--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নগাঁও জিলাৰ বিঙৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত মহিলাসহ কেইবাগৰাকী অচিনাকি ব্যক্তিৰ নাম সন্নিবিষ্ট হয়।

ডিজিটেল ডেস্ক : শেহতীয়াকৈ প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ নগাঁও জিলাত ডেকা সত্ৰীয়াৰ পৰিয়ালত ইছলাম ধৰ্মাৱলম্বী অচিনাকি মিঞা লোকৰ নাম সংযোগ হোৱাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে। এনে নাভূত-নাশ্রুত ঘটনাক কেন্দ্র কৰি সৰ্বত্ৰ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 


জানিব পৰা মতে, নগাঁও জিলাৰ বিঙৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত মহিলাসহ কেইবাগৰাকী অচিনাকি ব্যক্তিৰ নাম সন্নিবিষ্ট হয়। ৫৫ নং ধিং সমষ্টিৰ ২০২৫ৰ সংশোধিত ভোটাৰ তালিকাত বালিসত্ৰৰ ২ নং অংশৰ ভোটাৰ তালিকাত ৩গৰাকীকৈ অচিনাকি ইছলাম ধর্মাবলম্বী লোকৰ নাম সন্নিৱিষ্ট হয়। 


এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্য অব্যাহত আছে। সত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰৰ লগত খচৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট অচিনাকি ব্যক্তিকেইগৰাকী হ'ল জহুৰা খাতুন, শ্বহিদুল ইছলাম আৰু শ্বামিম আনিচাৰ। ইয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সত্ৰৰ ভকত- বৈষ্ণৱ তথা সমগ্র অঞ্চলবাসীৰ মাজত। 


এই সমগ্ৰ বিষয়টোৰ ক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীয়ে কয়, 'মোৰ ঘৰৰ নম্বৰ হ'ল ১৬৩।' কালিহে তেওঁ কথা গম পোৱা বুলি উল্লেখ কৰি কয়, '১৬৩ ঘৰৰ যিটো নম্বৰৰ বিপৰীতে আৰু ৩জন মুছলমান লোকৰ নাম সোমাইছে বুলি গম পাইছোঁ। তাৰ লগতে দিছে ক, খ, নে ১, ২। এইবোৰ হ'ব নালাগিছিল। ভবিষ্যতে এয়া জটিল বিষয় হৈ পৰিব। আমি হ'লোঁ পুৰণা মানুহ। কি হ'ল মই একো নেজানো। এইখিনি এতিয়া কেনেকৈ শুধৰণি কৰে তাৰ বাবে মই সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ।' 


আনহাতে, স্থানীয় যুৱক মাণিক বৰাই কয়, যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ ভোটাৰ তালিকাত পুৰুষ-মহিলাসহ ৩জনকৈ মুছলমান লোকৰ নাম সোমাইছে। যিটো হ'ব নালাগিছিল। কি পৰিস্থিতিত পৰি এনে হৈছে সেয়াও নেজানো। গতিকে, সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষক শুধৰণিৰ বাবে আহ্বান জনাইছোঁ। কিয়নো তেওঁ আমাৰ গাঁৱৰ এজন নাম লগোৱা আৰু সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তি।' 


তেওঁৰ নামৰ লগত যিহেতু কিছুমান চিনি নোপোৱা মানুহৰ নাম সোমাইছে তাক অতি শীঘ্ৰে ভেৰিফাই কৰি তেওঁলোকৰ পৰিয়ালৰ নাম সন্নিৱিষ্ট কৰিব লাগে বুলি শ্ৰীশ্ৰীনৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ পৰাও দাবী জনোৱা বুলি মন্তব্য কৰে। লগতে এই সমগ্র বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজেও দাবী জনায়। লগতে এনে বিসংগতিপূর্ণ ভোটাৰ তালিকাক শীঘ্রে সংশোধন কৰিবলৈ ৰাইজে আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন