ডিজিটেল ডেস্ক : গুৱাহাটীৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০২১-২০২২ বৰ্ষৰ মিডিয়া ফেল’শ্বিপ প্ৰাপক সকলক প্ৰদান কৰা হয় মানপত্ৰ লগতে জনোৱা হয় সম্বৰ্ধনাও।
২০২১-২০২২ বৰ্ষৰ মুঠ ২০ জন সাংবাদিকক তেওঁলোকৰ উৎকৃষ্ট গৱেষণা পত্ৰৰ বাবে বিভাগৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। বুধবাৰে ২০ জন সাংবাদিক, সংবাদকৰ্মীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই মানপত্ৰ সমূহ। অনুষ্ঠানত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা, জনমভূমিৰ জ্যেষ্ঠ উপ- সম্পাদক কিশোৰ গোস্বামী,সাংবাদিক পল্লৱী বৰা,জেষ্ঠ্য সাংবাদিক মনোৰঞ্জন কলিতা, অপূ ভৰদ্বাজ,নুপূৰ বৰুৱা, মানসী দত্ত, অনুভৱ পৰাশৰ, ভাৰ্গৱ হাজৰিকা, মুকুন্দ মাধৱ নেওগক সম্বৰ্ধনাৰ লগতে প্ৰদান কৰা হয় একোখনকৈ মানপত্ৰ।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালকদ্বয় দীপক বসুমতাৰী আৰু এমিলি বৰুৱা, যুটিয়া সঞ্চালক ৰাজীৱ শইকীয়া, উপ-সঞ্চালক ৰতন সাউদ, জন সম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকা।
উল্লেখ্য যে, তথ্য আৰু জনযংযোগ বিভাগৰ দ্বাৰা নিৰ্বাচিত মিডিয়া ফেল’শ্বিপ প্ৰাপক এই ২০ জন সাংবাদিকক প্ৰদান কৰা হৈছিল ৫০,০০০ কৈ টকা।
সাংবাদিক সকলে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ অন্তত প্ৰস্তুত কৰা এই গৱেষণা পত্ৰ সমূহ অনাগত সময়ৰ এক আপুৰুগীয়া সম্পদ হোৱাৰ লগতে গৱেষণাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই অধ্যয়ন পত্ৰ সমূহ অন্যতম সমল বুলি মন্তব্য কৰে বিভাগৰ অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰীয়ে।