--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আচলতে এই গীতটোৱে 'বিলবৰ্ড আৰবী চাৰ্ট' (Billboard Arabia Chart) ত সৰ্বাধিক সময়ৰ বাবে শীৰ্ষস্থান দখল কৰি এক বিৰল অভিলেখ গঢ়িছে।

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ শেষৰ ফালে মুক্তি পোৱা বলীউড ছবি 'ধূৰন্ধৰ' এতিয়া কেৱল চিনেমা হলৰ পৰিসৰতে সীমাবদ্ধ হৈ থকা নাই। ছবিখনৰ অতি জনপ্ৰিয় ট্ৰেক 'FA9LA' এ এতিয়া বিশ্ব সংগীতৰ মানচিত্ৰত এক নতুন ইতিহাস ৰচনা কৰিছে। এই গীতটোৰ বাবে বাহৰেইনৰ বিখ্যাত ৰেপাৰ ফ্লিপেৰাচী (Flipperachi) ৰ নাম এতিয়া 'গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ত লিপিবদ্ধ কৰা হৈছে।



আচলতে এই গীতটোৱে 'বিলবৰ্ড আৰবী চাৰ্ট' (Billboard Arabia Chart) ত সৰ্বাধিক সময়ৰ বাবে শীৰ্ষস্থান দখল কৰি এক বিৰল অভিলেখ গঢ়িছে। গীতটোত অভিনেতা অক্ষয় খান্নাৰ অনন্য নৃত্য শৈলীয়ে বিশ্বজুৰি অনুৰাগীক আমোদ দিছিল, যাৰ ফলত ছ’চিয়েল মিডিয়াত লাখ লাখ 'ৰীল' বনাইছিল।


নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰৰ সৈতে ফটো শ্বেয়াৰ কৰি গায়কজনে নিজৰ উছাহ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে:


"মই ভাবিবই পৰা নাছিলো যে আৰবী ভাষাত এবছৰ পূৰ্বেই মুক্তি পোৱা এটা গীত ইমান জনপ্ৰিয় হৈ পৰিব। এই গীতটোৱে একেলগে বিভিন্ন চাৰ্টত শীৰ্ষস্থান দখল কৰিছে।"


কোন এই ফ্লিপেৰাচী?



সংগীত জগতত ফ্লিপেৰাচী নামেৰে পৰিচিত এই শিল্পীগৰাকীৰ প্ৰকৃত নাম হ’ল হুছাম মহম্মদ আছিম। বিগত এক দশক ধৰি আৰবী হিপ-হপ সংগীতৰ সৈতে জড়িত আছিমে মধ্য-প্ৰাচ্যৰ সংগীতক বিশ্বদৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বলীউডত 'ধূৰন্ধৰ'ৰ জৰিয়তে কৰা অভিষেক তেওঁৰ কেৰিয়াৰৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হৈছে।


'ধূৰন্ধৰ ২'ৰ বাবে অপেক্ষা


ফ্লিপেৰাচীৰ এই সফলতাই ভাৰতীয় অনুৰাগীসকলকো উৎসাহিত কৰি তুলিছে। খবৰ অনুসৰি, গায়কজনে অতি শীঘ্ৰেই ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ইফালে, ২০২৬ চনৰ ১৯ মাৰ্চত 'ধূৰন্ধৰ ২' মুক্তি পাবলৈ সাজু হৈছে। ছবিখনৰ দ্বিতীয় খণ্ডতো এনেধৰণৰ কোনো 'ভাইৰেল' গীত থাকিব নেকি, তাক লৈ এতিয়া দৰ্শকৰ মাজত ব্যাপক চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ