--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আচলতে এই গীতটোৱে 'বিলবৰ্ড আৰবী চাৰ্ট' (Billboard Arabia Chart) ত সৰ্বাধিক সময়ৰ বাবে শীৰ্ষস্থান দখল কৰি এক বিৰল অভিলেখ গঢ়িছে।

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ শেষৰ ফালে মুক্তি পোৱা বলীউড ছবি 'ধূৰন্ধৰ' এতিয়া কেৱল চিনেমা হলৰ পৰিসৰতে সীমাবদ্ধ হৈ থকা নাই। ছবিখনৰ অতি জনপ্ৰিয় ট্ৰেক 'FA9LA' এ এতিয়া বিশ্ব সংগীতৰ মানচিত্ৰত এক নতুন ইতিহাস ৰচনা কৰিছে। এই গীতটোৰ বাবে বাহৰেইনৰ বিখ্যাত ৰেপাৰ ফ্লিপেৰাচী (Flipperachi) ৰ নাম এতিয়া 'গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ত লিপিবদ্ধ কৰা হৈছে।



আচলতে এই গীতটোৱে 'বিলবৰ্ড আৰবী চাৰ্ট' (Billboard Arabia Chart) ত সৰ্বাধিক সময়ৰ বাবে শীৰ্ষস্থান দখল কৰি এক বিৰল অভিলেখ গঢ়িছে। গীতটোত অভিনেতা অক্ষয় খান্নাৰ অনন্য নৃত্য শৈলীয়ে বিশ্বজুৰি অনুৰাগীক আমোদ দিছিল, যাৰ ফলত ছ’চিয়েল মিডিয়াত লাখ লাখ 'ৰীল' বনাইছিল।


নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰৰ সৈতে ফটো শ্বেয়াৰ কৰি গায়কজনে নিজৰ উছাহ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে:


"মই ভাবিবই পৰা নাছিলো যে আৰবী ভাষাত এবছৰ পূৰ্বেই মুক্তি পোৱা এটা গীত ইমান জনপ্ৰিয় হৈ পৰিব। এই গীতটোৱে একেলগে বিভিন্ন চাৰ্টত শীৰ্ষস্থান দখল কৰিছে।"


কোন এই ফ্লিপেৰাচী?



সংগীত জগতত ফ্লিপেৰাচী নামেৰে পৰিচিত এই শিল্পীগৰাকীৰ প্ৰকৃত নাম হ’ল হুছাম মহম্মদ আছিম। বিগত এক দশক ধৰি আৰবী হিপ-হপ সংগীতৰ সৈতে জড়িত আছিমে মধ্য-প্ৰাচ্যৰ সংগীতক বিশ্বদৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বলীউডত 'ধূৰন্ধৰ'ৰ জৰিয়তে কৰা অভিষেক তেওঁৰ কেৰিয়াৰৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হৈছে।


'ধূৰন্ধৰ ২'ৰ বাবে অপেক্ষা


ফ্লিপেৰাচীৰ এই সফলতাই ভাৰতীয় অনুৰাগীসকলকো উৎসাহিত কৰি তুলিছে। খবৰ অনুসৰি, গায়কজনে অতি শীঘ্ৰেই ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ইফালে, ২০২৬ চনৰ ১৯ মাৰ্চত 'ধূৰন্ধৰ ২' মুক্তি পাবলৈ সাজু হৈছে। ছবিখনৰ দ্বিতীয় খণ্ডতো এনেধৰণৰ কোনো 'ভাইৰেল' গীত থাকিব নেকি, তাক লৈ এতিয়া দৰ্শকৰ মাজত ব্যাপক চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু