--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত। আমগাঁৱৰ তাৰিবাগানত দেওবাৰে নিশাৰ ভাগত আমজাদ আলী নামৰ ২৩ বছৰীয়া যুৱকৰ মৃত্যু হয়।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অত্যধিক ড্ৰাগ্ছ সেৱন কৰি এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। 


এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত। আমগাঁৱৰ তাৰিবাগানত দেওবাৰে নিশাৰ ভাগত আমজাদ আলী নামৰ ২৩ বছৰীয়া যুৱকৰ মৃত্যু হয়। 


মৃত আমজাদ আলীয়ে অত্যধিক ড্ৰাগ সেৱন কৰাৰ বাবেই যুৱক জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে। দীৰ্ঘদিন ধৰি অত্যধিক ড্ৰাগ্ছ সেৱন কৰাৰ বাবেই ৰোগত আক্ৰান্ত হৈ যুৱক জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। 


অৱশ্যে যুৱক জনৰ পিতৃয়ে আমজাদ আলী যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে, কালি নিশা ১০ বজাত আমজাদ আলীক পৰিয়ালে স্থানীয় হাস্পতালত নিয়ে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে।


উল্লেখ্য যে, আমগাঁৱৰ তাৰিবাগানত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ড্ৰাগছৰ আসক্ত সংখ্যা। আমগাঁৱৰ তাৰিবাগানৰ সৰহ সংখ্যক পৰিয়ালৰ ঘৰত যুৱক যুৱতীয়ে ড্ৰাগ সেৱন কৰা বুলি স্থানীয় সমাজ কৰ্মী ৰাজীৱ আহমেদে অভিযোগ কৰে। নতুন প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্রাসৰ পৰা ৰক্ষা কৰিবলৈ সমাজ কৰ্মী ৰাজীৱ আহমেদে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান