--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২১-২০২২ বৰ্ষৰ মুঠ ২০ জন সাংবাদিকক তেওঁলোকৰ উৎকৃষ্ট গৱেষণা পত্ৰৰ বাবে বিভাগৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ তথ‍্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০২১-২০২২ বৰ্ষৰ মিডিয়া ফেল’শ্বিপ প্ৰাপক সকলক প্ৰদান কৰা হয় মানপত্ৰ লগতে জনোৱা হয় সম্বৰ্ধনাও। 


২০২১-২০২২ বৰ্ষৰ মুঠ ২০ জন সাংবাদিকক তেওঁলোকৰ উৎকৃষ্ট গৱেষণা পত্ৰৰ বাবে বিভাগৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। বুধবাৰে ২০ জন সাংবাদিক, সংবাদকৰ্মীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই মানপত্ৰ সমূহ। অনুষ্ঠানত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ‍্যোতি শৰ্মা, জনমভূমিৰ জ্যেষ্ঠ উপ- সম্পাদক কিশোৰ গোস্বামী,সাংবাদিক পল্লৱী বৰা,জেষ্ঠ‍্য সাংবাদিক মনোৰঞ্জন কলিতা, অপূ ভৰদ্বাজ,নুপূৰ বৰুৱা, মানসী দত্ত, অনুভৱ পৰাশৰ, ভাৰ্গৱ হাজৰিকা, মুকুন্দ মাধৱ নেওগক সম্বৰ্ধনাৰ লগতে প্ৰদান কৰা হয় একোখনকৈ মানপত্ৰ। 


এই অনুষ্ঠানত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকে তথ‍্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালকদ্বয় দীপক বসুমতাৰী আৰু এমিলি বৰুৱা, যুটিয়া সঞ্চালক ৰাজীৱ শইকীয়া, উপ-সঞ্চালক ৰতন সাউদ, জন সম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকা। 



উল্লেখ‍্য যে, তথ‍্য আৰু জনযংযোগ বিভাগৰ দ্বাৰা নিৰ্বাচিত মিডিয়া ফেল’শ্বিপ প্ৰাপক এই ২০ জন সাংবাদিকক প্ৰদান কৰা হৈছিল ৫০,০০০ কৈ টকা।

সাংবাদিক সকলে গভীৰ অধ‍্যয়ন আৰু গৱেষণাৰ অন্তত প্ৰস্তুত কৰা এই গৱেষণা পত্ৰ সমূহ অনাগত সময়ৰ এক আপুৰুগীয়া সম্পদ হোৱাৰ লগতে গৱেষণাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই অধ‍্যয়ন পত্ৰ সমূহ অন‍্যতম সমল বুলি মন্তব‍্য কৰে বিভাগৰ অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ