--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদযাপনৰ সময়ত এই বিষয়টোৱে অগণন গুণমুগ্ধক ব্যথিত কৰাৰ লগতে ক্ষুব্ধ কৰি তুলিছে।

ডিজিটেল ডেস্ক : বিশ্ববিশ্রুত শিল্পী, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলকাতাৰ ৭৭বি গলফ পথত অৱস্থিত ঐতিহাসিক ঘৰটো বৰ্তমান অতি অনাদৃত আৰু পৰিত্যক্ত অৱস্থাত আছে। 


শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদযাপনৰ সময়ত এই বিষয়টোৱে অগণন গুণমুগ্ধক ব্যথিত কৰাৰ লগতে ক্ষুব্ধ কৰি তুলিছে। পশ্চিম বংগ চৰকাৰৰ কেৱল ৰাজনৈতিক শত্রুতাৰ বাবে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৃষ্টিৰ এক অন্যতম থলী এৰাবাৰীত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰি খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে কয় যে, 'গঙ্গা আমাৰ মা'ৰ দৰে অতি জনপ্রিয় কেইবাটাও আপুৰুগীয়া গীত ৰচনা কৰা আৰু লতা মংগেশকাৰ, আশা ভোছলেৰ লগতে একাধিক বিখ্যাত শিল্পীৰ পদধূলাৰে গৰ্বিত এই ঘৰটো একমাত্ৰ ৰাজনৈতিক দ্বন্দ্বৰ বাবে আজি ইতিহাসৰ পাতৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। ঘৰটোৰ ভিতৰভাগ একেবাৰে জহি-খহি গৈ ভূত বাংলা যেন হৈ পৰিছে। 


১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি এক অভিমানৰ বোজা লৈ কলকাতালৈ গুচি যোৱা শিল্পীগৰাকীয়ে প্ৰথমতে ভাৰাঘৰত থকাৰ পিছত কলকাতাত থকা সময়লৈকে তেওঁ সেই ঘৰটো কিনি লৈ তাত থাকিব লৈছিল। পৰৱৰ্তী সময়ত সেই ঘৰটো এগৰাকী ব্যৱসায়ীক বিক্ৰী কৰি তেওঁ মুম্বাইলৈ গৈছিল। এই ঘৰটো অসমৰ এক জাতীয় সম্পদ হিচাপে সংৰক্ষণ কৰি ৰাখিবলৈ তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসম চৰকাৰে ১.৭ কোটি টকাৰ ঘৰটো সেই লোকজনৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰি প্ৰাথমিক প্রস্তুতি চলাইছিল। কিন্তু পশ্চিম বংগ চৰকাৰে একমাত্ৰ ৰাজনৈতিক কাৰণত হঠাতে ঘৰটো বংগৰ হেৰিটেজ হিচাপে ঘোষণা কৰি ঘৰটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত অসম চৰকাৰৰ পদক্ষেপ আধাতে বন্ধ হৈ পৰিল। 


একমাত্র ভিন্ন ৰাজনৈতিক আদৰ্শ আৰু শত্রুতাৰ বাবে আজি এইগৰাকী মহান শিল্পীৰ এক সোঁৱৰণীৰ থলী আৰু নতুন প্ৰজন্মৰ এক গৱেষণাৰ উৎস আজি ইতিহাস হোৱাৰ পথত। খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে তৎকালীনভাৱে পশ্চিম বংগ চৰকাৰক ঘৰটো অসম চৰকাৰক হস্তান্তৰ কৰিবলৈ আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান