--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রীয়ে জাতীয় চেতনাক প্রতিনিধিত্ব কৰা আৰু বিৰোধিতা কৰাসকলৰ ওপৰত আমাৰ নজৰ থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

ডিজিটেল ডেস্ক : 'অসমীয়া জাতিক নিঃশেষ কৰিবলৈ বিচাৰিলে পৰিস্থিতি বেয়া হ'ব। কোনোবা জাতিৰ বৰঘৰত সোমালে মাত মাতিবই লাগিব।' এই হুংকাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


বুধবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ পক্ষত মাত মতাসকলক সমর্থন জনাই কয়-'লখিমপুৰ, যোৰহাট, শিৱসাগৰ অসমীয়া জাতিৰ বৰঘৰ, এই বৰঘৰতে যদি কোনোবা সোমায় আৰু কোনেও যদি মাত নামাতে তেনেহ'লে জাতিক কোনে উদ্ধাৰ কৰিব?'।


তেওঁৰ মতে আইন হাতত নোলোৱাকৈ জাতীয় সমস্যাৰ হকে মাত মাতিব লাগিব, জাতিয়ে আন্দোলন কৰিব লাগে। জাতিৰ কাম হৈছে প্রতিবাদ কৰা, বাকী কাম হৈছে আৰক্ষীৰ। ইয়াৰ পাছত আৰু কোনো সুযোগ নাহে। ইফালে শিৱসাগৰত ভাৰাঘৰত থকা মিঞা লোকক ঘৰ এৰিবলৈ কিছু দল-সংগঠনে নিৰ্দেশ দিয়াৰ সন্দৰ্ভত তেওঁ কয়, 'ৰাইজে বেয়া পোৱা কাম কৰিব নালাগে। যদি তেওঁলোক তাত থকাটো বেয়া পাইছে তেনেহ'লে তাত থাকিব নালাগে।


অসমত ভাৰাঘৰেই মূল সমস্যা বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে প্রথমে ভাৰাঘৰ লয়, তাৰ পাছত গৰুটো কাটি লয়, তাৰ পাছত মছজিদটো হয় আৰু সত্ৰখন তাৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। এইক্ষেত্রত ছাত্র সংগঠন বা আন সংগঠনে এই কথাবোৰ ৰাজহুৱা কৰাত আপত্তি নাই। তেওঁলোকে ভাৰাঘৰৰ মালিকক আনি কিয় ভাৰা দিছে বুলি প্রশ্ন সুধিব পাৰে, কিন্তু আইন হাতত লৈ ফাইনেল কামটো তেওঁলোকে কৰিব নালাগে।


ইফালে অসমীয়া জাতিৰ প্ৰতি সদায়ে ভাবুকি আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দহ বছৰৰ পাছত আমি তেওঁলোকৰ নিৰ্দেশত চলিব লাগিব। আগ্রাসী মিঞাৰ দখলকাৰীৰ বিৰুদ্ধে একাংশই আত্মসমর্পণ কৰিছে। কিছুমানে যুঁজিবলৈ চেষ্টা কৰি আছে। কিন্তু যুঁজিবলৈ চেষ্টা কৰাসকলকো পিছলৈ টানি থকা হৈছে। মুখ্যমন্ত্রীয়ে জাতীয় চেতনাক প্রতিনিধিত্ব কৰা আৰু বিৰোধিতা কৰাসকলৰ ওপৰত আমাৰ নজৰ থাকিব বুলিও স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ