--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদযাপনৰ সময়ত এই বিষয়টোৱে অগণন গুণমুগ্ধক ব্যথিত কৰাৰ লগতে ক্ষুব্ধ কৰি তুলিছে।

ডিজিটেল ডেস্ক : বিশ্ববিশ্রুত শিল্পী, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলকাতাৰ ৭৭বি গলফ পথত অৱস্থিত ঐতিহাসিক ঘৰটো বৰ্তমান অতি অনাদৃত আৰু পৰিত্যক্ত অৱস্থাত আছে। 


শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদযাপনৰ সময়ত এই বিষয়টোৱে অগণন গুণমুগ্ধক ব্যথিত কৰাৰ লগতে ক্ষুব্ধ কৰি তুলিছে। পশ্চিম বংগ চৰকাৰৰ কেৱল ৰাজনৈতিক শত্রুতাৰ বাবে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৃষ্টিৰ এক অন্যতম থলী এৰাবাৰীত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰি খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে কয় যে, 'গঙ্গা আমাৰ মা'ৰ দৰে অতি জনপ্রিয় কেইবাটাও আপুৰুগীয়া গীত ৰচনা কৰা আৰু লতা মংগেশকাৰ, আশা ভোছলেৰ লগতে একাধিক বিখ্যাত শিল্পীৰ পদধূলাৰে গৰ্বিত এই ঘৰটো একমাত্ৰ ৰাজনৈতিক দ্বন্দ্বৰ বাবে আজি ইতিহাসৰ পাতৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। ঘৰটোৰ ভিতৰভাগ একেবাৰে জহি-খহি গৈ ভূত বাংলা যেন হৈ পৰিছে। 


১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি এক অভিমানৰ বোজা লৈ কলকাতালৈ গুচি যোৱা শিল্পীগৰাকীয়ে প্ৰথমতে ভাৰাঘৰত থকাৰ পিছত কলকাতাত থকা সময়লৈকে তেওঁ সেই ঘৰটো কিনি লৈ তাত থাকিব লৈছিল। পৰৱৰ্তী সময়ত সেই ঘৰটো এগৰাকী ব্যৱসায়ীক বিক্ৰী কৰি তেওঁ মুম্বাইলৈ গৈছিল। এই ঘৰটো অসমৰ এক জাতীয় সম্পদ হিচাপে সংৰক্ষণ কৰি ৰাখিবলৈ তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসম চৰকাৰে ১.৭ কোটি টকাৰ ঘৰটো সেই লোকজনৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰি প্ৰাথমিক প্রস্তুতি চলাইছিল। কিন্তু পশ্চিম বংগ চৰকাৰে একমাত্ৰ ৰাজনৈতিক কাৰণত হঠাতে ঘৰটো বংগৰ হেৰিটেজ হিচাপে ঘোষণা কৰি ঘৰটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত অসম চৰকাৰৰ পদক্ষেপ আধাতে বন্ধ হৈ পৰিল। 


একমাত্র ভিন্ন ৰাজনৈতিক আদৰ্শ আৰু শত্রুতাৰ বাবে আজি এইগৰাকী মহান শিল্পীৰ এক সোঁৱৰণীৰ থলী আৰু নতুন প্ৰজন্মৰ এক গৱেষণাৰ উৎস আজি ইতিহাস হোৱাৰ পথত। খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে তৎকালীনভাৱে পশ্চিম বংগ চৰকাৰক ঘৰটো অসম চৰকাৰক হস্তান্তৰ কৰিবলৈ আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য