--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত। আমগাঁৱৰ তাৰিবাগানত দেওবাৰে নিশাৰ ভাগত আমজাদ আলী নামৰ ২৩ বছৰীয়া যুৱকৰ মৃত্যু হয়।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অত্যধিক ড্ৰাগ্ছ সেৱন কৰি এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। 


এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত। আমগাঁৱৰ তাৰিবাগানত দেওবাৰে নিশাৰ ভাগত আমজাদ আলী নামৰ ২৩ বছৰীয়া যুৱকৰ মৃত্যু হয়। 


মৃত আমজাদ আলীয়ে অত্যধিক ড্ৰাগ সেৱন কৰাৰ বাবেই যুৱক জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে। দীৰ্ঘদিন ধৰি অত্যধিক ড্ৰাগ্ছ সেৱন কৰাৰ বাবেই ৰোগত আক্ৰান্ত হৈ যুৱক জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। 


অৱশ্যে যুৱক জনৰ পিতৃয়ে আমজাদ আলী যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে, কালি নিশা ১০ বজাত আমজাদ আলীক পৰিয়ালে স্থানীয় হাস্পতালত নিয়ে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে।


উল্লেখ্য যে, আমগাঁৱৰ তাৰিবাগানত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ড্ৰাগছৰ আসক্ত সংখ্যা। আমগাঁৱৰ তাৰিবাগানৰ সৰহ সংখ্যক পৰিয়ালৰ ঘৰত যুৱক যুৱতীয়ে ড্ৰাগ সেৱন কৰা বুলি স্থানীয় সমাজ কৰ্মী ৰাজীৱ আহমেদে অভিযোগ কৰে। নতুন প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্রাসৰ পৰা ৰক্ষা কৰিবলৈ সমাজ কৰ্মী ৰাজীৱ আহমেদে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ