--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যি সময়ত মহিষাসুৰ মদনৰ বাবে আজি শক্তিক প্রার্থনা কৰিব লাগিছিল, সেই সময়ত অসমীয়াই জগতজননীৰ ওচৰত প্ৰাৰ্থনা কৰিছে- 'হে মা দুর্গা, জুবিনৰ হত্যাকাৰীক নাশ কৰা, আমাক ন্যায় দিয়া।'

ডিজিটেল ডেস্কঃ অসম-অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে শোকাহত কৰি যোৱা ৰাজ্যখনলৈ সন্তর্পণে আহিছে শৰৎ। যি সময়ত শাৰদীয় দুর্গোৎসৱৰ আনন্দত উখল-মাখল হৈ থাকিব লাগিছিল অসম, সেই সময়ত অসমবাসীৰ চকুৰে বিগত ১০ দিন ধৰি বৈ আছে অশ্রুধাৰা।


যি সময়ত মহিষাসুৰ মদনৰ বাবে আজি শক্তিক প্রার্থনা কৰিব লাগিছিল, সেই সময়ত অসমীয়াই জগতজননীৰ ওচৰত প্ৰাৰ্থনা কৰিছে- 'হে মা দুর্গা, জুবিনৰ হত্যাকাৰীক নাশ কৰা, আমাক ন্যায় দিয়া।' 


এনে এক শোক, ক্ষোভ আৰু ক্ৰোধৰ বাতাৱৰণৰ মাজতে কালিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গা পূজা, মা আদিশক্তিৰ বন্দনা। পূজাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক দৰমহাও আগতীয়াকৈ দি দিছে, দোকান-পোহাৰো ভৰি পৰিছে পূজাৰ নানান তৰহৰ সামগ্ৰীৰে, কিন্তু এইবাৰ আনন্দ কৰিবলৈ, পূজাৰ বজাৰত উথপথপ লগাবলৈ মানুহৰ নাই কোনো উৎসাহ, নাই কোনো প্ৰেৰণা, কাৰণ অসমীয়া মানুহৰ নয়নৰ মণি জুবিনক কেইদিনমান আগতে এটা স্তাৱকৰ দলে বৰ্বৰভাৱে ঠেলি দিলে মৃত্যুৰ মুখলৈ। বুকুত একুৰা কেঁচা জুই সামৰি কোন স'তে উৎসৱত মতলীয়া হৈ পৰে মানুহ। কিন্তু জুবিনৰ ন্যায়ৰ অপেক্ষাত ৰৈ ৰৈ অধৈর্য হৈ পৰা অসমবাসীয়ে এইবাৰ হৃদয়ৰ সমস্ত আকুলতাৰে মা ভগৱতীৰ চৰণত এটাই আন্তৰিক প্রার্থনা কৰিছে- হে মা, হে জগত জননী, তোমাৰ চৰণতে বিচাৰ অৰ্পণ কৰিলোঁ। কোনেও দিব নোৱাৰিলেও আমাৰ ল'ৰাটোৰ মৃত্যুৰ ন্যায় তুমিয়েই দিবা। 


ইতিমধ্যেই দুর্গতিনাশিনীক বেদিত প্রতিষ্ঠা কৰা হৈছে আৰু কালিৰে পৰাই মা দুৰ্গাৰ পূজা আৰম্ভ হৈছে। সমগ্ৰ ৰাজ্যতে এইবাৰ স্বতঃস্ফূর্তভাৱে পূজাৰ পৰিৱেশ কেৱল আধ্যাত্মিকতালৈ ঘূৰি গৈছে, সকলো পূজা সমিতিয়েই বৰ্জন কৰিছে পূজাৰ জাকজমকতা, মাত্ৰ নিয়ম ৰক্ষা কৰি পূজা মণ্ডপসমূহত হৈছে আদিশক্তিৰ বন্দনা। 


অৱশ্যে এইবাৰ পূজাত ৰাইজৰ আনন্দই বেলেগ ৰূপ ধাৰণ কৰিলেহেঁতেন যদিহে প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ লগত জড়িত আধুনিক মহিষাসুৰকেইটাক আৰক্ষীয়ে ধৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া যিহেতু নহ'ল সেয়েহে উকা হৈ ৰ'ল অসমীয়াৰ মন, সেমেকি গ'ল শাৰদীয় দুর্গাৎসৱ। 


গুৱাহাটী মহানগৰীতো এইবাৰ দেখিবলৈ পোৱা নগ'ল দুর্গা পূজাৰ সেই পাৰভঙা উৎসাহ, আনন্দ। আগতে দুর্গা পূজাৰ ১০ দিন আগৰ পৰাই যি ফাঁচি বজাৰ মানুহেৰে গপগপাই থাকে, যি ফাঁচি বজাৰৰ ক্রেতা-বিক্রেতাৰ চিঞৰ-বাখৰ দূৰ দূৰৰ পৰা শুনা যায়, সেই ফাঁচি বজাৰৰ বহু দোকানত এইবাৰ পূজাৰ বজাৰত 'বহনি'য়েই নহ'ল। মহানগৰীত মুঠ ৫১১খন পূজা অনুষ্ঠিত কৰা হৈছে যদিও পৰিৱেশ একেবাৰে শান্ত। জুবিনৰ মৎস্যস্পৰ্শ অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱমী পূজাৰ দিনাই যোৰহাটত অনুষ্ঠিত কৰা হৈছে এক শ্রদ্ধাঞ্জলি অনুষ্ঠান। যোৰহাটৰ বাটেৰে, লুইতৰ ঘাটেৰে জগতসভালৈ যোৱা যোৰহটীয়া ৰাইজৰ মৰমৰ 'গ'ল্ডী'ৰ শ্রাদ্ধ আগত ৰাখি জানো যোৰহটীয়া ৰাইজে ৰং-ৰহইচ কৰিব পাৰিব! গতিকে যোৰহাটতো এইবাৰ পূজাৰ আনুষ্ঠানিকতাহে কৰা হ'ব মাত্র। কেৱল যোৰহাট বা গুৱাহাটীয়েই নহয়, সমগ্র ৰাজ্যত শোকত ভাগি পৰা ৰাইজে দুর্গতিনাশিনীক এইবাৰ উকা মনেৰে সেমেকা অন্তৰেৰে এটা প্রার্থনা জনাইছে- যেন মা দুর্গাই তেওঁৰ অন্তহীন পৰাক্ৰমেৰে জুবিনৰ মৃত্যুত জড়িত সকলো অসুৰ নিধন কৰি অসমীয়া আৰু অসমৰ আকাশখন পুনৰ ফৰকাল কৰি তোলে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ