--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জৰীপ আলীয়ে ড্ৰেগন ফলৰ উপৰিও বগৰী ,কঠাল,আম , বেঙেনা আদিকে ধৰি মুঠ ৭৫ বিঘা মাটি ফলমুল আৰু পাচলিৰ খেতি কৰি নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।

ডিজিটেল ডেস্কঃ দৰং জিলাৰ দলগাঁৱৰ জৰীপ আলীয়ে ১০ বিঘা ভুমিত দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰু বাংলাদেশৰ পৰা অনা উন্নত মানৰ বীজৰ জৰিয়তে ড্ৰেগন ফলৰ খেতি কৰি বহুত লাভাৱান্বিত হৈছে আৰু স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । 


জৰীপ আলীয়ে দুটা বছৰত ১০ বিঘা মাটি ড্ৰেগনৰ খেতি কৰি ইতিমধ্যে ৪০ (চল্লিশ) লাখ টকা লাভ কৰিছে । জৰীপ আলীয়ে ড্ৰেগন ফলৰ উপৰিও বগৰী ,কঠাল,আম , বেঙেনা আদিকে ধৰি মুঠ ৭৫ বিঘা মাটি ফলমুল আৰু পাচলিৰ খেতি কৰি নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । তেওঁ উল্লেখ কৰা মতে ২০১৯/২০ ৰ লক ডাউনৰ সময়ত ফল মুলৰ খেতিত ১৪ লাখ টকা লোকচানৰ সন্মুখীন হৈছিল যদিও বৰ্তমান বহুতো লাভত খেতি কৰি আছে জৰীপ আলীয়ে । প্ৰতি কিলোত ১৭০/১৮০ টকাৰ হাৰত ড্ৰেগন বিক্ৰী কৰি আহিছে জৰীপ আলীয়ে । আজি ১০ কুইন্টলতকৈ বেছি ড্ৰেগন চুবুৰীয়া ৰাজ্য মণিপুৰলৈ পঠাব বুলি জৰীপ আলীয়ে জনায় । 


জৰীপ আলীয়ে তেওঁ উৎপাদিত পাচলি ফল-মুল সমূহ অসম মণিপুৰ আদিৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত ৰপ্তানি কৰে বুলি জানিবলৈ দিয়ে । খেতিৰ চাৰিওফালে কটকটীয়া তাৰৰ বেৰ আৰু ওপৰত  ড্ৰেগনৰ খেতি পোক পৰুৱা চৰাইৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষা দিয়া দেখা গৈছে 


তেওঁ বৰ্তমান এগৰাকী আদৰ্শবান খেতিয়ক হিচাপে বহু ঠাইৰ পৰা পুৰস্কৃতও হৈছে । তেওঁ নিবনুৱা যুৱক সকলকো এই লাভদায়ক ড্ৰেগনৰ খেতি কৰিবলৈ আহ্বান জনাইছে ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ