--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম চৰকাৰে খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা উচ্ছেদ অভিযানৰ অংশ মেৰাপানীৰ নেঘেৰি বিলৰ ভূমিক লৈ সামাজিক মাধ্যমত এনেদৰে হুংকাৰ প্ৰদান কৰিছে নগাই।

ডিজিটেল ডেস্কঃ 'নগালেণ্ড আৰু অসম চৰকাৰৰ মাজত কি সিদ্ধান্ত হৈছে আমি নাজানো। উচ্ছেদৰ পাছত নেঘেৰিবিল আমাৰ, পূৰ্বপুৰুষৰ মাটি, যিকোনো প্ৰকাৰে ঘূৰাই ল'মেই। সামাজিক মাধ্যমত অসমৰ ভূমিক লৈ এই বিতর্কিত মন্তব্য নগাৰ। সীমান্ত অঞ্চলত উচ্ছেদ কৰাৰ সন্দৰ্ভত আমাৰ লিঅ'লুংচুং, মিকিৰা বস্তি আৰু লুঙায়ং এই তিনিখন গাঁৱৰ ক'ব লগা একো নাই। কিন্তু উচ্ছেদৰ পাছত আমাৰ ককা-আজোককাহঁতৰ মাটিত বহিবলৈ দিয়া নেঘেৰি বিল মাটি নগাৰ হয় আৰু এই ভূমি ঘূৰাই লোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আমাৰ নগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ বুলিও সামাজিক মাধ্যমত মন্তব্য নগাৰ।


উল্লেখযোগ্য যে অসম চৰকাৰে খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা উচ্ছেদ অভিযানৰ অংশ মেৰাপানীৰ নেঘেৰি বিলৰ ভূমিক লৈ সামাজিক মাধ্যমত এনেদৰে হুংকাৰ প্ৰদান কৰিছে নগাই। ইফালে ৮ আগষ্টত মেৰাপানীৰ নেঘেৰি বিলত অবৈধ বেদখলকাৰীক উচ্ছেদ চলাবলৈ গোলাঘাট জিলা প্রশাসনে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময়তে সামাজিক মাধ্যমত নগাই দিয়া এনে হুংকাৰক লৈ মেৰাপানীত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।


লক্ষণীয় বিষয় যে সৰুপথাৰ উৰিয়ামঘাটত অবৈধ বেদখলকাৰীৰ উচ্ছেদৰ পাছত গেলাজান আৰু ২ নং ৰজাপুখুৰী নামৰ গাঁও দুখন নগাৰ মাটি বুলি দাবী কৰাৰ পাছত মেৰাপানীৰ ২নং নেঘেৰিবিলত নগাৰ শেনচকু পৰিছে। ইফালে মেৰাপানীৰ নেঘেৰি বিলেদি নগালেণ্ড-নেঘেৰিবিল সংযোগী পথটো আজি আমি জে চি বি লগাই সাজি আছোঁ বুলিও কোৱাৰ লগতে আৰু কয় যে কিবা কাৰণত অসমৰ লগত নগাৰ সংঘাত হ'লে আমি যাতায়াত কৰাত অসুবিধা হয়।


আমি নেঘেৰি বিলৰ বনভোজস্থলীত আগতেই কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি এখন ছাইন ব'ৰ্ড লগাইছিলোঁ। কিন্তু বিতর্ক হোৱাত দুয়োখন ৰাজ্যৰ সীমান্ত দণ্ডাধীশে মীমাংসা কৰি উঠাই দিয়ে। এই বনভোজস্থলীত আমি আজিৰপৰা সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। অন্যথা আমি বিহিত ব্যৱস্থা ল'ম। নগাৰ এনে ফে'চবুক প'ষ্ট আৰু বিতর্কিত কাৰ্যকলাপৰ পাছতেই তীব্র বিৰোধিতা কৰি জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা।


অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা নিকুঞ্জ মেধিয়ে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে মেৰাপানী সীমান্তৰ নগালেণ্ডৰ তিনিখনকৈ নগা বস্তিৰ কাউঞ্চিলৰ নেঘেৰি বিল দখলৰ ঘোষণা কৰি মুকলি কৰা ভিডিঅ'ক লৈ তীব্ৰ অৰিহণা দিছে। নেঘেৰি বিলৰ গাতে লাগি থকা লিঅ' লুংচুং, মিকিৰাং আৰু লুঙায়ং নামৰ তিনিখনকৈ নগা গাঁৱৰ নগা ভিলেইজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰা বিষয় সহ্য কৰা নহ'ব আৰু অসমৰ মাটিত নগাৰ আগ্রাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে।


অন্যহাতে, নগাৰ এনে দম্ভালিৰ কাৰ্যত খিলঞ্জীয়া অসমীয়া ভূমি পুত্ৰৰ তিলমানো ক্ষতি হ'লে ইয়াৰ বাবে অসম চৰকাৰ আৰু গোলাঘাট জিলা প্রশাসন জগৰীয়া হ'ব বুলি মন্তব্য কৰে। নেঘেৰি বিলৰ বেদখলমুক্ত এলেকাত অসম আৰক্ষীৰ নিয়মীয়া টহল আৰু সীমান্তৰ নেঘেৰিবিলত অতি শীঘ্ৰেই অসম বেটেলিয়নৰ এটা স্থায়ী শিবিৰ নিৰ্মাণৰো দাবী তোলে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাসে।


আনহাতে, এই ক্ষেত্রত কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়ায়ো তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে নেঘেৰিবিলকে ধৰি সৰুপথাৰৰ উৰিয়ামঘাট আদি অতিকে স্পৰ্শকাতৰ সীমান্ত অঞ্চল। গতিকে এই বৃহৎ ভূখণ্ড অসমৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত আছে আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত নিশ্চয়তা প্রদান কৰিব লাগে যে অসমৰ ভূমি কোনো কাৰণতে নগাই আগ্রাসন কৰিব নোৱাৰে। সম্প্রতি এই ঘটনাক লৈ মেৰাপানী সীমান্ত অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ