--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রীয়ে জাতীয় চেতনাক প্রতিনিধিত্ব কৰা আৰু বিৰোধিতা কৰাসকলৰ ওপৰত আমাৰ নজৰ থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

ডিজিটেল ডেস্ক : 'অসমীয়া জাতিক নিঃশেষ কৰিবলৈ বিচাৰিলে পৰিস্থিতি বেয়া হ'ব। কোনোবা জাতিৰ বৰঘৰত সোমালে মাত মাতিবই লাগিব।' এই হুংকাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


বুধবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ পক্ষত মাত মতাসকলক সমর্থন জনাই কয়-'লখিমপুৰ, যোৰহাট, শিৱসাগৰ অসমীয়া জাতিৰ বৰঘৰ, এই বৰঘৰতে যদি কোনোবা সোমায় আৰু কোনেও যদি মাত নামাতে তেনেহ'লে জাতিক কোনে উদ্ধাৰ কৰিব?'।


তেওঁৰ মতে আইন হাতত নোলোৱাকৈ জাতীয় সমস্যাৰ হকে মাত মাতিব লাগিব, জাতিয়ে আন্দোলন কৰিব লাগে। জাতিৰ কাম হৈছে প্রতিবাদ কৰা, বাকী কাম হৈছে আৰক্ষীৰ। ইয়াৰ পাছত আৰু কোনো সুযোগ নাহে। ইফালে শিৱসাগৰত ভাৰাঘৰত থকা মিঞা লোকক ঘৰ এৰিবলৈ কিছু দল-সংগঠনে নিৰ্দেশ দিয়াৰ সন্দৰ্ভত তেওঁ কয়, 'ৰাইজে বেয়া পোৱা কাম কৰিব নালাগে। যদি তেওঁলোক তাত থকাটো বেয়া পাইছে তেনেহ'লে তাত থাকিব নালাগে।


অসমত ভাৰাঘৰেই মূল সমস্যা বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে প্রথমে ভাৰাঘৰ লয়, তাৰ পাছত গৰুটো কাটি লয়, তাৰ পাছত মছজিদটো হয় আৰু সত্ৰখন তাৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। এইক্ষেত্রত ছাত্র সংগঠন বা আন সংগঠনে এই কথাবোৰ ৰাজহুৱা কৰাত আপত্তি নাই। তেওঁলোকে ভাৰাঘৰৰ মালিকক আনি কিয় ভাৰা দিছে বুলি প্রশ্ন সুধিব পাৰে, কিন্তু আইন হাতত লৈ ফাইনেল কামটো তেওঁলোকে কৰিব নালাগে।


ইফালে অসমীয়া জাতিৰ প্ৰতি সদায়ে ভাবুকি আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দহ বছৰৰ পাছত আমি তেওঁলোকৰ নিৰ্দেশত চলিব লাগিব। আগ্রাসী মিঞাৰ দখলকাৰীৰ বিৰুদ্ধে একাংশই আত্মসমর্পণ কৰিছে। কিছুমানে যুঁজিবলৈ চেষ্টা কৰি আছে। কিন্তু যুঁজিবলৈ চেষ্টা কৰাসকলকো পিছলৈ টানি থকা হৈছে। মুখ্যমন্ত্রীয়ে জাতীয় চেতনাক প্রতিনিধিত্ব কৰা আৰু বিৰোধিতা কৰাসকলৰ ওপৰত আমাৰ নজৰ থাকিব বুলিও স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ