--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তিব্বতীয় আধ্যাত্মিক গুৰুজনে তেওঁৰ স্প'কেন ৱৰ্ড এলবাম 'মেডিটেশ্যন: দ্য ৰিফ্লেকশ্যন্‌ছ অব্ হিজ হলিনেছ দ্য দালাই লামা'ৰ বাবে শ্রেষ্ঠ অডিঅ' বুক, নেৰেশ্যন আৰু ষ্টৰিটেলিং ৰেকর্ডিং শাখাত এই বঁটা লাভ কৰে।

ডিজিটেল ডেস্ক: তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই ৯০ বছৰ বয়সত আন এটা আন্তঃৰাষ্ট্ৰীয় সম্মান লাভ কৰে। তেওঁ জীৱনৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰে। ইয়াত অনুষ্ঠিত ৬৮ সংখ্যক বঁটা প্রদান অনুষ্ঠানত দালাই লামাক এই বঁটাৰে সন্মানিত কৰা হয়। 


তিব্বতীয় আধ্যাত্মিক গুৰুজনে তেওঁৰ স্প'কেন ৱৰ্ড এলবাম 'মেডিটেশ্যন: দ্য ৰিফ্লেকশ্যন্‌ছ অব্ হিজ হলিনেছ দ্য দালাই লামা'ৰ বাবে শ্রেষ্ঠ অডিঅ' বুক, নেৰেশ্যন আৰু ষ্টৰিটেলিং ৰেকর্ডিং শাখাত এই বঁটা লাভ কৰে। দালাই লামাৰ হৈ এই বঁটা গ্ৰহণ কৰে সংগীতজ্ঞ ৰুছ ৱেনৰাইটে। তেওঁ এই এলবামটোত দালাই লামাৰ সৈতে কাম কৰিছিল। বঁটা গ্রহণ কৰি ৱেনৰাইটে কয় যে এই কামৰ অংশ হ'বলৈ পোৱাটো এক সন্মানৰ আৰু সৌভাগ্যৰ কথা। 


ইফালে, তেওঁৰ কাৰ্যালয়ে প্রকাশ কৰা এটা বিবৃতিত দালাই লামাই কয় যে এই গ্রেমী বঁটা তেওঁৰ বাবে ব্যক্তিগত জয় নহয়, বৰং সমূহীয়া সার্বজনীন দায়িত্বৰ প্ৰতি স্বীকৃতি হিচাপে গণ্য কৰিছে। দালাই লামাই কয় যে তেওঁলৈ আগবঢ়োৱা এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু বিনম্রতাৰে বঁটা গ্রহণ কৰিছে। তেওঁ কয় যে শান্তি, দয়া, আমাৰ পৰিৱেশক চোৱাচিতা কৰা আৰু মানৱতাৰ একতাৰ বিষয়ে বুজি পোৱাটো সমগ্র ৮০০ কোটি লোকৰ সামূহিক কল্যাণৰ বাবে প্রয়োজন বুলি তেওঁ ভাবে। এই বঁটাৰ জৰিয়তে তেওঁৰ বাৰ্তা অধিক বিয়পোৱাত সহায় কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। 


উল্লেখযোগ্য যে দালাই লামাই নোবেল বঁটাৰ লগতে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ