম প্রবাহ অব্যাহত আছে। দেশখনৰ আটাইতকৈ জনবহুল নগৰী ভিক্টোৰিয়াৰ জৰুৰীকালীন বিভাগৰ তথ্য অনুসৰি ২০০৯ চনৰ পাছত চলিত বৰ্ষত চহৰখনত তাপমাত্রা সর্বাধিক হৈছে। 


ইফালে, গ্রীষ্ম প্ৰৱাহৰ মাজতে দেশখনৰ বহু স্থানত অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ পৰিছে জনতা। উল্লেখযোগ্য যে দেশখনৰ বিভিন্ন স্থানত বনজুই নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ ফলতো তাপমাত্রা বৃদ্ধি পোৱা বুলি চৰকাৰী সূত্ৰত প্রকাশ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ