--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তিব্বতীয় আধ্যাত্মিক গুৰুজনে তেওঁৰ স্প'কেন ৱৰ্ড এলবাম 'মেডিটেশ্যন: দ্য ৰিফ্লেকশ্যন্‌ছ অব্ হিজ হলিনেছ দ্য দালাই লামা'ৰ বাবে শ্রেষ্ঠ অডিঅ' বুক, নেৰেশ্যন আৰু ষ্টৰিটেলিং ৰেকর্ডিং শাখাত এই বঁটা লাভ কৰে।

ডিজিটেল ডেস্ক: তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই ৯০ বছৰ বয়সত আন এটা আন্তঃৰাষ্ট্ৰীয় সম্মান লাভ কৰে। তেওঁ জীৱনৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰে। ইয়াত অনুষ্ঠিত ৬৮ সংখ্যক বঁটা প্রদান অনুষ্ঠানত দালাই লামাক এই বঁটাৰে সন্মানিত কৰা হয়। 


তিব্বতীয় আধ্যাত্মিক গুৰুজনে তেওঁৰ স্প'কেন ৱৰ্ড এলবাম 'মেডিটেশ্যন: দ্য ৰিফ্লেকশ্যন্‌ছ অব্ হিজ হলিনেছ দ্য দালাই লামা'ৰ বাবে শ্রেষ্ঠ অডিঅ' বুক, নেৰেশ্যন আৰু ষ্টৰিটেলিং ৰেকর্ডিং শাখাত এই বঁটা লাভ কৰে। দালাই লামাৰ হৈ এই বঁটা গ্ৰহণ কৰে সংগীতজ্ঞ ৰুছ ৱেনৰাইটে। তেওঁ এই এলবামটোত দালাই লামাৰ সৈতে কাম কৰিছিল। বঁটা গ্রহণ কৰি ৱেনৰাইটে কয় যে এই কামৰ অংশ হ'বলৈ পোৱাটো এক সন্মানৰ আৰু সৌভাগ্যৰ কথা। 


ইফালে, তেওঁৰ কাৰ্যালয়ে প্রকাশ কৰা এটা বিবৃতিত দালাই লামাই কয় যে এই গ্রেমী বঁটা তেওঁৰ বাবে ব্যক্তিগত জয় নহয়, বৰং সমূহীয়া সার্বজনীন দায়িত্বৰ প্ৰতি স্বীকৃতি হিচাপে গণ্য কৰিছে। দালাই লামাই কয় যে তেওঁলৈ আগবঢ়োৱা এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু বিনম্রতাৰে বঁটা গ্রহণ কৰিছে। তেওঁ কয় যে শান্তি, দয়া, আমাৰ পৰিৱেশক চোৱাচিতা কৰা আৰু মানৱতাৰ একতাৰ বিষয়ে বুজি পোৱাটো সমগ্র ৮০০ কোটি লোকৰ সামূহিক কল্যাণৰ বাবে প্রয়োজন বুলি তেওঁ ভাবে। এই বঁটাৰ জৰিয়তে তেওঁৰ বাৰ্তা অধিক বিয়পোৱাত সহায় কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। 


উল্লেখযোগ্য যে দালাই লামাই নোবেল বঁটাৰ লগতে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু