--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ ৰ প্ৰথমখন বৃহৎ ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হোৱা এই ছবিখনে পূৰ্বৰ হিট্ ছবি 'চাবা' (Chhaava) আৰু 'ধুৰন্ধৰ' (Dhurandhar) ৰ প্ৰথম সপ্তাহৰ উপাৰ্জনৰ সকলো অভিলেখ ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: ভাৰতীয় চিনেমা জগতত পুনৰবাৰ দেশপ্ৰেমৰ জোৱাৰ উঠিছে। 'চাবা' আৰু 'ধুৰন্ধৰ'ৰ অভিলেখ ভংগ কৰি বৰ্ডাৰ ২ অপ্ৰতিৰোধ্য যাত্ৰা। ছানি দেউলৰ অভিনীত বহুপ্ৰতীক্ষিত যুদ্ধভিত্তিক ছবি 'ব'ৰ্ডাৰ ২' -এ বক্স অফিচত একপ্ৰকাৰৰ 'ছুনামি' সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। 


২০২৬ ৰ প্ৰথমখন বৃহৎ ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হোৱা এই ছবিখনে পূৰ্বৰ হিট্ ছবি 'চাবা' (Chhaava) আৰু 'ধুৰন্ধৰ' (Dhurandhar) ৰ প্ৰথম সপ্তাহৰ উপাৰ্জনৰ সকলো অভিলেখ ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে।


অনুৰাগ সি‌ঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে মাত্ৰ চাৰি দিনতে দেশীয় বজাৰত ১৯৩.৪৮ কোটি টকা সংগ্ৰহ কৰি এক নতুন ইতিহাস ৰচনা কৰে। ২০২৬ চনৰ ২৩ জানুৱাৰীত মুক্তি লাভ কৰা 'ব'ৰ্ডাৰ ২' ছবিখনে গণতন্ত্ৰ দিৱসৰ ছুটীৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে।


বলিউডৰ শে‌হতীয়া হিট ছবি 'ধুৰন্ধৰে' (২০২৫) প্ৰথম ৩ দিনত উপাৰ্জন কৰিছিল ১০৬.৫০ কোটি টকা আৰু 'ছাবা' (২০২৫) ছবিখনে উপাৰ্জন কৰিছিল ১২১.৪৩ কোটি টকা । আনহাতে দুয়োখন হিট্ ছবিক পিছ পেলাই 'ব'ৰ্ডাৰ-২' (২০২৬) ৱে ১২৯.৮৯ কোটি টকা উপাৰ্জনেৰে নতুন অভিলেখ গঢ়ে। সোমবাৰে অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা ছবিখনে এককভাৱে ৬৩.৫৯ কোটি টকা উপাৰ্জন কৰে, যিটো যিকোনো চিনেমাৰ বাবে এক বিৰল কৃতিত্ব।


ছানি দেউলৰ লগত এইবাৰ অভিনয়ত যোগ দিছে বৰুণ ধাৱান, দিলজিৎ দোচাঞ্জ আৰু আহান শেট্টীয়ে। ১৯৯৭ চনৰ মূল 'ব'ৰ্ডাৰ' চিনেমাখনৰ প্ৰতি থকা আৱেগ আৰু সানি দেউলৰ শক্তিশালী ডাইলগসমূহে দৰ্শকক চিনেমা হললৈ টানি আনিছে।


কেৱল ভাৰততে নহয়, বিশ্বজুৰি 'ব'ৰ্ডাৰ ২'-এ ইতিমধ্যে ২৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। বলিউডৰ বিশেষজ্ঞসকলৰ মতে, যি গতিত চিনেমাখন আগবাঢ়িছে, অতি কম দিনৰ ভিতৰতে ই ৫০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাৰ সম্ভাৱনা। ৰণবীৰ সিঙৰ 'ধুৰন্ধৰ' ছবিয়ে যোৱাটো বৰ্ষত যি দপ্ দপনি তুলিছিল, 'ব'ৰ্ডাৰ ২'-এ এতিয়া সেই স্থান দখল কৰাৰ দিশে অগ্ৰসৰ হৈছে।


প্ৰযোজক ভূষণ কুমাৰ আৰু জে.পি. দত্তৰ এই বৃহৎ বাজেটৰ চিনেমাখনে প্ৰমাণ কৰি দিলে যে আৱেগ আৰু শক্তিশালী কাহিনী থাকিলে বলীউডৰ ছবি আজিও অপ্ৰতিৰোধ্য।



উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ