--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জৰীপ আলীয়ে ড্ৰেগন ফলৰ উপৰিও বগৰী ,কঠাল,আম , বেঙেনা আদিকে ধৰি মুঠ ৭৫ বিঘা মাটি ফলমুল আৰু পাচলিৰ খেতি কৰি নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।

ডিজিটেল ডেস্কঃ দৰং জিলাৰ দলগাঁৱৰ জৰীপ আলীয়ে ১০ বিঘা ভুমিত দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰু বাংলাদেশৰ পৰা অনা উন্নত মানৰ বীজৰ জৰিয়তে ড্ৰেগন ফলৰ খেতি কৰি বহুত লাভাৱান্বিত হৈছে আৰু স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । 


জৰীপ আলীয়ে দুটা বছৰত ১০ বিঘা মাটি ড্ৰেগনৰ খেতি কৰি ইতিমধ্যে ৪০ (চল্লিশ) লাখ টকা লাভ কৰিছে । জৰীপ আলীয়ে ড্ৰেগন ফলৰ উপৰিও বগৰী ,কঠাল,আম , বেঙেনা আদিকে ধৰি মুঠ ৭৫ বিঘা মাটি ফলমুল আৰু পাচলিৰ খেতি কৰি নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । তেওঁ উল্লেখ কৰা মতে ২০১৯/২০ ৰ লক ডাউনৰ সময়ত ফল মুলৰ খেতিত ১৪ লাখ টকা লোকচানৰ সন্মুখীন হৈছিল যদিও বৰ্তমান বহুতো লাভত খেতি কৰি আছে জৰীপ আলীয়ে । প্ৰতি কিলোত ১৭০/১৮০ টকাৰ হাৰত ড্ৰেগন বিক্ৰী কৰি আহিছে জৰীপ আলীয়ে । আজি ১০ কুইন্টলতকৈ বেছি ড্ৰেগন চুবুৰীয়া ৰাজ্য মণিপুৰলৈ পঠাব বুলি জৰীপ আলীয়ে জনায় । 


জৰীপ আলীয়ে তেওঁ উৎপাদিত পাচলি ফল-মুল সমূহ অসম মণিপুৰ আদিৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত ৰপ্তানি কৰে বুলি জানিবলৈ দিয়ে । খেতিৰ চাৰিওফালে কটকটীয়া তাৰৰ বেৰ আৰু ওপৰত  ড্ৰেগনৰ খেতি পোক পৰুৱা চৰাইৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষা দিয়া দেখা গৈছে 


তেওঁ বৰ্তমান এগৰাকী আদৰ্শবান খেতিয়ক হিচাপে বহু ঠাইৰ পৰা পুৰস্কৃতও হৈছে । তেওঁ নিবনুৱা যুৱক সকলকো এই লাভদায়ক ড্ৰেগনৰ খেতি কৰিবলৈ আহ্বান জনাইছে ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ